নিউজ ডেস্ক, 19 জুন: ভাৰতত মুকলি কৰা হৈছে Oppo F27 Pro+ 5G । এই ফোনটোত MediaTek Dimensity 7050 প্ৰচেছৰ, 5,000mAh বেটাৰী আৰু 67W ফাষ্ট চাৰ্জিং চাপৰ্টৰ দৰে বৈশিষ্ট্য আছে । এই হেণ্ডছেটত 64MP ডুৱেল ৰেয়াৰ কেমেৰা ছেটআপ আৰু দুটা ষ্ট’ৰেজ অপচন আছে । এই ফোনটোৰ বাকী থকা বৈশিষ্ট্যসমূহৰ বিষয়ে জানো আহক-
Oppo F27 Pro+ 5G ৰ 8GB + 128GB ভেৰিয়েন্টৰ মূল্য 27,999 টকা আৰু 8GB + 256GB ভেৰিয়েন্টৰ মূল্য 29,999 টকাত নিৰ্ধাৰিত কৰা হৈছে । গ্ৰাহকে ইয়াক Oppo অনলাইন ষ্ট’ৰ, Amazon আৰু Flipkartৰ জৰিয়তে ক্ৰয় কৰিব পাৰে । এই হেণ্ডছেটটো ডাস্ক পিংক আৰু মিডনাইট নেভি ৰঙৰ বিকল্পত মুকলি কৰা হৈছে ।
Oppo F27 Pro+ 5Gৰ স্পেচিফিকেশন
এই স্মাৰ্টফোনটোত আছে 6.7 ইঞ্চি ফুল-এইচডি + (2,412 x 1,080 পিক্সেল) 3D কাৰ্ভড OLED ডিছপ্লে 120Hz ৰিফ্ৰেছ ৰেট, 950nits পৰ্যন্ত পিক ব্ৰাইটনেচ আৰু 240Hz টাচ্চ চেম্পলিংগ ৰেটৰ সৈতে । ইয়াৰ উপৰিও ডিছপ্লেত কৰ্নিং গৰিলা গ্লাছ ভিক্টাছ ২ সুৰক্ষাও প্ৰদান কৰা হৈছে । যাৰ ফলত এই ফোনটো আৰু অধিক সুৰক্ষিত হৈ পৰে ৷
এই স্মাৰ্টফোনটোত আছে ARM Mali-G68 MC4 GPU, 8GB LPDDR4X RAM আৰু 256GB UFS 3.1 পৰ্যন্ত ষ্ট’ৰেজৰ সৈতে অক্টা-কোৰ মিডিয়াটেক ডাইমেনচিটি 7050 প্ৰচেছৰ । Oppo F27 Pro+ 5G এণ্ড্ৰইড 14 ভিত্তিক ColorOS 14.0ত আপুনি ইয়াক ব্যৱহাৰ কৰিব পাৰিব ।