অসম

assam

ETV Bharat / technology

jio vs airtel: কম মূল্যৰ বিনিময়ত কোনে আপোনাক প্ৰদান কৰিছে প্ৰতিদিনে 2 GB ডাটা - JIO VS AIRTEL

জিঅ’ আৰু এয়াৰটেলৰ 2 GB দৈনিক ডাটা প্লেনৰ ভিতৰত কোনটো অধিক সস্তীয়া, য’ত আপুনি কম মূল্যত অধিক সুবিধা লাভ কৰিব পাৰিব, জানো আহক বিস্তৃত প্ৰতিবেদনযোগে--

jio-vs-airtel-data-recharge-plans-2gb-check-details-in-assamese
jio vs airtel: কম মূল্যৰ বিনিময়ত কোনে আপোনাক প্ৰতিদিনে প্ৰদান কৰিছে 2 GB ডাটা (Jio/Airtel)

By ETV Bharat Tech Team

Published : Jan 22, 2025, 3:51 PM IST

হায়দৰাবাদ: ভাৰতৰ জনপ্ৰিয় তথা আগশাৰীৰ দুটা নেটৱৰ্ক কোম্পানী হ’ল জিঅ’ আৰু এয়াৰটেল ৷ বিভিন্ন সুবিধাৰে সৈতে এই দুটা আগশাৰীৰ নেটৱৰ্কে গ্ৰাহকৰ বাবে মুকলি কৰি আহিছে বিভিন্ন প্লেন ৷ অৱশ্যে শেহতীয়াকৈ প্ৰতিটো নেটৱৰ্কে প্লেনৰ দাম বৃদ্ধি কৰাৰ পাচত বহু গ্ৰাহক নিজৰ বাবে উপযুক্ত অথচ কম মূল্যৰ প্লেন বিচাৰিবলগীয়া হৈছে ৷ আজিৰ এই ডিজিটেল যুগত ৰিচাৰ্জ প্লেন নিৰ্বাচন কৰাৰ সময়ত সকলোৰে প্ৰথম পছন্দ হ’ল ডাটা ৷ সৰ্বাধিক গ্ৰাহক থকা জিঅ’ আৰু এয়াৰটেলৰ প্ৰিপেইড ডাটা প্লেন কেনেকুৱা জানো আহক---

যদি আপুনি Jio বা Airtel SIM ৰ গ্ৰাহক, তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে যথেষ্ট উপযোগী হ'ব পাৰে । এই লেখাটোত আমি আপোনালোকক এয়াৰটেল আৰু জিঅ’ দুয়োটাৰে প্ৰিপেইড ডাটা প্লেনৰ বিষয়ে জনাম আৰু মূল্যৰ আধাৰত সুবিধাবোৰৰ বিষয়ে অৱগত কৰিম । এই প্ৰতিবেদনৰ আধাৰত কোনটো কোম্পানীয়ে আপোনাৰ বাবে 200 টকাৰ তলত সৰ্বোত্তম প্ৰিপেইড প্লেন আগবঢ়াইছে জানিব পাৰিব---

জিঅ’ৰ প্ৰতিদিনে 2 জিবি প্ৰিপেইড প্লেন

মূল্য ডাটা কল এছএমএছ ভেলিডেটী
299 টকা প্ৰতিদিনে 2GB (4G) আনলিমিটেড প্ৰতিদিনে 100 28 দিন
349 টকা প্ৰতিদিনে 2GB (5G) আনলিমিটেড প্ৰতিদিনে 100 28 দিন
448 টকা প্ৰতিদিনে 2GB (5G) আনলিমিটেড প্ৰতিদিনে 100 56 দিন
859 টকা প্ৰতিদিনে 2GB আনলিমিটেড প্ৰতিদিনে 100 84 দিন

জিঅ’ৰ এই 299 টকীয়া প্ৰিপেইড প্লেন ৰিচাৰ্জ কৰিলে প্ৰতিদিনে লাভ কৰিব 2 GB ডাটা, আনলিমিটেড কলিং আৰু 100 টা এছএমএছৰ সুবিধা ৷ ইয়াৰ ভেলিডিটী 28 দিনৰ বাবে ৷ আনহাতে জিঅ’ই 349 মূল্যৰ বিনিময়ত 28 দিনৰ বাবে প্ৰতিদিনে 2 GB ডাটা প্ৰদান কৰাৰ লগতে আনলিমিটেড কল আৰু এছএমএছৰ সুবিধাও প্ৰদান কৰিছে ৷ 56 দিনৰ বাবে 448 টকা মূল্যত আন এটা ৰিচাৰ্জ প্লেন মুকলি কৰিছে ৷ এই প্ৰিপেইড প্লেনতো আছে প্ৰতিদিনে 2 GB ডাটা, আনলিমিটেড কলিং আৰু 100 টা এছএমএছৰ সুবিধা ৷ প্ৰায় 3 মাহ তথা 84 দিনৰ বাবেও জিঅ’ই মুকলি কৰিছে আন এক ৰিচাৰ্জ প্লেন যাৰ মূল্য 859 টকা ৷ এই প্ৰিপেইড প্লেনতো আছে প্ৰতিদিনে 2 GB ডাটাৰ লগতে আন সুবিধাবোৰ ৷

এয়াৰটেলৰপ্ৰতিদিনে 2 জিবি প্ৰিপেইড প্লেন

মূল্য ডাটা কল এছএমএছ ভেলিডেটী
349 টকা প্ৰতিদিনে 2 GB আনলিমিটেড 100 28 দিন
649 টকা প্ৰতিদিনে 2 GB আনলিমিটেড 100 56 দিন
979 টকা প্ৰতিদিনে 2 GB আনলিমিটেড 100 84 দিন

এয়াৰেটেলে 28 দিনৰ বাবে আগবঢ়াইছে 2GB ডাটা 349 টকাৰ বিনিময়ত ৷ ইয়াৰ লগতে এই পেকত আছে আনলিমিটেড কলিং আৰু 100 টা এছএমএছৰ সুবিধা ৷ আনহাতে, 649 টকা ৰিচাৰ্জৰ বিনিময়ত এয়াৰটেলে আগবঢ়াইছে 56 দিনৰ বাবে প্ৰতিদিনে 2GB ডাটাৰ সুবিধা ৷ ইয়াৰ লগতে আছে আনলিমিটেড কলিং আৰু প্ৰতিদিনে 100 টা এছএমএছৰ সুবিধা ৷ আগশাৰীৰ নেটৱৰ্ক কোম্পানীটোৱে 979 টকাৰ আন এক ৰিচাৰ্জ প্লেন আগবঢ়াইছে য’ত গ্ৰাহকে প্ৰতিদিনে লাভ কৰিব 2GB ডাটাৰ লগতে আনলিমিটেড কলিং আৰু 100 টা এছএমএছৰ সুবিধা ৷ এই প্ৰিপেইড প্লেনৰ ভেলিডিটী 84 দিনৰ বাবে ৷

লগতে পঢ়ক: TRAI এ সলালে ছিম কাৰ্ড সক্ৰিয় ৰখাৰ নিয়ম; গ্ৰাহকৰ বাবে বিশেষ সকাহ

জিঅ’ নে এয়াৰটেল-200 টকাতকৈ কম মূল্যত কোনে প্ৰদান কৰিছে উন্নত ৰিচাৰ্জ প্লেন ?

জিঅ’ নে এয়াৰটেল - কোনে প্ৰদান কৰিছে সস্তীয়া ৰিচাৰ্জ প্লেন ?

ABOUT THE AUTHOR

...view details