নিউজ ডেস্ক, 9 অক্টোবৰ:লাডাখৰ হানলেত এছিয়াৰ সৰ্ববৃহৎ ইমেজিং চেৰেংকভ টেলিস্কোপ মেজৰ এটমছফেৰিক চেৰেংকভ এক্সপেৰিমেণ্ট (MACE) উদ্বোধন কৰা হয় । 4 অক্টোবৰৰ দিনা পাৰমাণৱিক শক্তি বিভাগৰ সচিব আৰু পাৰমাণৱিক শক্তি আয়োগৰ অধ্যক্ষ ড° অজিত কুমাৰ মোহান্তীয়ে ইয়াক উদ্বোধন কৰে, যাৰ জৰিয়তে বৈজ্ঞানিক গৱেষণাক প্ৰসাৰিত কৰাৰ কাম কৰা হৈছে ।
4300 মিটাৰ উচ্চতাত অৱস্থিত এই টেলিস্কোপ বিশ্বৰ সৰ্বোচ্চ দূৰবীণ । ইলেক্ট্ৰনিকছ কৰ্পৰেশ্যন অৱ ইণ্ডিয়া লিমিটেড (ইচিআইএল) আৰু অন্যান্য ভাৰতীয় উদ্যোগ অংশীদাৰৰ সহযোগত মুম্বাইস্থিত ভাভা এটমিক ৰিচাৰ্চ চেণ্টাৰ (BARC)ৰ উদ্যোগত স্থানীয়ভাৱে নিৰ্মাণ কৰা হৈছে এই টেলিস্কোপটো । পাৰমাণৱিক শক্তি বিভাগৰ (ডি এ ই) 70 বছৰীয়া জয়ন্তী উদযাপনৰ অংশ হিচাপে ইয়াক উদ্বোধন কৰা হৈছে ৷ MACE মানৱ নিৰীক্ষণ কেন্দ্ৰৰ উদ্বোধনী অনুষ্ঠানত ইয়াক মুকলি কৰা হয় ।
এটমছফেৰিক চেৰেংকভ এক্সপেৰিমেণ্ট টেলিস্কোপ উন্মোচন কৰে ড° অজিত কুমাৰ মোহান্তীয়ে আৰু দলটোৰ কামৰ প্ৰশংসা কৰে । ড° অজিত কুমাৰ মোহান্তীয়ে এই সন্দৰ্ভত কয়, "মেজৰ এটম'স্ফেৰিক চেৰেনকভ এক্সপেৰিমেণ্ট টেলিস্কোপ ভাৰতৰ বাবে এক ঐতিহাসিক কৃতিত্ব । ই দেশখনক মহাজাগতিক ৰশ্মিৰ গৱেষণাৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ হিচাপে গঢ়ি তুলিব । ইয়াৰ দ্বাৰা বিজ্ঞানীসকলে উচ্চ শক্তিৰ গামা ৰশ্মি অধ্যয়ন কৰিবলৈও সক্ষম হ'ব ।"