অসম

assam

ETV Bharat / technology

সুৰক্ষা পৰীক্ষাত শ্ৰেষ্ঠ : গ্ল’বেল এনচিএপিৰ দ্বাৰা Maruti Dzire ক প্ৰদান কৰা হৈছে ফাইভ ষ্টাৰ সুৰক্ষা খিতাপ - MARUTI SUZUKI SAFETY RATING

2024 চনৰ নতুন Maruti Dzire ক গ্ল’বেল এনচিএপিয়ে 5 তাৰকা ছেফটি ৰেটিং প্ৰদান কৰিছে । 5 ষ্টাৰ ৰেটিং পোৱা এইখনেই প্ৰথমখন গাড়ী ।

Maruti Suzuki has given this car a 5-star safety rating by Global NCAP; Watch the video
সুৰক্ষা পৰীক্ষাত শ্ৰেষ্ঠ : গ্ল’বেল এনচিএপিৰ দ্বাৰা Maruti Dzire ক প্ৰদান কৰা হৈছে ফাইভ ষ্টাৰ সুৰক্ষা খিতাপ (Maruti Suzuki)

By ETV Bharat Tech Team

Published : Nov 9, 2024, 5:04 PM IST

হায়দৰাবাদ: শেহতীয়াকৈ ভাৰতত মুকলি কৰা হয় চতুৰ্থ প্ৰজন্মৰ Maruti Suzuki ৷ নতুন compact sedan 2024 Maruti Dzire এ গ্ল’বেল এনচিএপি ক্ৰেচ টেষ্টত শ্ৰেষ্ঠ সুৰক্ষাৰ খিতাপ দখল কৰিছে । নতুন Maruti Dzire এ এডাল্ট অকুপেণ্ট প্ৰটেকচন (এ অ’ পি)ত পাঁচটা ষ্টাৰ আৰু চাইল্ড অক্যুপেণ্ট প্ৰটেকচন (চি অ’ পি)ত 4টা ষ্টাৰ লাভ কৰিছে । ইয়াৰ উপৰিও গ্ল’বেল এনচিএপিৰ দ্বাৰা সুৰক্ষা ক্ষেত্ৰত পাঁচটা ষ্টাৰ পোৱা প্ৰথমখন গাড়ী হিচাপে পৰিগণিত হৈছে ।

মাৰুতি চুজুকিয়ে দীৰ্ঘদিন ধৰি নিজৰ গাড়ীৰ দুৰ্বল সুৰক্ষা ৰেটিংৰ বাবে সমালোচনাৰ সন্মুখীন হৈ আহিছে। কিন্তু মাৰুতিয়ে স্বেচ্ছাই নতুন Dzire গাড়ীখন ক্ৰেচ টেষ্টৰ বাবে গ্ল’বেল এনচিএপিলৈ প্ৰেৰণ কৰে । যিয়ে ইয়াৰ সুৰক্ষাৰ কাম-কাজৰ ওপৰত তেওঁলোকৰ আস্থাক প্ৰতিনিধিত্ব কৰিছিল । গ্ল’বেল এনচিএপিয়ে পূৰ্বৰ প্ৰজন্মৰ মডেলটোকো ৰেফাৰেন্স হিচাপে পৰীক্ষা কৰিছিল ।

সুৰক্ষা পৰীক্ষাত শ্ৰেষ্ঠ : গ্ল’বেল এনচিএপিৰ দ্বাৰা Maruti Dzire ক প্ৰদান কৰা হৈছে ফাইভ ষ্টাৰ সুৰক্ষা খিতাপ (Maruti Suzuki)

