হায়দৰাবাদ: ভাৰতীয় বজাৰত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা । ইয়াৰ বাবেই এতিয়া বিভিন্ন বাহন নিৰ্মাতা কোম্পানীসমূহে স্কুটাৰ আৰু বাইকৰ ইলেক্ট্ৰিক সংস্কৰণ নিৰ্মাণত অধিক গুৰুত্ব দিছে । অ’লা ইলেক্ট্ৰিকে কাইলৈ ইলেক্ট্ৰিক বাইক মুকলি কৰাৰ প্ৰস্তুতি চলাইছে । এই প্ৰতিবেদনৰ জৰিয়তে দুচকীয়া বাহনখনত সংযুক্ত বৈশিষ্ট্য আৰু মূল্য জানো আহক...
নতুন বাইক মুকলি কৰিব অ’লা ইলেক্ট্ৰিকে
বুধবাৰে ভাৰতৰ বজাৰত অ’লা ইলেক্ট্ৰিকে মুকলি কৰিব এখন নতুন বাইক । কোম্পানীটোৱে অহা 5 ফেব্ৰুৱাৰীৰ দিনা আনুষ্ঠানিকভাৱে মুকলি কৰিব নতুন বাইকখন । কোম্পানীটোৱে এই তথ্য ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰিছে । কোম্পানীটোৰ অফিচিয়েল ৱেবছাইটত ইচ্ছুক লোকে এই মুকলি অনুষ্ঠানটো লাইভ চাব পাৰিব ।
মুকলি হ’বলগীয়া বাইকখনৰ বিষয়ে
কোম্পানীটোৱে ছ’চিয়েল মিডিয়াত কিছুমান টিজাৰ প্ৰকাশ কৰিছে ৷ টিজাৰত প্ৰকাশিত তথ্য অনুসৰি কাইলৈ অ’লা ইলেক্ট্ৰিকে আনুষ্ঠানিকভাৱে মুকলি কৰিব OLA Roadster X । ইয়াৰ লগতে আৰু কিছু বাইক বজাৰত মুকলি কৰিব অ’লা ইলেক্ট্ৰিকে । ইয়াৰ পূৰ্বে কোম্পানীটোৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া ভৱিষ আগৰৱালাই ছ’চিয়েল মিডিয়াত অ’লা ৰ’ডষ্টাৰ এক্স বাইক সন্দৰ্ভত কিছু ভিডিঅ’ প্ৰকাশ কৰিছে । য’ত তেওঁক বাইক চলাই থকা দেখা গৈছে । ইয়াৰ পিছত আন এটা টিজাৰ মুকলি কৰা হৈছে । য’ত বাইকৰ নাম আৰু তাৰিখ প্ৰকাশ কৰা হৈছে ।
বিশেষত্ব
কোম্পানীটোৱে মুকলি কৰা এই নতুন বাইকখনত বহুতো আকৰ্ষণীয় বৈশিষ্ট্য থাকিব বুলি জানিব পৰা গৈছে । অ’লা ৰ’ডষ্টাৰ এক্স হ’ব এণ্ট্ৰি লেভেল ইলেক্ট্ৰিক বাইক যিয়ে চিবিএছ, ডিস্ক ব্ৰেক, স্প’ৰ্টছ, নৰ্মেল, ইকো ৰাইডিং মোড, অ’লা মেপ টাৰ্ণ-বাই-টাৰ্ণ নেভিগেচন, অ’টিএ আপডেট, ডিজিটেল কি লক আদি বৈশিষ্ট্যৰ সৈতে আহিব ।