নিউজ ডেস্ক, 27 আগষ্ট:এপলে প্ৰকাশ কৰিছে যে 2025 চনৰ 1 জানুৱাৰীত মুখ্য বিত্তীয় বিষয়া লুকা মেষ্ট্ৰীয়ে বৰ্তমানৰ দায়িত্বৰ পৰা অব্যাহতি ল’ব । পৰিকল্পিত উত্তৰাধিকাৰৰ অংশ হিচাপে এপলৰ বিত্তীয় পৰিকল্পনা আৰু বিশ্লেষণৰ উপ-সভাপতি কেভান পাৰেখ মুখ্য বিত্তীয় বিষয়া হিচাপে যোগদান কৰিব আৰু কাৰ্যবাহী দলত যোগদান কৰিব ।
এপলত যোগদান কৰাৰ পূৰ্বে পাৰেখে থমছন ৰয়টাৰ আৰু জেনেৰেল মটৰ্ছত বিভিন্ন শীৰ্ষ দায়িত্বত অৱতীৰ্ণ হৈছিল । পাৰেখ মিচিগান বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত স্নাতক আৰু চিকাগো বিশ্ববিদ্যালয়ৰ পৰা এম বি এ ডিগ্ৰীধাৰী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ ।
পাৰেখে এপলত 11 বছৰ ধৰি নিয়োজিত হৈ আহিছে আৰু বৰ্তমান ফাইনেন্সিয়েল প্লেনিং এণ্ড এনালাইছিছ, জি এণ্ড এ এণ্ড বেনিফিটছ ফাইনেন্স, ইনভেষ্টাৰ ৰিলেচনছ, আৰু মাৰ্কেট ৰিচাৰ্চৰ নেতৃত্ব দি আছে । এই দায়িত্বৰ পূৰ্বে পাৰেখে ৱৰ্ল্ডৱাইড চেলছ, ৰিটেইল, আৰু মাৰ্কেটিং ফাইনেন্সৰ নেতৃত্ব দিছিল । তেওঁ এপলৰ প্ৰডাক্ট মাৰ্কেটিং, ইণ্টাৰনেট বিক্ৰী আৰু সেৱা, অভিযান্ত্ৰিক দলৰ আৰ্থিক সহায়ৰ নেতৃত্ব দি নিজৰ কাৰ্যকাল আৰম্ভ কৰিছিল ।