হায়দৰাবাদ: এপলে 2025 চনৰ মাৰ্চ বা এপ্ৰিলৰ আশে-পাশে এটা নতুন ফোন মুকলি কৰিবলৈ ওলাইছে, যাৰ নাম হ’ব পাৰে iPhone SE 4 বা iPhone 16E । সাধাৰণতে এপলে এই চিৰিজটো SE নামেৰে মুকলি কৰিছিল যদিও শেহতীয়া একাংশ বাতৰিত কোৱা হৈছে যে আইফোনৰ এই সস্তীয়া মডেলটো আইফোন SE4 হিচাপে নহয় আইফোন 16E হিচাপে মুকলি কৰিব পাৰে । এপলৰ এই আগন্তুক ফোনটোৰ এটা ডামি ওলাইছে, যিয়ে এই ফোনটোৰ প্ৰথম আভাস দিছে।
লিক হ’ল আইফোন SE 4 ডামি
ডামিটোত আইফোন SE4 দুটা ৰঙত দেখা যায় - বগা আৰু ক’লা । অৰ্থাৎ এপলে এই দুটা ৰঙৰ বিকল্পত এই ফোনটো মুকলি কৰিব পাৰিব । স্মাৰ্টফোনৰ বিষয়ে তথ্য দিয়া জনপ্ৰিয় টিপষ্টাৰ চনী ডিক্সনে নিজৰ X একাউণ্টত এটা পোষ্ট শ্বেয়াৰ কৰিছে । এই পোষ্টটোত তেওঁ এপলৰ এই আগন্তুক ফোনটোৰ দুখন ফটো শ্বেয়াৰ কৰিছে । এই ফটোখনত দেখা গৈছে যে ফোনটো বগা আৰু ক’লা ৰঙৰ বিকল্পত মুকলি কৰিব পাৰে ।
শ্বেয়াৰ কৰা ফটোখনত ফোনটোৰ পিছফাল আৰু কাষৰ কোণ দেখা গৈছে । প্ৰথম দৃষ্টিত এই ফোনটো আইফোন 14 ৰ দৰেই দেখা যায়, যিটো বিগত কেইমাহমানৰ পৰা বহু সংবাদ মাধ্যমৰ বাতৰিত চৰ্চা লাভ কৰা দেখা গৈছে ।
এই ফোনটোৰ পিছফালৰ ওপৰৰ বাওঁফালৰ কোণত আশা কৰা ধৰণে একমাত্ৰ কেমেৰাটো দেখা গৈছে । পিছফালৰ কেমেৰাৰ ঠিক কাষতে এটা ডাঙৰ এল ই ডি ফ্লেছ লাইট দিয়া হৈছে, যিয়ে কম পোহৰত ভাল ছবি তোলাত সহায়ক হ’ব । এই ফোনটোৰ পিছফালৰ ডিজাইন একেবাৰে সমতল দেখা গৈছে ।
এই ফোনটোৰ বাওঁফালে চিম ট্ৰেৰ লগতে ভলিউম বুটাম আৰু তলত এটা ম্যুট চুইচ দেখা যায় । ইয়াত উপস্থিত থকা ম্যুট বুটামটোক পূৰ্বৰ একাংশ প্ৰতিবেদনত একচন বুটাম বুলি দাবী কৰা হৈছিল । অৱশ্যে এয়া সম্ভৱ হ’ব যেন নালাগে ।