হায়দৰাবাদ: বৰ্তমান সময়ত প্ৰযুক্তিৰ বিকাশ কিমান হৈছে সেয়া নতুনকৈ উনুকিওৱাৰ প্ৰয়োজন নাই । প্ৰযুক্তি খণ্ডই দিনক দিনে নতুন নতুন ইতিহাস সৃষ্টি কৰিছে । কৃত্ৰিম বুদ্ধিমত্তাৰ আৱিষ্কাৰ প্ৰযুক্তিখণ্ডৰ বাবে এক বৃহৎ সফলতা । এই কৃত্ৰিম বুদ্ধিমত্তাই ব্যৱসায়, বাণিজ্য, সেৱা আদি সকলো খণ্ডতে বিয়পি পৰিছে আৰু বহুতো অসম্ভৱ কাম সম্ভৱ কৰি তুলিছে । ইয়াৰ মাজতেই শেহতীয়াকৈ এআই এ উদ্ভাৱন ‘ডেথ ক্লক’ ।
'মৃত্যু'.. কাৰ কেতিয়া কেনেকৈ হ'ব সেয়া জনা নাযায় । কিন্তু AIৰ সহায়ত কাম কৰা এই ‘Death Clock’ এপটোৱে আমাক আমাৰ ‘death date’ জনায় । অবিশ্বাস্য যেন লাগিলেও এই কথা সঁচা । এই এপটোৱে.. আমাৰ স্বাস্থ্যৰ অৱস্থাৰ ওপৰত ভিত্তি কৰি মৃত্যুৰ সময়ৰ কথা অৱগত কৰে । বৰ্তমান এই এপটো গুগল প্লে ষ্ট’ৰৰ লগতে এপল ষ্ট’ৰতো ডেথ ক্লক এপ হিচাপে উপলব্ধ । ইচ্ছা কৰিলে আপুনিও চেক কৰি চাব পাৰে । এই এপটো আচলতে কি? কেনেকৈ কাম কৰে? কাৰ বাবে উপলব্ধ? সকলো সবিশেষ আপোনাৰ বাবে -
Death Clock App
এজন ব্যক্তিৰ মৃত্যুৰ সময় জনোৱা এই Death Clock এপটো ব্ৰেণ্ট ফ্ৰান্সনে প্ৰস্তুত কৰিছিল । মৃত্যুৰ তাৰিখ নিৰ্ণয় কৰিবলৈ ই এআই ব্যৱহাৰ কৰি চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনচন (চিডিচি) আৰু 5.3 কোটি অংশগ্ৰহণকাৰীক জড়িত 1200 আন্তঃৰাষ্ট্ৰীয় অধ্যয়নৰ চৰকাৰী তথ্য বিশ্লেষণ কৰে । ইয়াৰ বাবে কলেষ্টেৰল, বি পি, চেনিৰ মাত্ৰা, খাদ্যাভ্যাস, ব্যায়াম, সম্পৰ্ক ইত্যাদি কাৰকসমূহৰ প্ৰতি লক্ষ্য ৰখা হয় ।
অৱশ্যে ব্ৰেণ্ট ফ্ৰান্সনে কয় যে তেওঁলোকৰ উদ্দেশ্য মানুহক তেওঁলোকৰ মৃত্যুৰ তাৰিখ অৱগত কৰোৱাই ভয় খুওৱা নহয়, বৰঞ্চ তেওঁলোকৰ স্বাস্থ্যৰ অৱস্থাৰ সঠিক বুজাবুজি প্ৰদান কৰাহে । তেওঁ কয় যে ই স্বাস্থ্য আৰু বীমা কোম্পানীসমূহৰ পৰা সংগ্ৰহ কৰা পৰম্পৰাগত আয়ুসৰ তথ্যসমূহ কৃত্ৰিম বুদ্ধিমত্তাৰ এলগৰিদমৰ সৈতে সংযুক্ত কৰি মৃত্যুৰ তাৰিখ গণনা কৰে ।
ই কেনেকৈ কাম কৰে?