অসম

assam

ETV Bharat / technology

বিকল হৈ পৰিল ইনষ্টাগ্ৰাম সেৱা; সামাজিক মাধ্যমত মিমৰ পয়োভৰ - Instagram is down

Instagram down in India: ইনষ্টাগ্ৰাম এপ্লিকেচন হঠাতে বন্ধ হৈ পৰা বুলি বহু ব্যৱহাৰকাৰীয়ে অভিযোগ উত্থাপন কৰিছে । downdetector.in য়েও ইনষ্টাগ্ৰাম প্ৰকাশ কৰিছে এই বাতৰি ।

By ETV Bharat Tech Team

Published : 5 hours ago

Etv Bharat
বিকল হৈ পৰিল ইনষ্টাগ্ৰাম সেৱা; সামাজিক মাধ্যমত মিমৰ পয়োভৰ (ETV Bharat (File Photo))

নিউজ ডেস্ক, 8 অক্টোবৰ:জনপ্ৰিয় ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ইনষ্টাগ্ৰামৰ সেৱা 8 অক্টোবৰৰ দিনা পুনৰ বন্ধ হৈ পৰিছে । হঠাতে বহু ব্যৱহাৰকাৰীয়ে এই এপটো ব্যৱহাৰ কৰিব পৰা নাই । মানুহে ছ’চিয়েল মিডিয়া আৰু বিভিন্ন ৱেবছাইটৰ বিজুতি নিৰীক্ষণ কৰা ৱেবছাইট ডাউনডিটেক্টৰত ইনষ্টাগ্ৰাম ডাউন হোৱাৰ কথাও প্ৰকাশ কৰিছে ।

পোষ্ট কৰিব নোৱাৰা সমস্যাৰ সন্মুখীন: জানিব পৰা মতে, স্মাৰ্টফোন আৰু ৱেব ফৰ্মেটত এপ্লিকেচনটো ব্যৱহাৰ কৰাৰ সময়ত ব্যৱহাৰকাৰীয়ে সমস্যাৰ সন্মুখীন হৈছে । মাইক্ৰ’ব্লগিং প্লেটফৰ্ম X ত ব্যৱহাৰকাৰীসকলেও ইনষ্টাগ্ৰাম ডাউন বুলি ৰিপ’ৰ্ট কৰিছে । ব্যৱহাৰকাৰীসকলে অভিযোগ তুলি কয়, "কোনো ৰিল বা পোষ্ট নোখোলে । আমি যেতিয়া এপ্লিকেচনটো খোলো, তেতিয়া ডিছপ্লেত ‘ক্ষমা কৰিব, কিবা এটা ভুল হ’ল’ বুলি লিখা দেখিবলৈ পোৱা যায় ।

নচলাৰ অভিযোগ: আনহাতে, বহু ব্যৱহাৰকাৰীয়ে কয় যে তেওঁলোকৰ ইনষ্টাগ্ৰাম চলি থাকে । কিন্তু মাজতে নচলা হৈ যোৱাৰ দৰে সমস্যাৰ সন্মুখীন হৈছে । অৱশ্যে ইনষ্টাগ্ৰাম আৰু ইয়াৰ মূল কোম্পানী মেটাই এই সন্দৰ্ভত কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ কৰা নাই । ইনষ্টাগ্ৰাম ডাউন হোৱাৰ লগে লগে ছ’চিয়েল মিডিয়া মিম তথা হাস্যৰসিকৰ পোষ্টেৰে ভৰি পৰা দেখিবলৈ পোৱা গৈছে ।

স্বয়ংক্ৰিয়ভাৱে লগ আউট: প্ৰায় হাজাৰ ব্যৱহাৰকাৰীয়ে ডাউনডিটেক্টৰত ইনষ্টাগ্ৰাম ডাউন বুলি ৰিপ’ৰ্ট কৰিছে । এই ইনষ্টাগ্ৰাম বিজুতিৰ সমস্যাটো দুপৰীয়া 12 বজাৰ ভিতৰত সংঘটিত হয় । ব্যৱহাৰকাৰীয়ে তেওঁলোকৰ অভিযোগত উল্লেখ কৰিছে, "ইনষ্টাগ্ৰাম ব্যৱহাৰ কৰিব পৰা নাই ।" আনহাতে, একাংশ ব্যৱহাৰকাৰীয়ে ৰিপৰ্ট কৰিছে যে এপ্লিকেচনসমূহ স্বয়ংক্ৰিয়ভাৱে লগ আউট হৈছে ।

ডাউনডিটেক্টৰৰ তথ্য অনুসৰি 64%তকৈ অধিক ব্যৱহাৰকাৰীয়ে এপটোত লগ ইন কৰাত সমস্যাৰ সন্মুখীন হয়, আনহাতে 24% ব্যৱহাৰকাৰীয়ে চাৰ্ভাৰৰ সৈতে সংযোগ কৰাত সমস্যাৰ সন্মুখীন হয় ৷

লগতে পঢ়ক:তৃতীয় পক্ষৰ এপ ব্যৱহাৰ নকৰাকৈ কেনেকৈ ইনষ্টাগ্ৰামৰ ৰীল ডাউনলোড কৰিব ? - HOW TO DOWNLOAD INSTAGRAM REELS

হঠাৎ বিকল ফেচবুক-ইনষ্টা: প্ৰায় এঘন্টা বিশ্বজুৰি হাহাকাৰ

ABOUT THE AUTHOR

...view details