অসম

assam

ETV Bharat / technology

গুগলে মুকলি কৰিলে Android 15

Android 15 feature: গুগলে প্ৰৱৰ্তন কৰিছে শেহতীয়া Android 15 ৰ নতুন বৈশিষ্ট্য । ইয়াৰ বাবে পিক্সেল ব্যৱহাৰকাৰীয়ে পাব এণ্ড্ৰইড 15 আপডেট ।

By ETV Bharat Tech Team

Published : 5 hours ago

Etv Bharat
গুগলে মুকলি কৰিলে Android 15 (Google)

নিউজ ডেস্ক, 17 অক্টোবৰ:Google এ নিজৰ ফ্লেগশ্বিপ পিক্সেল 9 ছিৰিজৰ স্মাৰ্টফোন আৰু টেবলেটৰ বাবে শেহতীয়া এণ্ড্ৰইড 15 ভিত্তিক আপডেট মুকলি কৰিছে । শেহতীয়া এণ্ড্ৰইড অ’ এছ আপডেট স্মাৰ্টফোনলৈ ঠেলি দিয়া প্ৰথমটো ব্ৰেণ্ড হিচাপে পৰিগণিত হৈছে গুগল । ইতিমধ্যে vivo আৰু iQOO ৰ দৰে ব্ৰেণ্ডে তেওঁলোকৰ কিছুমান ডিভাইচ শেহতীয়া Android 15 ভিত্তিক FunTouchOS 15 ৰ সৈতে আপডেট কৰিছে । জানো আহক কোনবোৰ স্মাৰ্টফোন ব্যৱহাৰকাৰীয়ে এণ্ড্ৰইড 15 লাভ কৰিব---

Google Pixel Android 15 আপডেট: Android 15 আপডেটে আপোনাৰ ফোনটোৰ সুৰক্ষা উন্নত কৰিব । আপডেট কৰাৰ পিছত যদি ফোনটো চুৰি হয় তেন্তে ফোনটো পুনৰুদ্ধাৰ কৰিব পৰা যাব । অৱশ্যে এণ্ড্ৰইড 14 আৰু এণ্ড্ৰইড 15 ৰ মাজত বিশেষ পাৰ্থক্য নাই । এণ্ড্ৰইড 15 এ আপোনাক আপোনাৰ চুৰি হোৱা পিক্সেল স্মাৰ্টফোন উদ্ধাৰ কৰাত সহায় কৰিব পাৰে বুলি কোম্পানীটোৱে দাবী কৰিছে । ই ব্যৱহাৰকাৰীসকলক এআই সমৰ্থিত চুৰি ধৰা পেলোৱা লক প্ৰদান কৰে । কোনোবাই আপোনাৰ ফোনটো চুৰি কৰিলে এই বৈশিষ্ট্যই স্বয়ংক্ৰিয়ভাৱে স্মাৰ্টফোনটো লক কৰে ।

এই স্মাৰ্টফোনসমূহ সমৰ্থিত হ’ব

  • Google Pixel 6
  • Google 6 Pro
  • Google Pixel 6a
  • Google Pixel 7
  • Google Pixel 7 Pro
  • Google Pixel 7a
  • Google Pixel 8
  • Google 8 Pro
  • Google Pixel 9
  • Google Pixel 9 Pro
  • Google Pixel 9 Pro Fold
  • Google Pixel Fold
  • Pixel tablet

কেনেকৈ ডাউনলোড কৰিব

1/ প্ৰথমে আপুনি ফোন চেটিংছলৈ যাওক ।

ABOUT THE AUTHOR

...view details