অসম

assam

ETV Bharat / technology

Google Pay ৰ জৰিয়তে বিল পৰিশোধৰ ক্ষেত্ৰত আদায় দিব লাগিব অতিৰিক্ত মাচুল; হাত সৰাৰ উপায় কি? - GPAY CONVENIENCE FEE

গুগল পেৰ জৰিয়তে একাংশ বিলৰ বাবে আদায় দিব লাগিব অতিৰিক্ত মাচুল তথা কনভেনিয়েঞ্চ ফিচ । কেনেকৈ এৰাই চলিব পাৰি জানক আমাৰ এই প্ৰতিবেদনযোগে ...

how-to-avoid-google-pay-convenience-fee-for-utility-bill-payments-here-are-some-tips-in-assamese
Google Pay ৰ জৰিয়তে বিল পৰিশোধৰ ক্ষেত্ৰত আদায় দিব লাগিব অতিৰিক্ত মাচুল; হাত সৰাৰ উপায় কি? (ETV Bharat File Photo)

By ETV Bharat Tech Team

Published : Feb 23, 2025, 5:04 PM IST

হায়দৰাবাদ: বৰ্তমান ডিজিটেল যুগত সকলোৱে ডিজিটেল লেনদেনৰ বাবে আগ্ৰহী ৷ ডিজিটেল লেনদেনৰ ক্ষেত্ৰত অধিকাংশ লোকৰে প্ৰথম পছন্দ গুগল পে ৷ গৰিষ্ঠসংখ্যক লোকেই গুগল পেৰ জৰিয়তেই বিদ্যুৎ, গেছৰ লগতে বিভিন্ন বিল পৰিশোধ কৰে ৷ যদি আপুনিও গুগল পেৰ জৰিয়তে বিদ্যুৎ আৰু গেছৰ দৰে বিল পৰিশোধ কৰে, তেন্তে এতিয়াৰে পৰা ইয়াৰ বাবে অতিৰিক্ত মাচুল আদায় দিব লাগিব । দেশৰ অন্যতম আগশাৰীৰ UPI প্লেটফৰ্ম G pay ৰ জৰিয়তে ইউটিলিটি সেৱাৰ বাবে পৰিশোধ কৰা ধনৰ বাবে কনভেনিয়েঞ্চ মাচুল আদায় দিব লাগিব । ইয়াৰ পূৰ্বে এই প্লেটফৰ্মে বিল পৰিশোধৰ বাবে কোনো অতিৰিক্ত মাচুল লোৱা নাছিল । কিন্তু এতিয়া ক্ৰেডিট বা ডেবিট কাৰ্ড ব্যৱহাৰ কৰি বিল পৰিশোধ কৰিলে 0.5-1% চাৰ্জ দিব লাগিব । অৱশ্যে একাংশ কৌশল আছে যাৰ জৰিয়তে আপুনি বিলৰ ওপৰত অতিৰিক্ত মাচুল দিয়াৰ পৰা হাত সাৰিব পাৰে ---

ইক’ন’মিক টাইমছৰ প্ৰতিবেদন অনুসৰি যদি আপুনি বিল পৰিশোধৰ বাবে ক্ৰেডিট বা ডেবিট কাৰ্ড ব্যৱহাৰ কৰি আছে, তেন্তে আপুনি 0.5-1 % অতিৰিক্ত মাচুল যোগ কৰি জিএছটি দিব লাগিব । উল্লেখ্য যে, পূৰ্বে গুগল পেই ব্যৱহাৰকাৰীৰ পৰা বিল পৰিশোধৰ বাবে অতিৰিক্ত ধন লোৱা নাছিল । কিন্তু এবছৰ পূৰ্বৰে পৰা গুগল পেই মোবাইল ৰিচাৰ্জত 3 টকা অতিৰিক্ত মাচুল আদায় কৰি আছে । এতিয়া অন্যান্য বিল পৰিশোধৰ ক্ষেত্ৰতো একেই নিয়ম কাৰ্যকৰী কৰিছে ।

কিয় Gpay এ আদায় কৰিছে অতিৰিক্ত মাচুল

ET ৰ এক প্ৰতিবেদন অনুসৰি এজন গ্ৰাহকে বিদ্যুতৰ বিল পৰিশোধ কৰাৰ সময়ত অতিৰিক্ত সুবিধাজনক মাচুল 15 টকা আদায় দিবলগীয়া হৈছিল । ইয়াত জি এছ টিও অন্তৰ্ভুক্ত । গ্লোবেল চাৰ্ভিচেছ ফাৰ্ম পিডব্লিউচিৰ মতে, অংশীদাৰসকলে ইউপিআই লেনদেন প্ৰক্ৰিয়াকৰণত 0.25% ব্যয় কৰে । কোম্পানীটোৱে এই খৰচ বহন কৰিবলৈ এই ৰাজহ গ্ৰহণ কৰিছে বুলি ধাৰণা কৰা হৈছে । ক্ৰমান্বয়ে ইউপিআইৰ লেনদেনৰ গুৰুত্ব বৃদ্ধি পোৱাৰ বিপৰীতে এইধৰণৰ কোম্পানীসমূহে ইয়াৰ জৰিয়তে ধন উপাৰ্জনৰ চেষ্টা চলাইছে । ইউপিআইৰ লেনদেনত অতিৰিক্ত মাচুল লোৱাৰ দাবী উত্থাপন হৈছে ।

অতিৰিক্ত মাচুল আদায় দিয়াৰ পৰা কেনেকৈ হাত সাৰিব ?

যদি আপুনি এই নতুন নিয়ম কাৰ্যকৰী হোৱাৰ পিছতো GPay ব্যৱহাৰ কৰিব বিচাৰে, কিন্তু অতিৰিক্ত মাচুল আদায় দিব নিবিচাৰে, তেন্তে আমি আপোনাক তলত কিছুমান টিপছ দিছো:

  • ইউপিআই-লিংকড বেংক একাউণ্ট ব্যৱহাৰ কৰক: বেংক একাউণ্টৰ পৰা প্ৰত্যক্ষ লেনদেন বিনামূলীয়া ।
  • ইউটিলিটি বিলৰ বাবে ক্ৰেডিট/ডেবিট কাৰ্ডৰ ব্যৱহাৰ এৰাই চলক: ইয়াৰ পৰিৱৰ্তে বেংক ভিত্তিক ইউপিআই পেমেণ্টৰ বাবে বিকল্প বাচনি কৰক ।
  • ধন পৰিশোধ কৰাৰ আগতে পৰীক্ষা কৰক: লেনদেন কৰাৰ আগতে কোনো অতিৰিক্ত কনভেনিয়েঞ্চ মাচুল আছে নেকি পৰীক্ষা কৰক । যদি আছে, তেন্তে আন পদ্ধতি বাচনি কৰক লেনদেনৰ বাবে ।
  • বিকল্প পেমেণ্ট প্লেটফৰ্ম ব্যৱহাৰ কৰক: কিছুমান বেংক আৰু প্লেটফৰ্মে বিল পেমেণ্টৰ বাবে মাচুল লোৱা নাই ।
  • বেংকৰ ৱেবছাইটত অটো-পে বৈশিষ্ট্য বাচনি কৰক: বহু বেংকে কোনো অতিৰিক্ত চাৰ্জ নোহোৱাকৈ ইউটিলিটি বিলৰ বাবে অটো-পেৰ সুবিধা আগবঢ়ায় ।

লগতে পঢ়ক

ABOUT THE AUTHOR

...view details