হায়দৰাবাদ: ফ্লিপকাৰ্টৰ মালিকানাধীন Myntraই মুকলি কৰিছে ‘M-Now’ নামৰ নতুন এক সেৱা । ইয়াৰ জৰিয়তে গ্ৰাহকে মাত্ৰ 30 মিনিটতে নিজৰ অৰ্ডাৰটো লাভ কৰিব পাৰিব । এই দ্ৰুত বাণিজ্যিক সুবিধা এই মুহূৰ্তত কেৱল বেংগালুৰুতহে মুকলি কৰা হৈছে আৰু কোম্পানীটোৱে কয় যে সময়ৰ লগে লগে ইয়াক দেশৰ অন্যান্য চহৰলৈও সম্প্ৰসাৰিত কৰা হ’ব ।
এই তৎক্ষণাত ডেলিভাৰী কৰা সেৱাটো ফেশ্বন, সৌন্দৰ্য, আনুষংগিক সামগ্ৰীৰ লগতে 10,000 ৰো অধিক শৈলীৰ এক বিস্তৃত ক্ষেত্ৰত ৰূপায়ণ কৰা হৈছে ৷ জানিব পৰা গৈছে যে এই ডেলিভাৰী বৈশিষ্ট্য অহা 3-4 মাহত 1 লাখৰো অধিক সামগ্ৰীলৈ সম্প্ৰসাৰিত কৰা হ’ব । ইয়াৰ লগে লগে এতিয়া Myntra হাইপাৰ স্পীডত ফেশ্বন ডেলিভাৰী আৰম্ভ কৰা বিশ্বৰ বিভিন্ন ছাইটৰ ভিতৰত অন্যতম হৈ পৰিছে ।
Myntra ৰ শীৰ্ষ কাৰ্যবাহী বিষয়া নন্দিতা সিনহাই কয়, "ব্ৰেণ্ডসমূহৰ সৈতে মিলি M-Now ৱে ফেশ্বনৰ সম্ভাৱনা সম্প্ৰসাৰণ আৰু ভাৰতৰ লাইফষ্টাইল শ্বপিং অভিজ্ঞতাক পুনৰ গঢ় দিয়াৰ আমাৰ সামূহিক মিছনক আগুৱাই নিয়াৰ ক্ষেত্ৰত পৰিৱৰ্তনশীল ভূমিকা পালন কৰিব । এয়া মাত্ৰ আৰম্ভণিহে ।"