অসম

assam

ETV Bharat / technology

মুকলিৰ পূৰ্বেই জানক Maruti Suzuki Dzire compact sedan মাইলেজ - MARUTI SUZUKI DZIRE COMPACT SEDAN

Maruti Dzire: ভাৰতীয় বজাৰত মুকলি হ’ল মাৰুতি চুজুকিৰ 2024 চনৰ Maruti Suzuki Dzire compact sedan । ইয়াৰ মূল্য 11 নৱেম্বৰত প্ৰকাশ কৰা হ’ব ।

Mileage of 2024 Maruti Dzire revealed even before launch, know how much it will give in one liter
মুকলিৰ পূৰ্বেই জানক Maruti Suzuki Dzire compact sedan মাইলেজ (Maruti Suzuki)

By ETV Bharat Tech Team

Published : Nov 7, 2024, 5:24 PM IST

হায়দৰাবাদ: থলুৱা গাড়ী নিৰ্মাতা কোম্পানী মাৰুতি চুজুকিয়ে অৱশেষত ভাৰতৰ বজাৰত মুকলি কৰিলে 2024 চনৰ Maruti Suzuki Dzire compact sedan । এই গাড়ীখন শেহতীয়াকৈ মুকলি কৰা চতুৰ্থ প্ৰজন্মৰ মাৰুতি চুইফটৰ আধাৰত নিৰ্মাণ কৰা হৈছে । বৰ্তমান এই গাড়ীখনৰ মূল্য প্ৰকাশ কৰা হোৱা নাই আৰু ইয়াৰ মূল্য 11 নৱেম্বৰত প্ৰকাশ কৰা হ’ব বুলি জানিব পৰা গৈছে ।

কওঁ যে কোম্পানীয়ে এই গাড়ীখনৰ প্ৰি-বুকিং আৰম্ভ কৰিছে আৰু কোম্পানীটোৰ এৰিনা আউটলেটৰ জৰিয়তে বা অনলাইনত 11 হাজাৰ টকাৰ টোকেন ধনেৰে কমপেক্ট চেডানখন বুকিং কৰিব পাৰিব । অনুমান কৰা হৈছে যে ইয়াৰ ডেলিভাৰীও মুকলিৰ পৰাই আৰম্ভ হ’ব । ভাৰতীয় বজাৰত এই গাড়ীখন Hyundai Aura, Honda Amaze আৰু Tata Tigorৰ দৰে গাড়ীৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে ।

2024 চনৰ Maruti Suzuki Dzireৰ ডিজাইন

ইয়াৰ আকাৰৰ কথা ক’বলৈ গ’লে বৰ্তমানৰ মডেলৰ তুলনাত ইয়াত কোনো পৰিৱৰ্তন কৰা হোৱা নাই । আনহাতে, যদি আমি 2024 চনৰ Maruti Suzuki Dzire ৰ বাহিৰৰ অংশলৈ চাওঁ, তেন্তে ইয়াৰ মূল আকৰ্ষণসমূহৰ ভিতৰত আছে নতুন ফ্ৰন্ট আৰু ৰিয়াৰ বাম্পাৰ, অনুভূমিক স্লেটৰ সৈতে ফ্ৰেছ গ্ৰীল, নতুন এল ই ডি হেডলেম্প, মেচিনেৰে নিৰ্মিত এলয় হুইল, ত্ৰিকোণীয় আকৃতিৰ ইনছাৰ্ট আৰু ক্ৰ’মৰ সৈতে নতুন এল ই ডি টেইললাইট বুটলিড ।

2024 চনৰ Maruti Suzuki Dzire ৰ আভ্যন্তৰীণ অংশ

নতুন ডিজাইনৰ ইণ্টেৰিয়ৰৰ কথা ক’বলৈ গ’লে ইয়াত ব্লাইণ্ড স্পট মনিটৰ, 9 ইঞ্চিৰ টাচস্ক্ৰীণ ইনফ’টেইনমেণ্ট চিষ্টেম, ডুৱেল টোন আপহলষ্টৰী, নতুন থ্ৰী স্প’ক ষ্টিয়াৰিং হুইল, অটোমেটিক ক্লাইমেট কণ্ট্ৰ’ল, ৰিয়াৰ এচি ভেণ্ট, ক্ৰুজ কণ্ট্ৰ’ল আৰু 360 ডিগ্ৰী কেমেৰা অন্তৰ্ভুক্ত কৰা হৈছে ৷ ইয়াৰ উপৰিও এই ছেগমেণ্টত প্ৰথমবাৰৰ বাবে ইলেক্ট্ৰিক ছানৰুফকো অন্তৰ্ভুক্ত কৰা হৈছে ।

2024 চনৰ Maruti Suzuki Dzire ৰ পাৱাৰট্ৰেইন

নতুন প্ৰজন্মৰ ডিজাইৰত নতুন 1.2 লিটাৰ, 3 চিলিণ্ডাৰ, জেড ছিৰিজ পেট্ৰ’ল ইঞ্জিন আছে, যিটো 5 স্পীড মেনুৱেল আৰু এএমটি ট্ৰেন্সমিছন বিকল্পৰ সৈতে আগবঢ়োৱা হৈছে । পাৱাৰ আউটপুটলৈ চালে এই ইঞ্জিনে 80bhp শক্তি আৰু 112Nm টৰ্ক উৎপন্ন কৰে । কোম্পানীটোৱে এই গাড়ীখন চিএনজি সংস্কৰণতো আগবঢ়াব । অৱশ্যে এই সংস্কৰণটো পিছত মুকলি কৰা হ’ব ।

2024 চনৰ Maruti Suzuki Dzire ৰ মাইলেজ

নতুন Dzire ৰ মাইলেজৰ তথ্যও প্ৰকাশ পাইছে । ইয়াৰ মেনুৱেল ভেৰিয়েণ্টে প্ৰতি লিটাৰত 24.79 কিলোমিটাৰ মাইলেজ দিব যদিও ইয়াৰ অটোমেটিক ভেৰিয়েণ্টে প্ৰতি লিটাৰত 25.71 কিলোমিটাৰ এ আৰ আই প্ৰমাণিত মাইলেজ দিব । ইয়াৰ উপৰিও এই গাড়ীখনে চিএনজি ইন্ধনত 33.73 কিলোমিটাৰ প্ৰতি কিলোগ্ৰাম মাইলেজ দিব । চাৰিটা ভিন্নতাত এই গাড়ীখন উপলব্ধ LXi, VXi, ZXi আৰু ZXi + ।

লগতে পঢ়ক: ঘোষণা হ’ল Maruti Suzuki Dzire ৰ নতুন সংস্কৰণ মুকলিৰ দিন

উৎসৱৰ বতৰত বজাৰলৈ Maruti Baleno Regal Edition

ABOUT THE AUTHOR

...view details