নিউজ ডেস্ক, 31 আগষ্ট:বিশ্বজুৰি হোৱাজলবায়ু পৰিৱৰ্তনে ক্ৰমাৎ গ্ৰহণ কৰিছে উদ্বেগজনক ৰূপ ৷ জলবায়ু পৰিৱৰ্তনৰ ফলত ছালমনেলা এণ্টেৰিকা নামৰ খাদ্যজনিত ৰোগৰ সম্ভাৱনা বৃদ্ধি পাব বুলি শেহতীয়া এক অধ্যয়নত প্ৰকাশ পাইছে । আমেৰিকান ছ’চাইটি ফৰ মাইক্ৰ’বায়’লজীৰ জাৰ্নেল এপ্লাইড এণ্ড এনভাইৰ’নমেণ্টেল মাইক্ৰ’বায়’লজীত প্ৰকাশ পাইছে এই গৱেষণাৰ বিষয়ে ।
আমেৰিকাত প্ৰতি বছৰে 12 লাখ লোকৰ দেহত ৰোগৰ সৃষ্টি কৰে এছ এণ্টেৰিকাই । শেহতীয়া বছৰবোৰত সংক্ৰমণ ঘটিছে দূষিত সতেজ উৎপাদিত সামগ্ৰী সেৱনৰ দ্বাৰা । ছালমনেলা একাধিক কৃষি শস্যত জীয়াই থাকে আৰু মাটিত দীৰ্ঘদিন ধৰি থাকে । গৱেষকসকলে বিচাৰি উলিয়াইছে যে ছালমনেলাই অন্য জীৱৰ দ্বাৰা উদ্ভিদৰ পৰিৱেশত হোৱা পৰিৱৰ্তনৰ শোষণ কৰে । বেক্টেৰিয়াজনিত ফাইটোপেথ’জেন (উদ্ভিদত ৰোগ সৃষ্টি কৰা জীৱ) দ্বাৰা আক্ৰান্ত উদ্ভিদে এই মানুহৰ আন্ত্ৰিক ৰোগকাৰক জীৱাণুৰ বাবে স্থায়িত্ব বৃদ্ধি কৰে ।
উইচকনচিন-মেডিচন বিশ্ববিদ্যালয়ৰ উদ্ভিদ ৰোগ বিজ্ঞান বিভাগৰ অধ্যাপিক জেৰী বাৰাকে কয়, “ৰোগৰ দ্বাৰা পৰিৱৰ্তিত হোৱাটো আচৰিত কথা নহয় । আমোদজনক কথাটো হ’ল এই পৰিৱৰ্তনে ৰোগ সৃষ্টিকাৰী জীৱাণুৰ উপৰিও বেক্টেৰিয়া সম্প্ৰদায়ৰ আন সদস্যসকলক কেনেদৰে প্ৰভাৱিত কৰে । তদুপৰি, সতেজ উদ্ভিদৰ ওপৰত আৰ্দ্ৰতা বৃদ্ধিৰ প্ৰভাৱে উদ্ভিদৰ ওপৰত ছালমনেলাৰ অস্তিত্বকো সমৰ্থন কৰে । জলবায়ু পৰিৱৰ্তনে কেঁচা উৎপাদিত সামগ্ৰী সেৱনৰ ফলত খাদ্যজনিত ৰোগৰ আশংকা বৃদ্ধি কৰিব ।"