হায়দৰাবাদ: সোমবাৰে ভাৰতী এয়াৰটেলে নতুন মুখ্য কাৰ্যবাহী বিষয়া (চিইঅ’)কে ধৰি শীৰ্ষ পৰ্যায়ৰ পুনৰ গঠনৰ কথা ঘোষণা কৰে । মুখ্য পৰিচালন বিষয়া (চি অ’ অ’) শাশ্বত শৰ্মাই পৰৱৰ্তী পৰিচালন সঞ্চালক (এম ডি) আৰু মুখ্য কাৰ্যবাহী বিষয়া হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ বিপৰীতে বৰ্তমানৰ গোপাল ভিট্টলক 2026 চনৰ ১ জানুৱাৰীৰ পৰা উপ-সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে।
বিগত 12 বছৰ ধৰি নেতৃত্বত আছে ভিট্টাল
“এটা গাঁথনিগত উত্তৰাধিকাৰ প্ৰক্ৰিয়াৰ অংশ হিচাপে গোপালক পৰিচালন সঞ্চালক হোৱাৰ উপৰিও ভাৰতী এয়াৰটেল লিমিটেডৰ উপাধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে । কৌশলগত নিৰ্দেশনা প্ৰদান কৰিবলৈ ভাৰতীৰ মনোনীত সঞ্চালক হিচাপে এয়াৰটেল আফ্ৰিকা পিএলচিৰ ব’ৰ্ডত নিযুক্তি দিয়া হ’ব গোপালক ৷ ” সোমবাৰে ব’ৰ্ডৰ বৈঠকৰ পিছত এয়াৰটেলে এই বিষয়ে জনায় ।
অহা 14 মাহৰ বাবে শৰ্মা কোম্পানীটোৰ চিইঅ’ ডেজিনেটেড হ’ব বুলি দেশৰ দ্বিতীয় বৃহত্তম টেলিকম অপাৰেটৰে প্ৰকাশ কৰিছে । “চিইঅ’য়ে নিযুক্তি দিয়াৰ দৰে শাশ্বতে সমগ্ৰ এণ্ড টু এণ্ড কনজিউমাৰ ব্যৱসায়ৰ বাবে দায়ৱদ্ধ হ’ব । গোপাল ভিট্টেলে শাশ্বতক দায়িত্ব ল’বলৈ মেণ্টৰিং আৰু গ্ৰুমিং কৰাৰ দায়িত্ব ল’ব ।" এয়াৰটেলে জনায় ।
এয়াৰটেলৰ সুচিন্তিত গাঁথনিগত উত্তৰাধিকাৰ পৰিকল্পনাৰ বিশিষ্ট অভিলেখ আছে বুলি জোৰ দি অধ্যক্ষ সুনীল ভাৰতী মিট্টলে এই পদক্ষেপৰ প্ৰশংসা কৰে ।