নিউজ ডেস্ক, 30 ছেপ্টেম্বৰ:আই আই টি গুৱাহাটীত নতুন নিয়ম ৷ আই আই টি গুৱাহাটীত নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে নিজৰ স্বাস্থ্য পৰীক্ষাৰ প্ৰমাণ পত্ৰ জমা দিব লাগিব । কাৰণ ইয়াক প্ৰতিষ্ঠানটোৱে বাধ্যতামূলক কৰি তুলিছে । চিকিৎসা পৰীক্ষাৰ প্ৰমাণ পত্ৰ অবিহনে মহাবিদ্যালয়ত নামভৰ্তিৰ অনুমতি দিয়া নহ’ব বুলি আই আই টি গুৱাহাটী কৰ্তৃপক্ষই জনায় । দুৰ্ভাগ্যজনক বিষয় যে চলিত বৰ্ষত আই আই টি চৌহদৰ ভিতৰত প্ৰায় 10 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে আত্মহত্যা কৰাৰ পিছতে শিক্ষানুষ্ঠান কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰিছে ।
10 শিক্ষাৰ্থীৰ আত্মহত্যা
চলিত বৰ্ষত আই আই টি চৌহদৰ ভিতৰত প্ৰায় 10 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে আত্মহত্যা কৰিছে । শেহতীয়াকৈ কম্পিউটাৰ বিজ্ঞানৰ তৃতীয় বৰ্ষৰ এজন ছাত্ৰই আত্মহত্যা কৰে । উত্তৰ প্ৰদেশৰ ছাত্ৰজনে নিজৰ হোষ্টেলৰ কোঠাত আত্মহত্যা কৰে । এই ঘটনাৰ পিছত মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকল প্ৰতিবাদত বহে । আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিষ্ঠানখনত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকলক মানসিকভাৱে সহায় কৰিবলৈ দাবী জনায় ।
বাধ্যতামূলক চিকিৎসা পৰীক্ষা
শেহতীয়াকৈ প্ৰতিষ্ঠানটোৱে এক প্ৰেছ বিজ্ঞপ্তিযোগে কয় যে এনেবোৰ ঘটনা (আত্মহত্যা) অশৈক্ষিক । কিন্তু ছাত্ৰ-ছাত্ৰীৰ কল্যাণৰ বাবে উন্নত সমৰ্থন ব্যৱস্থা আৰু প্ৰতিৰোধমূলক ব্যৱস্থা তৎক্ষণাত কাৰ্যকৰী কৰা হ’ব । ইয়াৰ বাবে আই আই টি গুৱাহাটীয়ে বহু কাম হাতত লৈছে । ইয়াৰ ভিতৰত মুক্ত যোগাযোগ, উন্নত পৰামৰ্শ সেৱা, শিক্ষকৰ দ্বাৰা মেণ্টৰিং ব্যৱস্থা আৰু বিস্তৃত চিকিৎসা পৰীক্ষা আদি অন্তৰ্ভুক্ত । সমান্তৰালভাৱে নামভৰ্তিৰ সময়ত আই আই টি গুৱাহাটীয়ে চিকিৎসা পৰীক্ষা বাধ্যতামূলক কৰিছে । ইয়াৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলে প্ৰয়োজনীয় যত্ন লাভ কৰাটো নিশ্চিত কৰাত সহায়ক হ’ব ।