অসম

assam

By ETV Bharat Tech Team

Published : 4 hours ago

ETV Bharat / technology

মাত্ৰ 3 টকাত ডাটা, আনলিমিটেড কল আৰু বহু সুবিধা - Affordable recharge plan

Jio 75 Recharge Plan: বিশিষ্ট উদ্যোগপতি মুকেশ আম্বানীৰ ৰিলায়েন্স জিঅ’ কোম্পানীয়ে ইয়াৰ ব্যৱহাৰকাৰীসকলৰ বাবে লৈ আহিছে আকৰ্ষণীয় নতুন ৰিচাৰ্জ প্লেন । য'ত ব্যৱহাৰকাৰীয়ে মাত্ৰ 3 টকাত আনলিমিটেড কল, এছএমএছ আৰু চাবস্ক্ৰিপশ্যনৰ সুবিধা লাভ কৰিব ।

Etv Bharat
মাত্ৰ 3 টকাত ডাটা, আনলিমিটেড কল আৰু বহু সুবিধা (ETV Bharat)

নিউজ ডেস্ক, 1 অক্টোবৰ:জিঅ’ই প্ৰৱৰ্তন কৰিছে নতুন ৰিচাৰ্জ প্লেন । যিটো প্লেনে বহু ব্যৱহাৰকাৰীক আকৰ্ষিত কৰিব । মাত্ৰ 75 টকা ৰিচাৰ্জ কৰিলে 23 দিনৰ বাবে বহুতো সুবিধা লাভ কৰিব । অৰ্থাৎ মাত্ৰ 3 টকাৰ বিনিময়ত আপুনি প্ৰতিদিনে আনলিমিটেড কলৰ লগতে 0.1 GB ডাটা আৰু 50 টা বিনামূলীয়া এছএমএছ লাভ কৰিব । মধ্যবিত্ত লোকসকললৈ লক্ষ্য ৰাখি কোম্পানীয়ে আনিছে এই নতুন সস্তীয়া প্লেন ।

Jio 75 ৰিচাৰ্জ প্লেন

জিঅ’ৰ নতুন ৰিচাৰ্জ প্লেনত প্ৰতিদিনে 0.1 GB ডাটা, আনলিমিটেড কলিং, 50টা বিনামূলীয়া এছএমএছ আৰু অন্যান্য সুবিধাসমূহ মাত্ৰ 3 টকাত উপলব্ধ ৷ মুঠ ডাটা প্ৰদান কৰা হ’ব 2.5 GB উপলব্ধ । গ্ৰাহকে দৈনিক 0.1GB বা 100 মেগাবাইট ডাটা ব্যৱহাৰ কৰিব পাৰিব । এই ডাটা পিৰিয়ড শেষ হোৱাৰ পিছত ব্যৱহাৰকাৰীয়ে অতিৰিক্ত 200 মেগাবাইট ডাটাও পাব । ইয়াৰ লগতে জিঅ’ চিনেমা, জিঅ’ টিভি আৰু জিঅ’ ক্লাউড চাবস্ক্ৰিপশ্যন বিনামূলীয়াকৈ লাভ কৰিব ।

BSNL ৰ সস্তীয়া প্লেনৰ প্ৰতিদ্বন্দী হিচাপে জিঅ’ৰ 75 টকীয়া ৰিচাৰ্জ প্লেন

শেহতীয়াকৈ জিঅ’ৰ ৰিচাৰ্জ প্লেন ব্যয়বহুল হৈ পৰিছে । তাৰ পিছত গ্ৰাহকৰ মাজত বি এছ এন এলৰ তুলনামূলকভাৱে সস্তা ৰিচাৰ্জ প্লেন ব্যৱহাৰকাৰীসকলে পছন্দ কৰিছিল । ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতৰ সৰ্ববৃহৎ টেলিকম ৰিলায়েন্স জিঅ’ই এনে এটা সস্তীয়া প্লেন আৰম্ভ কৰিছে । 2024 চনৰ জুলাই মাহত দেশৰ তিনিটা প্ৰধান ব্যক্তিগত টেলিকম কোম্পানী জিঅ’, এয়াৰটেল আৰু ভোডাফোন আইডিয়া (Vi)এ ক্ৰমে 7.50 লাখ, 16.9 লাখ আৰু 14.1 লাখ গ্ৰাহক হেৰুৱাইছে । কেৱল চৰকাৰী টেলিকম কোম্পানী ভাৰত সঞ্চাৰ নিগম লিমিটেডে লাভ কৰিছে 29.3 লাখ গ্ৰাহক । 2024 চনৰ জুলাই মাহত 3 টা ব্যক্তিগত কোম্পানীয়ে 11-25% শুল্ক বৃদ্ধি কৰে । অৱশ্যে BSNL এ এই শুল্ক বৃদ্ধি কৰা নাছিল ।

গ্ৰাহকক আকৰ্ষণ কৰিবলৈ জিঅ’ৰ নতুন পৰিকল্পনা

মুকেশ আম্বানীৰ মালিকানাধীন টেলিকম কোম্পানীটোৱে আকৌ এবাৰ গ্ৰাহকক আকৰ্ষণ কৰিবলৈ এই প্লেনটো মুকলি কৰিছে ৷ কিয়নো জিঅ’ৰ নতুন ৰিচাৰ্জ প্লেনে দিনটোত মাত্ৰ 3 টকাত ইমানবোৰ সুবিধা প্ৰদান কৰে ।

মাত্ৰ 3 টকাত ডাটা, আনলিমিটেড কল আৰু বহু সুবিধা (ETV Bharat)

গ্ৰাহকৰ সংখ্যা

গ্ৰাহকৰ সংখ্যা হ্ৰাস পোৱাৰ পাছতো মুঠ 47 কোটি ব্যৱহাৰকাৰীৰে ভাৰতৰ টেলিকম উদ্যোগৰ এক নম্বৰ কোম্পানী হিচাপে পৰিগণিত হৈছে জিঅ’ । 38 কোটি গ্ৰাহকেৰে দ্বিতীয় স্থানত আছে ভাৰতী এয়াৰটেল । ইয়াৰ পিছত 21 কোটি গ্ৰাহকৰ সৈতে আছে ভোডাফোন আইডিয়া । ৰিচাৰ্জ প্লেন সস্তীয়া হোৱাৰ পিছতো বি এছ এন এলৰ গ্ৰাহকৰ সংখ্যা 8.8 কোটি ।

লগতে পঢ়ক:ভোডাফোন আইডিয়াৰ সৈতে পুনৰ মিত্ৰতা ন’কিয়াৰ - Vodafone Idea deals with Nokia

Jio গ্ৰাহকৰ বাবে সুখবৰ : ঘৰতে অনায়াসে লাভ কৰক Jio ছিম - Activate SIMs at home

জিঅ’, এয়াৰটেল, ভোডাফোন আইডিয়া - কোনে প্ৰদান কৰিছে উন্নত ৰিচাৰ্জ প্লেন ? - Reliance Jio vs Airtel vs Vi

ABOUT THE AUTHOR

...view details