নেশ্যনেল ডেস্ক, 10 জুন : ইছৰোৰ আদিত্য-এল-1 মহাকাশযানৰ দুটা ৰিম'ট চেঞ্চিং সঁজুলিয়ে শেহতীয়া সৌৰ প্ৰকোপ (Solar Fury) ধৰি ৰাখিছে বুলি মহাকাশ সংস্থাটোৱে সোমবাৰে প্ৰকাশ কৰিছে ৷ ভাৰতৰ প্ৰথম সৌৰ অভিযান আদিত্য-এল-1 2023 চনৰ 2 ছেপ্টেম্বৰত উৎক্ষেপণ কৰাৰ 127 দিন পিচত চলিত বৰ্ষৰ ছয় জানুৱাৰীত লেগ্ৰেঞ্জ পইণ্টত (এল 1) উপনীত হৈছিল ৷ এল 1 পৃথিৱীৰ পৰা প্ৰায় 1.5 নিযুত কিলোমিটাৰ দূৰত অৱস্থিত আৰু ই মহাকাশযানখনক নিৰন্তৰ সূৰ্য চাবলৈ সক্ষম কৰে ৷
ইছৰোৰ এক বিবৃতিত কোৱা হৈছে যে ছ’লাৰ আল্ট্ৰা ভায়োলেট ইমেজিং টেলিস্কোপ (SUIT) আৰু ভিজিবল ইমিছন লাইন ক’ৰ’নাগ্ৰাফ (VELC) য়ে 2024 চনৰ মে’ মাহৰ ভিতৰত সূৰ্যৰ গতিশীল কাৰ্যকলাপক ধৰি ৰাখিছে ৷ ইয়াত কোৱা হৈছে যে, “ক’ৰনেল মাছ ইজেকচন (চি এম ই)ৰ সৈতে জড়িত কেইবাটাও এক্স-ক্লাছ আৰু এম-ক্লাছ ফ্লেয়াৰ ৰেকৰ্ড কৰা হৈছে, যাৰ ফলত উল্লেখযোগ্য ভূ-চুম্বকীয় ধুমুহাৰ সৃষ্টি হয় ৷
লগতে পঢ়ক :মহাকাশত ইন্ধন ষ্টেচন স্থাপন ! অসম্ভৱক সম্ভৱ কৰি তোলাৰ পথত দুই ভাৰতীয় যুৱক - Refuel Satellites In Space
সূৰ্যৰ ওপৰত সক্ৰিয় অঞ্চল এ আৰ 13664, 8-15 মে’ৰ সপ্তাহত ইয়াৰ গতিৰ সময়ত, কেইবাটাও এক্স-ক্লাছ আৰু এম-ক্লাছ ফ্লেয়াৰ বিস্ফোৰণ কৰিছিল, যিবোৰ 8 আৰু 9 মে’ৰ সময়ছোৱাত চি এম ইৰ সৈতে জড়িত আছিল ৷ এইবোৰে 11 মে’ত এক বৃহৎ ভূ-চুম্বকীয় ধুমুহাৰ সৃষ্টি কৰিছিল বুলি কোৱা মহাকশ সংস্থাটোৱে প্ৰকাশ কৰিছে ৷ ইছৰ’ই 17 মে’ত ছুইট পেলোডে অধিগ্ৰহণ কৰা সূৰ্যৰ ছবিসমূহ মুকলি কৰিছিল আৰু ভি এল চিয়ে কৰা পৰ্যবেক্ষণৰ সবিশেষো শ্বেয়াৰ কৰিছিল ৷
উল্লেখ্য যে, চন্দ্ৰযান-৩ ৰ সফলতাৰ পিচতেই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আদিত্য এল-1 ৰ কথা আনুষ্ঠানিক ভাৱে ঘোষণা কৰিছিল ৷ ইয়াৰ পিচতেই ভাৰতৰ প্ৰথম সৌৰ অভিযান আদিত্য-এল-1 2023 চনৰ 2 ছেপ্টেম্বৰত উৎক্ষেপণ কৰা হৈছিল ৷
লগতে পঢ়ক :6 জানুৱাৰীৰ পৰা সূৰ্যক চাবলৈ আৰম্ভ কৰিব ভাৰতৰ আদিত্য এল-1 এ