অসম

assam

By ETV Bharat Tech Team

Published : 4 hours ago

ETV Bharat / technology

এণ্ড্ৰইড ফোনৰ বাবে গুগলে মুকলি কৰিলে আকৰ্ষণীয় বৈশিষ্ট্য - Google’s Gemini Live

Google Launched Gemini Live: গুগলে সকলো এণ্ড্ৰইড ব্যৱহাৰকাৰীৰ বাবে মুকলি কৰিছে কৃত্ৰিম বুদ্ধিমত্তা চেটবট ভিত্তিক দুমুখীয়া ভইচ চেট ফিচাৰ Google Gemini Live । এই এপটো গুগল প্লে ষ্ট’ৰৰ পৰা ডাউনলোড কৰিব পাৰিব । এই বৈশিষ্ট্যৰ সহায়ত ব্যৱহাৰকাৰীয়ে কি কি সুবিধা লাভ কৰিব জানো আহক---

Etv Bharat
এণ্ড্ৰইড ফোনৰ বাবে গুগলে মুকলি কৰিলে আকৰ্ষণীয় বৈশিষ্ট্য (Getty Images)

নিউজ ডেস্ক, 2 অক্টোবৰ:গুগলৰ কৃত্ৰিম বুদ্ধিমত্তা (AI) চেটবটৰ বাবে দুই তৰপীয়া ভইচ চেট বৈশিষ্ট্য Gemini Live এতিয়া সকলো এণ্ড্ৰইড ব্যৱহাৰকাৰীৰ বাবে উপলব্ধ । প্ৰথমে গুগল ৱান এআই প্ৰিমিয়াম প্লেনৰ জৰিয়তে Gemini ব্যৱহাৰকাৰীৰ বাবে এই বৈশিষ্ট্য মুকলি কৰা হৈছিল যদিও এতিয়া কোম্পানীয়ে ইয়াক সকলো ব্যৱহাৰকাৰীৰ বাবে মুকলি কৰিছে ।

অৱশ্যে এই বৈশিষ্ট্যৰ মূল সংস্কৰণহে ব্যৱহাৰকাৰীৰ বাবে উপলব্ধ কৰা হৈছে । বিনামূলীয়া সেৱাই দহটা ভিন্ন কণ্ঠৰ মাজৰ পৰা পছন্দৰ কণ্ঠটো বাচনি কৰাৰ সুবিধা প্ৰদান নকৰে । চলিত মাহৰ আৰম্ভণিতে এক প্ৰতিবেদনত প্ৰকাশ পাইছিল যে গুগলে এই বৈশিষ্ট্য সকলো এণ্ড্ৰইড ব্যৱহাৰকাৰীৰ বাবে মুকলি কৰিছে ।

এণ্ড্ৰইড ফোনৰ বাবে গুগলে মুকলি কৰিলে আকৰ্ষণীয় বৈশিষ্ট্য (Getty Images)

Gemini Liveআইফোন ব্যৱহাৰকাৰীৰ বাবে নহয়

মন কৰিবলগীয়া যে Gemini Live এপটো এতিয়াও iOS ত উপলব্ধ নহয়, গতিকে Gemini Live বৈশিষ্ট্য আইফোন ব্যৱহাৰকাৰীৰ বাবে উপলব্ধ নহ’ব । অৱশ্যে কম্পেটিবল ডিভাইচ আৰু Gemini Live এপ থকা এণ্ড্ৰইড ব্যৱহাৰকাৰীসকলে এতিয়া মাইক্ৰ’ফোন আৰু কেমেৰা আইকনৰ কাষত তলৰ সোঁফালৰ চুকত স্পাৰ্কল আইকন থকা ৱেভফৰ্ম আইকন দেখা পাব ।

