হায়দৰাবাদ: সোমবাৰৰ বিয়লি ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে এক বৃহৎ ঘোষণা কৰে । 30 ডিচেম্বৰত আৰম্ভ হোৱা ঐতিহাসিক মিছন স্পাডেক্সৰ ডকিং প্ৰক্ৰিয়াৰ দিন পিছুৱাই দিয়া হৈছে । মহাকাশত এই প্ৰক্ৰিয়াটো আজি সংঘটিত হোৱাৰ কথা আছিল । কিন্তু সংস্থাটোৱে ইয়াক 9 জানুৱাৰীলৈ পিছুৱাই দিছে । এই অভিযান ইছৰোৰ বাবে অতি গুৰুত্বপূৰ্ণ কাৰণ এই অভিযান সফল হ’লে ইছৰোকে ধৰি ভৱিষ্যতৰ মহাকাশ অভিযানৰ পথ মুকলি হ’ব ।
এই অভিযানৰ নাম স্পেচ ডকিং এক্সপেৰিমেণ্ট (SpaDex) ৰখা হৈছে। এই অভিযানৰ জৰিয়তে ইছৰোই দুখন মহাকাশযান SDX01 আৰু SDXO2 মহাকাশলৈ প্ৰেৰণ কৰিছে । 30 ডিচেম্বৰৰ নিশা প্ৰায় 10:15 বজাত অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা হয় । 2024 চনৰ শেষৰ ফালে এই অভিযান আৰম্ভ কৰি ইছৰোই ইতিহাসৰ সৃষ্টি কৰিছিল ।
ডকিং আৰু আনডকিং প্ৰক্ৰিয়া কি কি?
মেৰু উপগ্ৰহ উৎক্ষেপণ বাহন (PSLV-C60) য়ে 220 কিলোগ্ৰাম ওজনৰ দুটা উপগ্ৰহ 470 কিলোমিটাৰ দৈৰ্ঘৰ বৃত্তাকাৰ কক্ষপথত স্থাপন কৰিছিল । এই অভিযানৰ জৰিয়তে ইছৰোই মহাকাশত ডকিং আৰু আনডকিং প্ৰক্ৰিয়া পৰীক্ষা কৰিব । ‘ডকিং’ মানে এখন মহাকাশযান আন এখনৰ সৈতে সংযোগ কৰা আৰু ‘আনডকিং’ হৈছে মহাকাশত সংযুক্ত দুখন মহাকাশযানৰ পৃথকীকৰণ । চন্দ্ৰৰ পৰা নমুনা অনা, ভাৰতীয় মহাকাশ কেন্দ্ৰ (বি এছ এছ) নিৰ্মাণৰ দৰে ভাৰতৰ অভিলাষী অভিযানৰ বাবে এই প্ৰযুক্তি অতি গুৰুত্বপূৰ্ণ ।
তাৰিখ কিয় পিছুওৱা হ’ল?