হায়দৰাবাদ: শুকুৰবাৰে Nvidia ই বিশ্বৰ আটাইতকৈ মূল্যৱান কোম্পানী হিচাপে স্বাকৃতি লাভ কৰে ৷ এপলক অতিক্ৰম কৰি বজাৰ মূল্য 3.53 ট্ৰিলিয়ন ডলাৰত উপনীত হয় ৷ আইফোন নিৰ্মাতা কোম্পানীটোৰ 3.52 ট্ৰিলিয়ন ডলাৰৰ মূল্যতকৈ অলপ বেছি । ৰয়টাৰৰ মতে, Nvidia ই ষ্টকসমূহত “ৰেকৰ্ড-ছেটিং ৰেলী” দেখা পাইছিল । নতুন ছুপাৰ কম্পিউটিং এআই চিপৰ অপৰিসীম চাহিদাৰ ফলত ষ্টকৰ অভিলেখ সৃষ্টিকাৰী উত্থান ঘটিছে ।
Nvidia ই দিনটোৰ অন্ত পেলাইছে 0.8 শতাংশ বৃদ্ধিৰ বিপৰীতে এপলৰ শ্বেয়াৰৰ মূল্য 0.4 শতাংশ বৃদ্ধি পাইছে । ইফালে মাইক্ৰ’ছফ্টৰ মূল্য 3.18 ট্ৰিলিয়ন ডলাৰ আৰু ষ্টকৰ মূল্য 0.8 শতাংশ বৃদ্ধিৰে তৃতীয় স্থানত আছে ।
জিপিইউ কোম্পানীয়ে বিশ্বৰ আটাইতকৈ মূল্যৱান কোম্পানী হিচাপে পৰিগণিত হোৱাটো প্ৰথম নহয় । জুন মাহত Nvidia ই মাইক্ৰ’ছফ্ট আৰু এপলক অতিক্ৰমি শীৰ্ষস্থান দখল কৰিছিল । যোৱা কেইবামাহো ধৰি এই তিনিটা আগশাৰীৰ ঔদ্যোগিক প্ৰতিষ্ঠানে সম প্ৰতিযোগিতাৰে বজাৰ মূলধনৰ দৌৰত নমা পৰিলক্ষিত হৈছে ৷