নিউজ ডেস্ক, 27 ছেপ্টেম্বৰ:ফেচবুকে বাৰ্ষিক অনুষ্ঠান মেটা কানেক্ট 2024 ত কেইবাটাও নতুন সামগ্ৰী মুকলি কৰিছে ।ইয়াৰ লগতে কোম্পানীটোৱে এআই মডেল লামাৰ এডভান্স সংস্কৰণো মুকলি কৰিছে । ইয়াৰ লগতে কোম্পানীটোৱে মিক্সড ৰিয়েলিটি আৰু অগমেণ্টেড ৰিয়েলিটি ডিভাইচো প্ৰৱৰ্তন কৰিছে । ইয়াত জেনেৰেটিভ এআই মডেল প্ৰদান কৰা হৈছে । মেটা কানেক্ট 2024 ত মুকলি কৰা সামগ্ৰীসমূহ---
মেটা কুৱেষ্ট 3S : মেটাৰ শেহতীয়া হেডছেট Meta Quest 3S মুকলি কৰা হৈছে । কোম্পানীটোৱে এই ডিভাইচটো 299.99 ডলাৰত মুকলি কৰিছে । কোম্পানীটোৱে নতুন Quest 3S ৰ ডিজাইনত বিশেষ পৰিৱৰ্তন কৰা নাই যদিও ইয়াত বহুতো নতুন বৈশিষ্ট্য অন্তৰ্ভুক্ত কৰা হৈছে । ইয়াৰ লগতে মেটা হৰাইজন অ’ এছও উন্নীত কৰা হৈছে । এতিয়া ই ইউটিউব, ফেচবুক আৰু ইনষ্টাগ্ৰাম এপসমূহক ভালদৰে সমৰ্থন কৰিব ।
মেটা কুৱেষ্ট 3: মেটা কুৱেষ্ট 3 এছ মুকলি কৰাৰ পিছত মেটাই মেটা কুৱেষ্ট 3 ৰ মূল্য হ্ৰাস কৰিছে । 512 GB ষ্ট’ৰেজৰ সৈতে মেটা কুৱেষ্ট 3 ৰ এতিয়া আৰম্ভণিৰ মূল্য 499.99 ডলাৰত ক্ৰয় কৰিব পাৰিব । কোম্পানীটোৱে ইয়াক 649.99 ডলাৰত মুকলি কৰিছিল ।