হায়দৰাবাদ: আগন্তুক নতুন বছৰৰ পৰা গাড়ী নিৰ্মাতা কোম্পানীসমূহে নিজৰ সামগ্ৰীৰ মূল্য বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে, যাৰ ফলত মানুহৰ বাবে নতুন গাড়ী ক্ৰয় কৰাটোও হৈ পৰিব ব্যয়বহুল । একে সময়তে কম বাজেটত ছেকেণ্ড হেণ্ড গাড়ী ক্ৰয় কৰাসকলৰ বাবেও আহি আছে বেয়া খবৰ । অনাগত সপ্তাহত ছেকেণ্ড হেণ্ড বিক্ৰীৰ বাবে উপলব্ধ ইলেক্ট্ৰিক গাড়ী, চাবকম্পেক্ট ছেডান, এছ ইউ ভি আৰু হেচবেকৰ দাম বৃদ্ধি পাব পাৰে ।
জানিব পৰা মতে, জি এছ টি কাউন্সিলে ব্যৱহৃত গাড়ীৰ বজাৰৰ বাবে জি এছ টি ৰেট ষ্টেণ্ডাৰ্ডাইজেচন কাৰ্যকৰী কৰাৰ কথা চিন্তা কৰিবলৈ ওলাইছে ৷ যাৰ ফলত সৰু গাড়ী আৰু বৈদ্যুতিক বাহন ব্যয়বহুল হ’ব পাৰে । বৰ্তমান এই বজাৰখনত দুটা স্লেবৰ অধীনত কৰ আৰোপ কৰা হয় । ইয়াত 4 মিটাৰতকৈ কম আকাৰৰ ইভি আৰু আভ্যন্তৰীণ দহন মডেলৰ ওপৰত 12 শতাংশ কৰ আৰোপ কৰা হয় ।
ইয়াৰ উপৰিও 1200 চিচিতকৈ কম পেট্ৰ’ল ইঞ্জিন আৰু 1500 চিচিতকৈ কম ডিজেল ইঞ্জিন থকা বাহনত 12 শতাংশ, আৰু আন সকলো মডেলৰ বাবে 18 শতাংশ কৰ আৰোপ কৰা হয় । এই প্ৰতিবেদন অনুসৰি জি এছ টি কাউন্সিলৰ ফিটমেণ্ট কমিটীয়ে সকলো শ্ৰেণীৰ বাহনৰ বাবে এই হাৰ 18 শতাংশ হ’বলৈ পৰামৰ্শ আগবঢ়াইছে ।