অসম

assam

ETV Bharat / technology

16 অক্টোবৰত বজাৰলৈ New Bajaj Pulsar N125

New Bajaj Pulsar N125: চলিত মাহতেই বজাৰলৈ অহাৰ সম্ভাৱনা দুচকীয়া বাহন নিৰ্মাতা কোম্পানী বাজাজ অটোৰ নতুন বাজাজ পালছাৰ N125 ।

By ETV Bharat Tech Team

Published : Oct 14, 2024, 7:04 PM IST

Etv Bharat
16 অক্টোবৰত বজাৰলৈ New Bajaj Pulsar N125 (Bajaj Auto)

নিউজ ডেস্ক, 14 অক্টোবৰ:ঘৰুৱা মটৰ চাইকেল নিৰ্মাতা বাজাজ অটোৰ পালছাৰ লাইনআপ বাইক প্ৰেমীৰ মাজত যথেষ্ট জনপ্ৰিয় । কোম্পানীটোৱে নিজৰ লাইনআপত থকা সকলো বাইককে নেকেট এন বডি ষ্টাইল দিছে, মাত্ৰ ইয়াৰ 125 CC বাইকখন কেৱল বেচিক আৰু এন এছ ফৰ্মতহে বিক্ৰী কৰা হৈছে । কিন্তু এতিয়া কোম্পানীটোৱে শীঘ্ৰে বজাৰত মুকলি কৰিবলৈ ওলাইছে new Bajaj Pulsar N125 ।

সংবাদ মাধ্যমে জনোৱা অনুসৰি চলিত সপ্তাহৰ 16 অক্টোবৰত new Bajaj Pulsar N125 মুকলি কৰিব পাৰিব ।

কাৰ সৈতে প্ৰতিযোগিতাত নামিব ?

এই বাইকখনৰ মুকলি কোম্পানীটোৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ, কিয়নো এই মটৰ চাইকেলে ব্যৱহাৰিকতা আৰু বাঞ্ছনীয় দুয়োটা দিশ প্ৰদান কৰা TVS Raider আৰু Hero Xtreme ৰ দৰে জনপ্ৰিয় নতুন প্ৰজন্মৰ 125 মটৰ চাইকেলৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব । গতিকে, আশা কৰা হৈছে যে এই নতুন বাইকখনৰ ডিজাইন পালছাৰ N 150, N 160 আৰু N 250 ৰ দৰেই হ’ব পাৰে ।

ডিজাইন

ইয়াৰ উপৰিও মন কৰিবলগীয়া যে এতিয়ালৈকে সকলো N প্লেটফৰ্ম বাইকতে নতুন ইঞ্জিন লগোৱা হৈছে, যিবোৰ উচ্চ পৰ্যায়ৰ মসৃণতা আৰু পৰিশোধনৰ সৈতে আহে । N ছিৰিজৰ পালছাৰত নতুন চেছিছ ব্যৱহাৰ কৰা হৈছে আৰু আশা কৰা হৈছে যে ইয়াতো একেই হ’ব । নতুন বাজাজ পালছাৰ N 125 ৰ N 150 প্লেটফৰ্মৰ সৈতে কিছু সাদৃশ্য থকাৰ সম্ভৱনা আছে ।

দাম

বাজাজৰ 125 CC পালছাৰ কোম্পানীটোৰ অন্যতম বেষ্ট চেলাৰ বাহন যদিও স্প’ৰ্টী ডিজাইন, ফিচাৰ আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত হিৰো আৰু টিভিএছ মটৰৰ দৰে নতুন যুগৰ প্ৰতিযোগীয়ে কোম্পানীটোক প্ৰত্যাহ্বান সৃষ্টি কৰিছে । এইখিনিতে বাজাজে বজাৰলৈ আনিছে নতুন পালছাৰ N 125 । ইয়াৰ দামৰ কথা ক’বলৈ গ’লে ইয়াৰ প্ৰতিযোগীসকলৰ দৰেই হ’ব পাৰে । কোম্পানীটোৱে 90 হাজাৰৰ পৰা 1.1 লাখ টকা (এক্স শ্ব’ৰুম)ত মুকলি কৰিব পাৰে ।

লগতে পঢ়ক:উৎসৱৰ বতৰত অলা স্কুটাৰত 25000 টকাৰ ৰেহাই

শীঘ্ৰেই ভাৰতত মুকলি হ’ব আকৰ্ষণীয় বৈশিষ্ট্যযুক্ত Triumph Trident 660

দেশত বৃদ্ধি দুচকীয়া বাহনৰ চাহিদা; এমাহতেই বিক্ৰী হৈছে 19 লাখতকৈ অধিক বাহন - 5 best selling two wheeler brands

ABOUT THE AUTHOR

...view details