নিউজ ডেস্ক, 20 ছেপ্টেম্বৰ:আজিৰে পৰা আৰম্ভ হৈছে বহু প্ৰত্যাশিত আইফোন 16 ৰ বিক্ৰী । ক্ৰেতাসকলে এপল ষ্ট’ৰৰ সন্মুখত নিশাৰে পৰা শাৰী পাতি এই ফোনসমূহ ক্ৰয় কৰিছে । মুম্বাই, দিল্লীকে ধৰি বহু এপল ষ্ট’ৰৰ বাহিৰত ক্ৰেতাসকলে দীঘলীয়া শাৰী পতা দেখিবলৈ পোৱা গৈছে । সম্প্ৰতি এই ভিডিঅ’বোৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা দেখিবলৈ পোৱা গৈছে ।
iPhone 16 Series: শেহতীয়াকৈ কেলিফৰ্ণিয়াত অনুষ্ঠিত হোৱা GloTime ইভেণ্টত এপলে আইফোন 16 ছিৰিজ মুকলি কৰিছে । আইফোন 16 ছিৰিজত এপলে আনিছে চাৰিটা মডেল ক্ৰমে আইফোন 16, আইফোন 16 প্লাছ, আইফোন 16 প্ৰ’ আৰু আইফোন 16 প্ৰ’ মেক্স । ইয়াৰ ভিতৰত ইয়াত দুটা নতুন বুটাম যোগ কৰা হৈছে - যথা এডভান্সড কেমেৰা কণ্ট্ৰল বুটাম আৰু একচন বুটাম । এইবোৰৰ লগতে এই এপল আইফোন 16 ছিৰিজৰ মোবাইলবোৰত আছে বিশেষভাৱে নিৰ্মিত নতুন চিপ A18 ৷
- আইফোন 16 ৰ বৈশিষ্ট্য:
কেপাচিটী: 128, 256, 512 GB
ডিছপ্লে: 6.1 ইঞ্চি
মূল কেমেৰা: 48 মেগা পিক্সেল
সন্মুখৰ কেমেৰা: 12 মেগা পিক্সেল
চাৰ্জাৰ: চিটাইপ
- ৰঙৰ বিকল্পসমূহ
ব্লক
বগা
পিংক
টিল
আল্ট্ৰা মেৰিন
- iPhone 16 Pro ৰ বৈশিষ্ট্য:
কেপাচিটী: 128, 256, 512 GB, 1 TB
ডিছপ্লে: 6.3 ইঞ্চি
মূল কেমেৰা: 48 মেগা পিক্সেল
সন্মুখৰ কেমেৰা: 12 মেগা পিক্সেল
চাৰ্জাৰ: চিটাইপ
- ৰঙৰ বিকল্পসমূহ
ব্লেক টাইটানিয়াম
বগা টাইটানিয়াম