নিউজ ডেস্ক, 4 ছেপ্টেম্বৰ:দেশত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে নাৰীৰ বিৰুদ্ধে অপৰাধজনিত ঘটনা ৷ আইন-প্ৰশাসন পূৰ্বতকৈ এইক্ষেত্ৰত যথেষ্ট সতৰ্ক হৈছে যদিও হ্ৰাস হোৱা নাই এনে ঘটনাৰ সংখ্যা ৷ যাৰ ফলত এতিয়া নাৰীয়ে নিজৰ সুৰক্ষাৰ কথা চিন্তা কৰিবলগীয়া হৈছে ৷ নাৰীয়ে কি কি সামগ্ৰী ব্যৱহাৰ নিজৰ সৈতে ৰাখি, কেনেদৰে নিজৰ সুৰক্ষা কৰিব পাৰে সেই সন্দৰ্ভত আমি তলত উল্লেখ কৰিলো---
এলাৰ্ম কীচেইন: যেতিয়া মহিলা অথবা ছোৱালীক অকলে খোজকাঢ়ি অহাৰ সময়ত আক্ৰমণকাৰীয়ে আক্ৰমণ কৰে সেই সময়ত এই এলাৰ্ম কীচেইন উপযোগী । দুস্কৃতিকাৰীয়ে নাৰীগৰাকীক প্ৰথমে মুখখনত সোপা দি ধৰে । আনকি ভুক্তভোগীয়ে জোৰকৈ চিঞৰিলে মুখ ঢাকি বা মুখত কাপোৰ সোপা দি দিয়ে ।
সেই ক্ষেত্ৰত, যদি আপুনি এই কিচেইনৰ ওপৰৰ কি'টো টানে আৰু সন্মুখৰ বুটামটো দুবাৰ টিপে, এলাৰ্মটো এটা ডাঙৰ শব্দৰ সৈতে বাজিব । তেতিয়া ভুক্তভোগীৰ চৌপাশৰ মানুহবোৰ সতৰ্ক হৈ পৰিব । যদি সেই সময়ত আপোনাৰ আশে-পাশে কোনো নাথাকে, তেন্তে এই কিচেইনৰ কাষৰ বুটামটো টিপিলে সন্মুখৰ LED লাইটটো জ্বলি উঠিব । আপুনি ইয়াক আনজনৰ চকুত কেন্দ্ৰীভূত কৰি বিপদৰ পৰা সাৰিব পাৰে ।
তাৰ পিছত এলাৰ্ম বন্ধ কৰিবলৈ কিচেইনৰ সন্মুখৰ বুটামটো টিপি ধৰি ৰাখক ।
এই গেজেটটো বাহিৰলৈ ওলোৱাৰ আগতে নাৰীগৰাকীয়ে আঙুলিত বা বেগ বা ডিঙিত থকা লগাই ল’ব পাৰে ।
পেপাৰ স্প্ৰে’
মহিলাৰ আত্মৰক্ষাৰ বাবে পেপাৰ স্প্ৰে’ৰ বটল অতি উপযোগী । বিপদৰ সময়ত দুস্কৃতিকাৰীৰ চকুত স্প্ৰে’ কৰিলে খজুৱতি আৰু জ্বলনি-পোৰণিৰ সৃষ্টি হয় । বিপদৰ ভয়াৱহতাৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকৰ চকুত যিমানবাৰ প্ৰয়োজন সিমানবাৰ স্প্ৰে’ কৰি নিজক বচাব পাৰি । যাৰ ফলত বিপদৰ পৰা ৰক্ষা পাব পাৰি ।
মহিলাসকলে বাহিৰলৈ ওলাই যোৱাৰ সময়ত হেণ্ডবেগত পেপাৰ স্প্ৰে’ কঢ়িওৱাটো ভাল ।
আঙুঠি