তৰংগ আকৃতিৰ আইকনত টেপ কৰিলে ব্যৱহাৰকাৰীয়ে Gemini Live বৈশিষ্ট্যবোৰৰ সুবিধা আদায় কৰিব পাৰিব । সহজ ভাষাত ক’বলৈ গ’লে ই হৈছে দুমুখীয়া ভয়েচ চেট বৈশিষ্ট্য য’ত ব্যৱহাৰকাৰী আৰু কৃত্ৰিম বুদ্ধিমত্তা দুয়োজনে বাক্যৰ জৰিয়তে কথা পাতে । যদিও কৃত্ৰিম বুদ্ধিমত্তায়ে সাৱলীলভাৱে কথা কয় আৰু সামান্য ভয়েচ মডুলেচন দেখুৱায়, তথাপিও ই ChatGPT এডভান্সড ভইচ মোড বৈশিষ্ট্যৰ সৈতে একে নহয়, যিটো আৱেগিক কণ্ঠ আৰু ব্যৱহাৰকাৰীৰ কথাৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ ক্ষমতাৰ সৈতে উপলব্ধ ।

কিন্তু এই বৈশিষ্ট্যটো তেতিয়াও উপযোগী যেতিয়া ব্যৱহাৰকাৰীসকলে যাতায়তত থাকে আৰু ইমেইলৰ সাৰাংশ পাবলৈ বা কোনো আকৰ্ষণীয় বিষয়ৰ বিষয়ে জানিবলৈ মৌখিক কথা-বতৰা পাতিবলৈ পছন্দ কৰে । Gemini Live ৰ ফুল স্ক্ৰীণ ইন্টাৰফেছ ফোন কলৰ দৰেই । ব্যৱহাৰকাৰীসকলে পৰ্দাৰ মাজত শব্দ তৰংগৰ দৰে আৰ্হি আৰু ধৰি ৰখা আৰু শেষ কৰা বুটামসমূহ দেখিব ।

এণ্ড্ৰইড ফোনৰ বাবে গুগলে মুকলি কৰিলে আকৰ্ষণীয় বৈশিষ্ট্য (Getty Images)

Gemini Live বৈশিষ্ট্য কেনেকৈ ব্যৱহাৰ কৰিব

  • এণ্ড্ৰইড ডিভাইচত Gemini Live এপটো ডাউনলোড কৰি ইনষ্টল কৰক
  • Gemini Live এপটো খোলক
  • পৰ্দাৰ তলৰ সোঁফালে তৰংগ আকৃতিৰ আইকন বিচাৰি উলিয়াওক
  • ইয়াত টেপ কৰক
  • প্ৰথমবাৰৰ বাবে ব্যৱহাৰকাৰীয়ে চৰ্ত আৰু নিয়ম চাব । গ্ৰহণ কৰক
  • এতিয়া আপুনি Gemini Live ৰ লাইভ ইন্টাৰফেচ চাব পাৰিব
  • কৃত্ৰিম বুদ্ধিমত্তাৰ পৰা ট্ৰিগাৰ সঁহাৰিৰ বাবে আপুনি কথা ক’বলৈ আৰম্ভ কৰিব পাৰে
  • বুটামটো ধৰি ৰাখক, আপুনি AI ক pause কৰিব পাৰে আৰু অন্য প্ৰমপ্টৰ সৈতে আগবাঢ়িব পাৰে ।

লগতে পঢ়ক:কৃত্ৰিম বুদ্ধিমত্তা সংযুক্ত Samsung Galaxy S24 FE মুকলি - Samsung Galaxy S24 FE launched

ভুৱা কল-এছএমএছৰ সংখ্যা হ্ৰাসৰ বাবে ব্যৱহৃত হ’ব কৃত্ৰিম বুদ্ধিমত্তা - Al powered network solution

কৃত্ৰিম বুদ্ধিমত্তাই ধৰা পেলাব আপোনাৰ দেহৰ ৰোগ ! - AI detects cancerous tumours

ABOUT THE AUTHOR

...view details