হায়দৰাবাদ: জনপ্ৰিয় অনলাইন শ্বপিং প্লেটফৰ্ম ফ্লিপকাৰ্ট আৰু মিণ্ট্ৰাত বজাৰ কৰাটো এতিয়া ব্যয়বহুল হোৱাৰ সম্ভাৱনা প্ৰচুুৰ । জানিব পৰা মতে, এই অনলাইন ৱেবছাইটসমূহত গ্ৰাহকে কোনো অৰ্ডাৰ দাখিল কৰাৰ পাচত বাতিল কৰিলে অতিৰিক্ত ধন ভৰিব লাগিব ।
বৰ্তমান অনলাইন শ্বপিং বহুতৰে দৈনন্দিন জীৱনৰ এটা অংশ হৈ পৰিছে । কিয়নো নিজৰ স্মাৰ্টফোনটোৰ জৰিয়তে যিকোনো স্থানৰ পৰাই আৰামতে পছন্দৰ যিকোনো বস্তু ক্ৰয় কৰিব পাৰি । কিন্তু এতিয়াৰে পৰা ফ্লিপকাৰ্টত অৰ্ডাৰ বাতিল কৰিলে আপোনাৰ বাবে সেয়া খৰচী হ’ব । কাৰণ শ্বপিং কোম্পানীটোৱে এতিয়া অৰ্ডাৰ বাতিল কৰাৰ বাবে মাচুল আদায়ৰ সিদ্ধান্ত লৈছে । নিৰ্দিষ্ট সময়ৰ পিছত যদি কোনো অৰ্ডাৰ বাতিল হয় তেন্তে গ্ৰাহকে মাচুল দিব লাগিব বুলি সূত্ৰই প্ৰকাশ কৰিছে । কোৱা হৈছে যে এই নতুন ব্যৱস্থাটো ফ্লিপকাৰ্ট, মিণ্ট্ৰা, বিক্ৰেতা আৰু ডেলিভাৰী কৰা লোকে প্ৰৱৰ্তন কৰিছে যাতে গ্ৰাহকে তেওঁলোকৰ সময় আৰু ধন অপচয় নকৰে । এই দিশলৈ লক্ষ্য ৰাখিয়েই অৰ্ডাৰ বাতিল কৰাৰ বাবে মাচুল লোৱাৰ সিদ্ধান্ত লোৱা হৈছে । এই সন্দৰ্ভত অভিষেক যাদৱে এক্সত লিখিছে, "ফ্লিপকাৰ্ট আৰু মিণ্ট্ৰাই নতুন নীতিৰ অংশ হিচাপে 20% অৰ্ডাৰ বাতিল মাচুল কাৰ্যকৰী কৰিছে ।"
মিণ্ট্ৰাৰ প্ৰতিক্ৰিয়া
মিণ্ট্ৰাই স্পষ্ট কৰি দিয়ে যে তেওঁলোকে বৰ্তমান পৰ্যন্ত কোনো মাচুল লোৱা নাই । ছ’চিয়েল মিডিয়াত প্ৰকাশিত তথ্য ভুৱা । অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে ফ্লিপকাৰ্টৰ পৰা কোনো আনুষ্ঠানিক সঁহাৰি পোৱা নাই ।