অসম

assam

ETV Bharat / technology

গুৰুতৰ অভিযোগত গ্ৰেপ্তাৰ টেলিগ্ৰামৰ মুখ্য কাৰ্যবাহী বিষয়া পাভেল ডুৰভ : আজি আদালতত হাজিৰ কৰোৱাৰ সম্ভাৱনা - Telegram Chief arrested in Airport - TELEGRAM CHIEF ARRESTED IN AIRPORT

Telegram Chief Pavel Durov Arrested: ফ্ৰান্সৰ লে ব’ৰ্গেট বিমানবন্দৰত গ্ৰেপ্তাৰ সামাজিক মাধ্যম টেলিগ্ৰামৰ মুখ্য কাৰ্যবাহী বিষয়া পাভেল ডুৰভ ৷ 39 বছৰীয়া ফ্ৰান্স-ৰাছিয়াৰ কোটিপতিগৰাকী আজাৰবাইজানৰ বাকুৰ পৰা অহাৰ পাচতে বিমানবন্দৰত গ্ৰেপ্তাৰ কৰা হয় ৷ দেওবাৰে আদালতত হাজিৰ কৰাৰ সম্ভাৱনা টেলিগ্ৰামৰ চিইঅ’গৰাকীক ।

Telegram messaging app CEO Durov arrested in France
মুখ্য কাৰ্যবাহী বিষয়া পাভেল ডুৰভ (AFP)

By ETV Bharat Tech Team

Published : Aug 25, 2024, 3:31 PM IST

Updated : Aug 26, 2024, 12:06 PM IST

নিউজ ডেস্ক, 25 আগষ্ট:শনিবাৰেফ্ৰান্সৰ এক বিমান বন্দৰত গ্ৰেপ্তাৰ কৰা হয় টেলিগ্ৰামৰ মুখ্য কাৰ্যবাহী বিষয়া পাভেল ডুৰভক ৷ জনপ্ৰিয় মেছেজিং এপৰ ​​সৈতে জড়িত থকা বুলি উত্থাপিত অভিযোগত পেৰিছৰ সমীপৰ বিমানবন্দৰত ফ্ৰান্স আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ডুৰভক ৷ দেওবাৰে আদালতত ডুৰভক হাজিৰ কৰোৱাৰ সম্ভাৱনা আছে বুলি সূত্ৰই এএফপিক জনায় ।

শনিবাৰে সন্ধিয়া ফ্ৰান্সৰ ৰাজধানীৰ উত্তৰে থকা লে ব’ৰ্গেট বিমানবন্দৰত 39 বছৰীয়া ফ্ৰান্স-ৰাছিয়াৰ কোটিপতিগৰাকীক গ্ৰেপ্তাৰ কৰা হয় বুলি এক সূত্ৰত প্ৰকাশ । আজাৰবাইজানৰ বাকুৰ পৰা ডুৰভ আহিছিল বুলি আন এক ঘনিষ্ঠ সূত্ৰত প্ৰকাশ ।

নাবালকৰ বিৰুদ্ধে হিংসা ৰোধ কৰাৰ দায়িত্বত থকা ফ্ৰান্সৰ OFMIN এ জালিয়াতি, ড্ৰাগছ সৰবৰাহ, চাইবাৰ গুণ্ডাগিৰি, সংগঠিত অপৰাধ আৰু সন্ত্ৰাসবাদৰ প্ৰসাৰকে ধৰি বিভিন্ন অভিযোগৰ ভিত্তিত অভিযান চলাই ডুৰভৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছিল বুলি এটা সূত্ৰই জনায় ।

নিজৰ মঞ্চৰ অপৰাধমূলক ব্যৱহাৰ ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে ডুৰভৰ বিৰুদ্ধে । তদন্তকাৰী বিষয়াসকলৰ এজনে কয়, "টেলিগ্ৰামৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰা বহুত হ’ল ৷ আমি আচৰিত হৈছিল যে ডুৰভ ৱাণ্টেড বুলি অৱগত হোৱাৰ পাচত পেৰিছলৈ আহিছিল ।"

ডুবাইত অৱস্থিত এই এনক্ৰিপ্টেড মেছেজিং এপটোৱে নিজকে আমেৰিকাৰ মালিকানাধীন প্লেটফৰ্মৰ বিকল্প হিচাপে নিজকে পৰিচয় দিয়ে ৷ এই এপে ব্যৱহাৰকাৰীৰ ব্যক্তিগত তথ্যৰ বাণিজ্যিক শোষণৰ বাবে সমালোচনাৰ সন্মুখীন হৈ আহিছে । টেলিগ্ৰামে নিজৰ ব্যৱহাৰকাৰীৰ কোনো তথ্য কেতিয়াও প্ৰকাশ নকৰাৰ প্ৰতিশ্ৰুতি দিছে ।

এপ্ৰিল মাহত সোঁপন্থী টক শ্ব’ৰ আয়োজক টাকাৰ কাৰ্লছনক দিয়া এক বিৰল সাক্ষাৎকাৰত ডুৰভে কয় যে তেওঁ বিক্ৰী কৰাৰ পূৰ্বে সৃষ্টি হোৱা ভি কে নামৰ ছ’চিয়েল নেটৱৰ্কত কাম কৰাৰ সময়ত ৰাছিয়া চৰকাৰে প্ৰয়োগ কৰা হেঁচাৰ পিছত এনক্ৰিপ্ট কৰা মেছেজিং এপ এটা মুকলি কৰিম বুলি চিন্তা কৰিছিল ৷

