হায়দৰাবাদ: ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই শনিবাৰে ইউৰোপীয় মহাকাশ সংস্থা (ইএছএ)ৰ সৈতে মানৱ মহাকাশ উৰণ অভিযানক আগুৱাই নিয়াৰ লগতে বিশ্বৰ সহযোগিতা বৃদ্ধিৰ বাবে এক চুক্তিত স্বাক্ষৰ কৰে ।
“ইছৰো আৰু ই এছ এয়ে মহাকাশচাৰী প্ৰশিক্ষণ, অভিযান ৰূপায়ণ আৰু গৱেষণা পৰীক্ষাৰ ক্ষেত্ৰত সহযোগিতা কৰাৰ চুক্তিত স্বাক্ষৰ কৰিছে, য’ত আগন্তুক এক্সিয়াম-4 অভিযানৰ বাবে সহযোগিতাও অন্তৰ্ভুক্ত । এই অংশীদাৰিত্বই ভাৰতৰ মানৱ মহাকাশ উৰণৰ ক্ষমতা আৰু বিশ্বব্যাপী সহযোগিতাক আগুৱাই লৈ যায় ।"- ভাৰতীয় মহাকাশ সংস্থাটোৱে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম X ত এনেদৰে শ্বেয়াৰ কৰে ।
এই চুক্তিত স্বাক্ষৰ কৰে মহাকাশ বিভাগৰ ইছৰোৰ সচিব অধ্যক্ষ ড০ এছ সোমনাথ আৰু ই এছ এৰ সঞ্চালক প্ৰধান ড০ জোচেফ আচবাচাৰে । এই চুক্তিত মানৱ মহাকাশ অন্বেষণ আৰু গৱেষণাৰ ক্ষেত্ৰত সহযোগিতামূলক কাৰ্যকলাপৰ কাঠামো প্ৰদান কৰা হৈছে । ইয়াৰ ভিতৰত মহাকাশচাৰী প্ৰশিক্ষণ, পৰীক্ষা বিকাশ আৰু সংহতিৰ বাবে সমৰ্থন, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)ত ই এছ এৰ সুবিধাৰ ব্যৱহাৰকে ধৰি ক্ষেত্ৰসমূহ অন্তৰ্ভুক্ত ।
তদুপৰি এই চুক্তিয়ে মানৱ আৰু জৈৱ চিকিৎসা গৱেষণা পৰীক্ষা ৰূপায়ণৰ লগতে যৌথ শিক্ষা আৰু প্ৰচাৰ কাৰ্যসূচীও বৃদ্ধি কৰিব । সোমনাথে কয়, “ইছৰোৱে মানৱ মহাকাশ উৰণৰ কাৰ্যকলাপৰ বাবে এক ৰোডমেপ নিৰ্ধাৰণ কৰিছে আৰু ভাৰতীয় অন্তৰীক্ষ ষ্টেচন (বিএএছ)ৰ শেহতীয়াকৈ অনুমোদনে মানৱ মহাকাশ উৰণৰ মঞ্চৰ মাজত আন্তঃকাৰ্যক্ষমতা বিকাশৰ সুযোগ উপস্থাপন কৰিছে ।"