অসম

assam

ETV Bharat / technology

আকৰ্ষণৰ কেন্দ্ৰবিন্দু iPhone 16 Pro Max ৰ উৎপাদন ব্যয় কিমান আপুনি জানেনে ? - iPhone 16 Pro Max Production Cost

iPhone 16 Pro Max: ভাৰতত চাহিদা বাঢ়িছে iPhone 16 Pro Max ৰ ৷ আপুনি জানেনে ইয়াৰ উৎপাদন ব্যয়ৰ বিষয়ে ?

By ETV Bharat Tech Team

Published : 4 hours ago

Etv Bharat
iPhone 16 Pro Max (Apple India)

নিউজ ডেস্ক, 7 অক্টোবৰ:এপলে মুকলি কৰা আইফোন 16 প্ৰ’ মেক্সৰ চাহিদা বৃদ্ধি হৈছে ভাৰতত । ভাৰতত এই ফোনটোৰ আৰম্ভণিৰ মূল্য 1.40 লাখ টকা, কিন্তু যদি আপুনি আমেৰিকাত থাকে তেন্তে আপুনি ইয়াক আৰু কম মূল্যত কিনিব পাৰিব ।

অৱশ্যে এপলে এই প্ৰিমিয়াম আইফোনটো তৈয়াৰ কৰিবলৈ বিশেষ ধন খৰচ নকৰে, অৱশ্যে ইয়াক আমি বহু ধনৰ বিনিময়ত ক্ৰয় কৰিব লগা হয় । এতিয়া আইফোন 16 প্ৰ’ মেক্স বনাবলৈ এপলে কিমান খৰচ কৰে সেই সন্দৰ্ভত তথ্য প্ৰকাশ হৈছে । আপোনালোকক জনাওঁ যে এই ফোনটো যোৱা বছৰ মুকলি কৰা আইফোন 15 প্ৰ’ মেক্সতকৈ অধিক মূল্যত নিৰ্মাণ কৰা হৈছে ।

আইফোন 16 প্ৰ’ মেক্স বনাবলৈ এপলে কিমান খৰচ কৰে

আইফোন 16 প্ৰ’ মেক্সৰ বিল অৱ মেটেৰিয়েলছ (BoM) সম্পৰ্কে সম্পূৰ্ণ বিৱৰণ টি ডি ক’ৱেনৰ জৰিয়তে আহিছে, যিটো AppleInsider এ নিজৰ প্ৰতিবেদনত উপস্থাপন কৰিছে । এই প্ৰতিবেদন অনুসৰি এপলৰ বাবে আইফোন 16 প্ৰ’ মেক্স 256GB মডেল নিৰ্মাণৰ বাবে মুঠ খৰচ ইয়াৰ পুৰণি আইফোন 15 প্ৰ’ মেক্স মডেলতকৈ প্ৰায় 3 হাজাৰ ডলাৰ বেছি ।

আপোনাৰ জনাওঁ যে এপলে নিজৰ আইফোন 16 প্ৰ’ মেক্স ভেৰিয়েণ্ট নিৰ্মাণৰ বাবে 485 ডলাৰ (প্ৰায় 40,000 টকা) খৰচ কৰিছে, আনহাতে কোম্পানীয়ে আইফোন 15 প্ৰ’ মেক্স নিৰ্মাণৰ বাবে 453 ডলাৰ (প্ৰায় 37,000 টকা) বিনিয়োগ কৰিছিল ।

আইফোন 16 প্ৰ’ মেক্সৰ অধিক উৎপাদন ব্যয়ৰ কাৰণ হ’ব পাৰে নতুন ডিছপ্লে আৰু কেমেৰা ইউনিট, যাৰ মূল্য 80 ডলাৰ (প্ৰায় 6640 টকা) আৰু ই নতুন আইফোনৰ বাবে আটাইতকৈ বৃহৎ কম্পোনেণ্ট খৰচ । আইফোন 16 প্ৰ’ মেক্সৰ নতুন কেমেৰা কণ্ট্ৰল বুটামৰ দাম 19 ডলাৰ (প্ৰায় 1570 টকা), নতুন ৰেমৰ দাম 17 ডলাৰ (প্ৰায় 1400 টকা), আৰু নতুন A18 প্ৰ’ বায়নিক প্ৰচেছৰৰ দাম 45 ডলাৰ (প্ৰায় 3730 টকা) ।

আইফোন 16 প্ৰ’ মেক্সত মুঠ খৰচ

ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিলে যে এপলে নিজৰ নতুন আইফোন 16 প্ৰ’ মেক্সৰ উপাদানসমূহৰ বাবে কিমান খৰচ কৰে । ইয়াৰ বিক্ৰী মূল্যৰ কথা ক’বলৈ গ’লে এই ফোনটো আমেৰিকাত 1199 ডলাৰ (প্ৰায় 99,500 টকা) আৰু ভাৰতত 1.44 লাখ টকাত বিক্ৰী কৰা হৈছে । এতিয়া ইয়াৰ খৰচ আৰু প্ৰকৃত বিক্ৰী মূল্যৰ মাজৰ পাৰ্থক্য বিচাৰিব উজু হ’ব ।

এই মূল্যৰ সৈতে এপলে নতুন প্ৰিমিয়াম আইফোন বিক্ৰী কৰি বৃহৎ মুনাফা আদায় কৰিছে । ইয়াৰ উপৰিও কোম্পানীটোৱে আন আন খৰচ যেনে মাৰ্কেটিং, পেকেজিং, কৰ্মচাৰী আৰু নতুন মডেলত যোগ কৰা কাৰিকৰী উদ্ভাৱনসমূহো বহন কৰিবলগীয়া হয় । নতুন আইফোন 16 প্ৰ’ মেক্সত 6.9 ইঞ্চিৰ ডাঙৰ প্ৰ’ম’চন অ’এলইডি ডিছপ্লে আছে, যিটো A18 Pro চিপছেটৰ দ্বাৰা চালিত ।

লগতে পঢ়ক:শীঘ্ৰেই বজাৰলৈ আটাইতকৈ কম দামৰ iPhone ! - Apple iPhone SE 4 Specifications

ভাৰতত কিয় বেছি iPhone 16 series ৰ দাম ? - iPhone 16 series price in India

ABOUT THE AUTHOR

...view details