Maruti Suzuki Dzire-ৰ ওপৰত সুৰক্ষা ৰেটিং

প্ৰাপ্তবয়স্ক সুৰক্ষাৰ বাবে 34 ৰ ভিতৰত 31.24 নম্বৰ লাভ কৰিছে ডিজাইৰে । গ্ল’বেল এনচিএপিৰ প্ৰতিবেদনত কোৱা হৈছে যে চালক আৰু যাত্ৰীৰ বাবে মূৰ আৰু ডিঙিৰ সুৰক্ষা অতি উত্তম । কিন্তু চালকৰ বুকুৰ বাবে ছেফটি ডিভাইচটো অলপ অনুন্নত, আনহাতে সন্মুখৰ যাত্ৰীৰ বুকুৰ বাবে ছেফটি ডিভাইচ স্থাপন কৰা হৈছে । যাত্ৰী আৰু চালকৰ আঁঠু সুৰক্ষাৰ বাবেও উন্নত সঁজুলি ব্যৱহাৰ কৰা হৈছে ।

Maruti Suzuki Dzire-এ শিশুৰ সুৰক্ষাৰ ৰেটিং

শিশুৰ সুৰক্ষাৰ বাবে ডিজিৰে 42ৰ ভিতৰত 39.20 পইণ্ট লাভ কৰে । 3 বছৰীয়া শিশুৰ বাবে সন্মুখৰ চাইল্ড চিট, (যিটো ISOFIX এংকৰেজ ব্যৱহাৰ কৰি স্থাপন কৰা হয়) মুখামুখি সংঘৰ্ষৰ সময়ত অত্যধিক আগলৈ গতি ৰোধ কৰিবলৈ সক্ষম হৈছিল । ই মূৰ আৰু বুকুৰ সম্পূৰ্ণ সুৰক্ষা প্ৰদান কৰিলেও ডিঙিটোৱে সীমিত সুৰক্ষা পাইছিল ।

সুৰক্ষা পৰীক্ষাত শ্ৰেষ্ঠ : গ্ল’বেল এনচিএপিৰ দ্বাৰা Maruti Dzire ক প্ৰদান কৰা হৈছে ফাইভ ষ্টাৰ সুৰক্ষা খিতাপ (Maruti Suzuki)

আইছ’ফিক্স এংকৰেজ ব্যৱহাৰ কৰি স্থাপন কৰা 18 মহীয়া শিশুৰ বাবে পিছফালে থকা শিশুৰ আসনে সন্মুখৰ সংঘৰ্ষত মূৰটোক সুৰক্ষা দিবলৈ সক্ষম হৈছিল, যিয়ে সম্পূৰ্ণ সুৰক্ষা প্ৰদান কৰিছিল । দুৰ্ঘটনাৰ সময়ত 18 মহীয়া আৰু 3 বছৰীয়া শিশু দুয়োটাৰে বাবে চি আৰ এছ স্থাপনে সম্পূৰ্ণ সুৰক্ষা প্ৰদৰ্শন কৰে ।

Maruti Suzuki Dzire ৰ ষ্টেণ্ডাৰ্ড সুৰক্ষা বৈশিষ্ট্য

গ্ল’বেল এনচিএপিৰ দ্বাৰা পৰীক্ষা কৰা মাৰুতি ডিজাৰত আছে 6টা এয়াৰবেগ, ইএছচি, সকলো আসনৰ বাবে ৰিমাইণ্ডাৰৰ সৈতে 3-পইণ্ট ছিট বেল্ট, পিছফালৰ আউটব’ৰ্ড আসনৰ বাবে আইছ’ফিক্স মাউণ্ট আৰু সন্মুখৰ ছিট বেল্ট প্ৰিটেনচনাৰ আৰু লোড লিমিটাৰ । ডিজাইৰে ৰাষ্ট্ৰসংঘৰ 127 নং পথচাৰী সুৰক্ষা নিয়মাৱলীও মানি চলে । পৰীক্ষা সম্পন্ন হোৱা এই মডেলটো ভাৰতীয় ঘৰুৱা বজাৰৰ বাবে নিৰ্মাণ কৰা হৈছিল ।

লগতে পঢ়ক: মুকলিৰ পূৰ্বেই জানক Maruti Suzuki Dzire compact sedan মাইলেজ

ঘোষণা হ’ল Maruti Suzuki Dzire ৰ নতুন সংস্কৰণ মুকলিৰ দিন

ABOUT THE AUTHOR

...view details