তাৰ পিছত তেওঁ ডুবাইক বাছি লোৱাৰ পূৰ্বে বাৰ্লিন, লণ্ডন, ছিংগাপুৰ আৰু ছান ফ্ৰান্সিস্কোত বসতি স্থাপন কৰিবলৈ চেষ্টা কৰিছিল বুলি উল্লেখ কৰি তাৰ ব্যৱসায়িক পৰিৱেশ আৰু “নিৰপেক্ষতা”ক তেওঁ প্ৰশংসা কৰে ।

ডুৰভে কাৰ্লছনক কয়, "মানুহে স্বাধীনতা ভাল পায় । তেওঁলোকে গোপনীয়তা, স্বাধীনতাও ভাল পায় ৷ কোনোবাই টেলিগ্ৰাম গ্ৰহণ কৰাৰ বহু কাৰণ আছে ।"

সেই সময়ত তেওঁ কৈছিল যে টেলিগ্ৰামত 90 কোটিতকৈ অধিক সক্ৰিয় ব্যৱহাৰকাৰী আছে ।

টেলিগ্ৰামত 2 লাখ পৰ্যন্ত সদস্য গোটৰ অনুমতি দিয়া হৈছে, যাৰ ফলত অভিযোগ উত্থাপন হৈছে যে ইয়াৰ ফলত ভুৱা তথ্য ভাইৰেল তথা বিয়পি পৰিবলৈ সহজ হয় ৷ লগতে ব্যৱহাৰকাৰীসকলে নব্য নাজী, শিশুপ্ৰেমী, ষড়যন্ত্ৰমূলক আৰু সন্ত্ৰাসবাদী বিষয়বস্তু প্ৰচাৰ কৰে ।

প্ৰতিযোগী বাৰ্তা প্ৰেৰণ সেৱা হোৱাটছএপে ভাৰতত লিঞ্চিংৰ সূচনা কৰা ভুৱা তথ্য বিয়পাই দিয়াৰ অভিযোগ উত্থাপন হোৱাৰ পিছত 2019 চনত বাৰ্তা প্ৰেৰণৰ ক্ষেত্ৰত বিশ্বজুৰি সীমাৱদ্ধতা প্ৰৱৰ্তন কৰা হৈছিল ।

ধনী প্ৰবাসী হিচাপে স্বীকৃত পাভেল ডুৰভ

ডুবাইত বাস কৰা এই কোটিপতিগৰাকীয়ে ফ্ৰান্স আৰু সংযুক্ত আৰব আমিৰশ্বাহীৰ (UAE)ৰ দ্বৈত নাগৰিকত্ব লাভ কৰে ।

টেলিগ্ৰামৰ মুখ্য কাৰ্যালয় ডুবাইত অৱস্থিত ৷

2014 চনত ডুৰভকক তেওঁৰ VKontakte ছ’চিয়েল মিডিয়া প্লেটফৰ্মত বিৰোধী পক্ষক নিষিদ্ধ কৰাৰ চৰকাৰী দাবী মানি চলিবলৈ অস্বীকাৰ প্ৰকাশ কৰি ৰাছিয়া এৰি থৈ যায় ।

25 আগষ্টলৈকে ডুৰভ বিশ্বৰ 120 সংখ্যক ধনী ব্যক্তি আছিল, 2022 চনত ডুৰভক ফৰ্বছ আলোচনীয়ে ইউ এ ইৰ আটাইতকৈ ধনী প্ৰবাসী হিচাপে স্বীকৃতি দিছিল ।

খবৰ অনুসৰি ৰাছিয়া এৰি যোৱাৰ পিছত ডুৰভে দেশখনৰ চুগাৰ ইণ্ডাষ্ট্ৰী ডাইভাৰচিফিকেশন ফাউণ্ডেশ্যনক 2 লাখ 50 হাজাৰ ডলাৰ দান কৰি চেণ্ট কিটছ এণ্ড নেভিছৰ নাগৰিকত্ব লাভ কৰে আৰু চুইজাৰলেণ্ডৰ বেংকত নগদ 30 কোটি ডলাৰ লাভ কৰে ।

ইয়াৰ পাচতে ডুৰভে নিজৰ পৰৱৰ্তী কোম্পানী টেলিগ্ৰাম মুকলি কৰিবলৈ মন মেলে । 2018 চনৰ জানুৱাৰী মাহত ডুৰভে ঘোষণা কৰে যে টেলিগ্ৰামৰ ক্ৰমবৰ্ধমান সফলতাক মুদ্ৰাকৰণৰ প্ৰয়াসত তেওঁ "Gram" ক্ৰিপ্টোকাৰেন্সী আৰু TON প্লেটফৰ্ম মুকলি কৰিছে । বিনিয়োগকাৰীৰ পৰা মুঠ 1.7 বিলিয়ন ডলাৰ সংগ্ৰহ কৰে ।

কিন্তু তেওঁৰ ক্ৰিপ্টো উদ্যোগ আমেৰিকাৰ নিয়ন্ত্ৰকে বন্ধ কৰি দিয়ে । 2018 চনত ৰাছিয়াই টেলিগ্ৰামক বাধা প্ৰদানৰ চেষ্টা কৰিছিল, কাৰণ কোম্পানীটোৱে ৰাছিয়াৰ নিৰাপত্তা সেৱাৰ সৈতে সহযোগিতা কৰিবলৈ অস্বীকাৰ কৰিছিল ।

লগতে পঢ়ক:যেন মহাভাৰতৰ কৌৰৱ বাহিনীহে ! ১০০ সন্তানৰ পিতৃ পাভেল ডুৰভ - Telegram CEO Pavel Durov

২০২৩ চনত ব্যৱহাৰকাৰীয়ে আটাইতকৈ বেছি ডিলিট কৰিব খোজা ছ’চিয়েল মিডিয়া এপ ইনষ্টাগ্ৰাম

Last Updated : Aug 26, 2024, 12:06 PM IST

ABOUT THE AUTHOR

...view details