চাইবাৰ ক্ৰাইমটো শুনিছেই চাগৈ ৷ কি কি নহয় আজিকালি অনলাইন মানুহৰ লগত ৷ ফোনটোৱেই যে কিমানৰ বাবে কাল হৈছে আজিলৈকে ! টেকন’লজী আগবাঢ়ি যোৱাৰ লগে লগে সমাজত বাঢ়ি আহিছে চাইবাৰ অপৰাধী ৷ এতিয়াটো বাটে-পথে, ৰাস্তাই-ঘাটে অপৰাধী ৷
শেহতীয়াকৈ এটা নতুন কিটিপ লৈছে চাইবাৰ অপৰাধীয়ে ৷ সহায় বিচৰাৰ নামত ফোন বিচাৰি আপোনাৰ সকলো ডাটা উলিয়াই লৈ যাব আৰু আপুনি গমেই নাপাব ৷ প্ৰথমে ইহঁতি আপোনাৰ ওচৰলৈ সহায় বিচাৰি আহি আপোনাৰ ফোনটো বিচাৰিব আৰু আপুনি ফোনটো দি দিয়া মাত্ৰকে আপোনাৰ সকলো কল আৰু মেছেজ তেওঁলোকৰ নম্বৰলৈ ফৰৱাৰ্ড কৰি ল’ব ৷
ভাৰত এনেকুৱা এখন দেশ, য’ত অতিথি সেৱা মুখ্যতঃ থাকে ৷ অৱশ্যে আজিকালি ইমানবোৰ অপৰাধজনিত ঘটনাৰ পিচত হয়তো এইষাৰ কথা সম্পূৰ্ণৰূপে প্ৰযোজ্য নহয় ৷ ভাৰতৰ স্থায়ী বাসিন্দাৰ লগতে এতিয়া অতিথিও বহুত ঠাইত সুৰক্ষিত নহয় ৷ কিন্তু যি হ’লেও ভাৰতবৰ্ষৰ এটা নাম আছে যে ইয়াত মানুহে মানুহক সহায় কৰিবলৈ সদা প্ৰস্তুত ৷ কিছুমান মানুহটো যিকোনো ব্যক্তিকে সহায় কৰিবলৈ সদায়ে সাজু । কোনোবাই সামান্যতম সমস্যা দেখুৱালেও তেওঁলোক আগবাঢ়ি আহে । কেণা তেতিয়াই লাগে যেতিয়া বহু সময়ত ইয়াৰ সুবিধা লৈ অপৰাধীয়ে প্ৰৱঞ্চনা কৰে ৷ বৰ্তমান সময়ত সমগ্ৰ দেশখনতে সক্ৰিয়ৰূপত আছে চাইবাৰ প্ৰৱঞ্চক ।
বহু সময়ত এনেকুৱা হয় যে আপুনি ৰাজহুৱা স্থানত থাকোতে হঠাতে কোনোবাই আপোনাৰ মোবাইল বিচাৰি সহায় আশা কৰে । আপুনি হা না একো ক’ব নোৱাৰা পৰিস্থিতি এটাত পৰে ৷ কোনোবাই ফোনৰ বেটাৰী কম বুলি কয় নতুবা আন কোনোবাই কয় ফোন চুৰি হৈছে বুলি ! মুঠৰ ওপৰত সিহঁতৰ হাজাৰটা বাহানাত আপোনাৰ বহ সময়ত মুখৰ মাত নাইকিয়া হৈ পৰে ৷ এনে পৰিস্থিতিত বেছিভাগ মানুহেই আনজনক সহায় কৰি প্ৰৱঞ্চকৰ লক্ষ্য হৈ পৰে । পিছে এনে লোকো আছে যি জানি বুলি তৎক্ষণাত তেনেকুৱা পৰিস্থিত এৰাই চলিব জানে ৷