অসম

assam

ETV Bharat / technology

অহা সপ্তাহত বজাৰলৈ 2025 বৰ্ষৰ আটাইতকৈ সস্তীয়া আইফোনটো; সাম্ভাব্য দাম কিমান হ’ব ? - IPHONE SE 4 LAUNCH DATE

অহা সপ্তাহত এপলে নতুন আৰু সস্তা দামৰ আইফোনটো মুকলি কৰিব পাৰে । আহক আমি এই আইফোনটোৰ সবিশেষ জানো ।

iphone-se-4-may-launch-next-week-expected-design-specifications-and-features-detail-in-assamese
Iphone SE3 (Apple)

By ETV Bharat Tech Team

Published : Feb 8, 2025, 10:35 AM IST

হায়দৰাবাদ: চলিত বৰ্ষত বজাৰত মুকলি হ’ব এপলৰ নতুন বাজেট ফ্লেইণ্ডলী স্মাৰ্টফোনটো ৷ এপলে নতুন আৰু বাজেট অনুকূল আইফোন মুকলি কৰাৰ প্ৰস্তুতি চলাইছে । এই ফোনটোৰ নাম iPhone SE 4 হ’ব বুলি আশা কৰা হৈছে । 2022 চনত এপলে নিজৰ SE লাইনআপৰ শেষৰটো আইফোন মুকলি কৰিছিল, যাৰ নাম আছিল iPhone SE 3 । এতিয়া আইফোন SE 4 অহা সপ্তাহত এপলে মুকলি কৰিব ।

উল্লেখ্য যে, পূৰ্বৰ বিভিন্ন প্ৰতিবেদন আৰু এই আইফোন লাইনআপ মুকলি কৰাৰ টাইমলাইন চাই এনে লাগিছিল যে কোম্পানীটোৱে 2025 চনৰ মাৰ্চ বা এপ্ৰিল মাহত ইয়াক মুকলি কৰিব পাৰে । কিন্তু এতিয়া ব্লুমবাৰ্গৰ এক নতুন প্ৰতিবেদন অনুসৰি এপলে অহা সপ্তাহত নিজেই এই সস্তীয়া আইফোনটো মুকলি কৰিব ৷ অৱশ্যে ইয়াৰ বিক্ৰী পৰৱৰ্তী সময়ত আৰম্ভ হ’ব । এপলে এই ফোনটো মুকলি কৰিবলৈ লঞ্চ ইভেণ্টৰ আয়োজন নকৰিবও পাৰে বুলি চৰ্চা চলিছে ৷ সাধাৰণতে নিজৰ আইফোন মডেল মুকলি কৰিবলৈ এপলে ইভেণ্টৰ আয়োজন কৰে, কিন্তু এইবাৰ কোম্পানীয়ে ইভেণ্ট অবিহনেই এই ফোনটো লঞ্চ কৰিব বুলি জানিব পৰা গৈছে ।

ডিজাইনৰ পৰিৱৰ্তন হ’ব

আইফোনৰ এই লাইনআপত এতিয়ালৈকে মুকলি কৰা ফোনসমূহৰ ডিজাইন পুৰণি আৰ্হিৰ দৰেই আছিল যদিও এইবাৰ এপলে নতুন ডিজাইনৰ সৈতে আইফোন এছ ই 4 লঞ্চ কৰিব । বহু সংবাদ মাধ্যমৰ বাতৰি অনুসৰি আইফোন SE4 ৰ ডিজাইন আইফোন 14 ৰ দৰে হ’ব আৰু এই ফোনটোত এপলৰ AI চালিত ছফটৱেৰ থাকিব । ভাৰত আৰু চীনৰ দৰে এপলৰ বৃহৎ বজাৰত সস্তীয়া ফোনসমূহৰ নিত্য বৃদ্ধি পোৱা চাহিদা দেখি এপলে কম মূল্যত প্ৰিমিয়াম ফিচাৰ দি এই আইফোনটোৰ জৰিয়তে গ্ৰাহকক আকৰ্ষিত কৰাৰ চেষ্টা চলাব পাৰে ।

2022 চনত মুকলি কৰা iPhone SE 3 ৰ ডিজাইন আছিল পুৰণি । ইয়াত মাত্ৰ এটা হোম বুটাম আছিল আৰু ফেচ আইডিৰ বৈশিষ্ট্যও নাছিল । এতিয়া এই লাইনআপৰ নতুন সংস্কৰণটো নতুন ডিজাইন, নতুন ৰূপ, নতুন স্পেচিফিকেশন আৰু নতুন বৈশিষ্ট্যৰ সৈতে আহিব । ফোনটোৰ ডিজাইন আইফোন 14 ৰ দৰেই হ’ব পাৰে বুলি আশা কৰা হৈছে । এই ফোনটোত ডাঙৰ স্ক্ৰীণৰ লগতে ফেচ আইডি ফিচাৰ থাকিব । ইয়াৰ উপৰিও এই ফোনটো এপলৰ শেহতীয়া A18 চিপত চলিব, যিয়ে এপলৰ AI বৈশিষ্ট্যসমূহ সমৰ্থন কৰিব ।

সাম্ভাব্য দাম

ইয়াৰ উপৰিও ইউৰোপীয় ইউনিয়নৰ নিয়ম মানি চলিবলৈ এপলে হাৰ্ডৱেৰত কিছু গুৰুত্বপূৰ্ণ পৰিৱৰ্তনও কৰিব । উদাহৰণস্বৰূপে, আইফোন SE4 ত ব্যৱহাৰকাৰীয়ে চাৰ্জিঙৰ বাবে ইউএছবি-চি পৰ্ট পাব, যিটো এতিয়ালৈকে আইফোন SE ত উপলব্ধ নাছিল, কিন্তু এতিয়া ইউৰোপীয় সংঘত পুৰণি পৰ্টটো নিষিদ্ধ কৰা হৈছে । অৱশ্যে এপলে এতিয়াও এই স্পেচিফিকেশন আৰু ফিচাৰ নিশ্চিত কৰা নাই । ভাৰতত আইফোন SE 4ৰ দাম প্ৰায় 45 হাজাৰ টকা হ’ব পাৰে বুলি আশা কৰা হৈছে ।

এইবাৰ এপলে নিজৰ আইফোন SE ফোনত বহুতো নতুন ফিচাৰ, লেটেষ্ট চিপছেট, নতুন ডিজাইন আৰু এ আই ফিচাৰ প্ৰদান কৰিবলৈ ওলাইছে । ইয়াৰ বাবেই এই লাইনআপৰ পুৰণি সংস্কৰণতকৈ এপলে এই ফোনটোৰ দাম অলপ বেছি কৰিব পাৰে বুলি আশা কৰা হৈছে । তথাপিও এই ফোনটোৰ দাম গুগল আৰু ছেমছাঙৰ মিডৰেঞ্জ স্মাৰ্টফোনৰ আশে-পাশে থাকিব বুলি সকলোৱে আশা কৰিছে ।

লগতে পঢ়ক

ABOUT THE AUTHOR

...view details