হায়দৰাবাদ: ইলেক্ট্ৰিক দুচকীয়া বাহন নিৰ্মাতা কোম্পানী অলা ইলেক্ট্ৰিকে মুকলি কৰিছে তেওঁলোকৰ Ola S1 Pro ইলেক্ট্ৰিক স্কুটাৰৰ সীমিত সংস্কৰণ । এই সীমিত সংস্কৰণৰ ভিন্নতাক নাম দিয়া হৈছে ‘সোণা’ । এই বৈদ্যুতিক স্কুটাৰখনৰ বহু অংশ 24 কেৰেট সোণৰ সামগ্ৰীৰ দ্বাৰা নিৰ্মিত । কোম্পানীটোৱে কয় যে তেওঁলোকে প্ৰতিযোগিতাৰ জৰিয়তে Ola S1 Pro Sona ৰ সীমিত ইউনিট দিব । অৱশ্যে ইয়াৰ কিমান ইউনিট উৎপাদন হ’ব সেই সন্দৰ্ভত কোম্পানীটোৱে কোনো তথ্য প্ৰদান কৰা নাই ।
এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ অংশগ্ৰহণকাৰীসকলে Ola S1 Pro ইলেক্ট্ৰিক স্কুটাৰৰ সৈতে এটা ইনষ্টাগ্ৰাম ৰিল পোষ্ট কৰিব লাগিব বা Ola Store ৰ বাহিৰত এখন ছবি বা ছেলফি ক্লিক কৰি #OlaSonaContest হেচটেগৰে Ola Electric ক টেগ কৰিব লাগিব । ইয়াৰ পিছত অংশগ্ৰহণকাৰীসকলে 25 ডিচেম্বৰত অলা ষ্ট’ৰত অনুষ্ঠিত হ’বলগীয়া স্ক্ৰেচ-এণ্ড-উইন প্ৰতিযোগিতাৰ জৰিয়তে সীমিত সংস্কৰণৰ স্কুটাৰ এখন জিকিব পাৰিব । এই ইলেক্ট্ৰিক স্কুটাৰখনৰ বহু উপাদান যেনে পিছফালৰ ফুটপেগ, গ্ৰেব ৰেল, ব্ৰেক লিভাৰ আৰু মিৰ’ৰ ষ্টাক 24 কেৰেট সোণৰ পৰা তৈয়াৰ কৰা হৈছে ।
কোম্পানীটোৱে লগতে কয় যে স্কুটাৰখনৰ আসনখন সোণৰ চিলাইৰ সৈতে গাঢ় বেইজ ৰঙৰ নাপ্পা চামৰাৰে সজাই তোলা হৈছে । এই স্কুটাৰখনত অলা এপৰ বাবে সোণৰ থিমযুক্ত ইউজাৰ ইন্টাৰফেছৰ সৈতে মুভঅ’এছৰ সামান্য পৰিৱৰ্তিত সংস্কৰণ, সংস্কৰণ-নিৰ্দিষ্ট ‘ছ’না’ মোড আৰু কাষ্টমাইজড মুভঅ’এছ ডেচব’ৰ্ড আছে ।