ইন্টাৰনেশ্যনেল ডেস্ক, ২৫ আগষ্ট:ভাৰতীয় মূলৰ আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু তেওঁৰ সংগী বেৰী বাচ্চ উইলমৰে ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা পৃথিৱীলৈ উভতি আহিব । আমেৰিকাৰ মহাকাশ সংস্থা নাছাই শনিবাৰে (২৪ আগষ্ট) এই বিবৃতিত এই তথ্য প্ৰদান কৰিছে ।
অৱশেষত নাছাই স্বীকাৰ কৰি ল’লে যে আই এছ এছত আবদ্ধ হৈ থকা মহাকাশচাৰী দুজনক বয়িঙৰ নতুন ষ্টাৰলাইনাৰ কেপচুলত অনাটো বিপদজনক হ’ব পাৰে । দুয়োজন মহাকাশচাৰীকে ৫ জুনত একেখন মহাকাশযানেৰে আই এছ এছলৈ প্ৰেৰণ কৰা হৈছিল । এইটোৱেই আছিল ষ্টাৰলাইনাৰ কেপচুলৰ প্ৰথম উৰণ ।
নাছাই জনোৱা মতে, সুনীতা আৰু বেৰী উইলম’ৰ ফেব্ৰুৱাৰী মাহত ইলন মাস্কৰ কোম্পানী স্পেচএক্সৰ ড্ৰেগন মহাকাশযানত ঘূৰি আহিব । একে সময়তে ষ্টাৰলাইনাৰ কেপচুলটো আই এছ এছৰ পৰা পৃথক হৈ এসপ্তাহ বা দুসপ্তাহৰ পাছত অটোপাইলট মোডলৈ ঘূৰি আহিবলৈ চেষ্টা কৰিব ।
সুনীতা উইলিয়ামছ আৰু বাচ্চ উইলম’ৰক অনাৰ বাবে ছেপ্টেম্বৰ মাহত আই এছ এছলৈ যাবলৈ যোৱা মাস্কৰ মহাকাশযানখনত এইবাৰ চাৰিজন মহাকাশচাৰীৰ পৰিৱৰ্তে মাত্ৰ দুজন মহাকাশচাৰী থাকিব।
নাছাৰ বিষয়া বিল নেলছনে কয় যে বয়িঙৰ ষ্টাৰলাইনাৰখন ক্ৰু নোহোৱাকৈ পৃথিৱীলৈ উভতি আহিব । ১৩ জুনত সুনীতা আৰু উইলমৰে ঘূৰি আহিবলগীয়া আছিল যদিও মহাকাশযানখনত হোৱা কাৰিকৰী বিজুতিৰ বাবে তেওঁলোকৰ উভতি অহা পিছুৱাই দিয়া হয় ।