নিউজ ডেস্ক, 1 অক্টোবৰ:প্ৰদূষণ হ্ৰাস আৰু শক্তি সঞ্চয়ৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ গুৰুত্ব প্ৰদান কৰিছে ৷ বৈদ্যুতিক বাহনৰ উৎপাদন আৰু ব্যৱহাৰক উৎসাহিত কৰিছে ৷ পুৰণি গাড়ীৰ ঠাইত বৈদ্যুতিক গাড়ীৰ ব্যৱহাৰৰ বাবে একাধিক ৰেহাই প্ৰদানৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷ কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছে 10,900 কোটি টকাৰ (১.৩ বিলিয়ন ডলাৰ) PM E-DRIVE আঁচনি গ্ৰহণ কৰিছে ইলেক্ট্ৰিক ভেহিকেল (ইভি) উদ্যোগক উন্নীত কৰাৰ বাবে । কেন্দ্ৰই ইতিমধ্যে কিছুমান প্ৰকল্পৰ কথা ঘোষণা কৰিছে---
1/ পি এম ই-ড্ৰাইভ কি:
- কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা বৈদ্যুতিক বাহন আঁচনিৰ নাম প্ৰধানমন্ত্ৰীৰ ই-ড্ৰাইভ মডাৰ্ণ ভেহিকেল ডেভেলপমেণ্ট আঁচনি (পি এম ই-ড্ৰাইভ)
- বৈদ্যুতিক বাহনৰ ব্যৱহাৰ বৃদ্ধি আৰু আন্তঃগাঁথনিৰ উন্নয়ন
2) বৈদ্যুতিক বাহনৰ ওপৰত ৰাজসাহায্য:
এই আঁচনিৰ অধীনত বৈদ্যুতিক বাহনৰ বাবে 3679 কোটি টকাৰ ৰাজসাহায্য ঘোষণা কৰা হৈছে ।
- ইলেক্ট্ৰিক বাইক আৰু স্কুটাৰ
- বৈদ্যুতিক তিনিচকীয়া বাহন
- বৈদ্যুতিক এম্বুলেন্স
- বৈদ্যুতিক গধুৰ বাহন
কেৱল বৈদ্যুতিক জৰুৰীকালীন বাহনৰ প্ৰচাৰ আৰু উৎপাদনৰ বাবে 500 কোটি টকা ধাৰ্য কৰা হৈছে । একেদৰে পুৰণি গধুৰ যান-বাহন বাতিল কৰাৰ বাবে 500 কোটি টকা আবণ্টন দিয়া হৈছে । গাড়ী উদ্যোগৰ বিকাশৰ বাবে কেন্দ্ৰৰ এই পদক্ষেপে ভৱিষ্যতে উদ্যোগটোক অধিক গতি প্ৰদান কৰিব ৷
3) ৰাজহুৱা পৰিবহণত বৈদ্যুতিক বাহনৰ ব্যৱহাৰ
কেৱল ব্যক্তিগত খণ্ডত বৈদ্যুতিক বাহনৰ ব্যৱহাৰেই নহয়, ৰাজহুৱা পৰিবহণৰ ক্ষেত্ৰতো বৈদ্যুতিক বাহনৰ ব্যৱহাৰক বিশেষ গুৰুত্ব দিয়া হৈছে । ৰাজহুৱা পৰিবহণত বৈদ্যুতিক যান-বাহনৰ ব্যৱহাৰৰ বাবে 4391 কোটি টকাৰ আবণ্টন ঘোষণা কৰা হৈছে । আগন্তুক দিনত 14,028 খন নতুন বৈদ্যুতিক বাছ চলোৱাৰ পৰিকল্পনা কৰা হৈছে ৷