নিউজ ডেস্ক, 7 ছেপ্টেম্বৰ:এই উৎসৱৰ বতৰত ভাৰতী এয়াৰটেলে ইয়াৰ ব্যৱহাৰকাৰীসকলৰ বাবে বিশেষ অফাৰ লৈ আহিছে । বৰ্তমান আগবঢ়োৱা কিছুমান পৰিকল্পনাত অতিৰিক্ত তথ্য আৰু অ’টিটিৰ সুবিধা যোগ কৰা হৈছে । অৱশ্যে 11 ছেপ্টেম্বৰৰ পূৰ্বে ৰিচাৰ্জ কৰাসকলেহে এই সুবিধাসমূহ লাভ কৰিব বুলি এয়াৰটেলে জনায় ।
এয়াৰটেলৰ 979 টকাৰ ৰিচাৰ্জ প্লেন
এই ৰিচাৰ্জ প্লেন 84 দিনৰ বাবে বৈধ, আনলিমিটেড ভইচ কল, প্ৰতিদিনে 100 এছএমএছ আৰু প্ৰতিদিনে 2 জিবি ডাটাৰ সুবিধা আছে এই প্লেনত ।
এয়াৰটেলে 3 মাহৰ বাবে এক্সট্ৰিম প্লে প্ৰিমিয়াম (22+ অ'টিটি বৈশিষ্ট্য), এপ'ল' 24/7 চাৰ্কল, বিনামূলীয়া হেল্ল’টিউন, ৰিৱাৰ্ড মিনি চাবস্ক্ৰিপশ্যনৰ সুবিধা প্ৰদান কৰে ।
ইয়াৰ উপৰিও এই প্লেনত ৰিচাৰ্জৰ সৈতে অতিৰিক্ত 10GB ডাটা দিয়া হৈছে । ইয়াৰ বৈধতা 28 দিন ।
এয়াৰটেলৰ 1029 টকাৰ ৰিচাৰ্জ প্লেন
ইয়াত প্ৰতিদিনে 2 GB ডাটা, 100 এছএমএছ আৰু আনলিমিটেড ভইচ কলৰ সুবিধা আছে । ইয়াৰ বৈধতা 84 দিন ।
3 মাহৰ বাবে ডিজনী+ হটষ্টাৰৰ সুবিধা, ৰিৱাৰ্ড মিনি চাবস্ক্ৰিপশ্যন, এপ'ল' 24/7 চাৰ্কল, ফ্ৰী হেল্ল’টিউন আদি সুবিধাসমূহৰ এই প্লেনৰ ভিতৰত আছে ।