অসম

assam

By ETV Bharat Assamese Team

Published : May 7, 2024, 9:20 PM IST

ETV Bharat / state

পৰ্যটকৰ সুবিধাৰ্থে কাজিৰঙাত সংযোজন WTRP ব্যৱস্থাৰ - Kaziranga National Park

WTRP in Kaziranga: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান চাবলৈ ইচ্ছুক পৰ্যটকৰ বাবে সুখবৰ ৷ ৰাষ্ট্ৰীয় উদ্যানখনত সংযোজন কৰা হৈছে WTRP ৰ সুবিধা ৷ পিছে কি এই WTRP সুবিধা ? জানো আহক--

WTRP launched in Kaziranga for tourist convenience
পৰ্যটকৰ সুবিধাৰ্থে কাজিৰঙাত সংযোজন WTRP ব্যৱস্থাৰ (ETV BHARAT ASSAM)

তেজপুৰ, 7 মে’: পৰ্যটকৰ বাবে সুখবৰ । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান চাবলৈ অহা পৰ্যটকৰ বাবে এই বিশেষ খবৰ । বিশেষকৈ যিসকল পৰ্যটকে ট্ৰেকিং কৰি ভাল পায় বা ট্ৰেকিং তেওঁলোকৰ নিচা সেইসকল পৰ্যটকে এই সুবিধা আদায়ৰ দ্বাৰা বিশেষ আনন্দ লাভ কৰিব পাৰিব । কাৰণ কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰত এক নতুন সংযোজনেৰে আৰম্ভ কৰা হৈছে ডব্লিউ টি আৰ পি অৰ্থাৎ ৱাক ট্ৰেক ৰাণ পেডেল । এতিয়াৰে পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰাৰ লগতে সেউজ কাৰ্বি পাহাৰত ট্ৰেকিং, ৱাকিং, ৰাণিং পেডেলিং কৰিব পাৰিব পৰ্যটকে ।

পৰ্যটকৰ সুবিধাৰ্থে কাজিৰঙাত সংযোজন WTRP ব্যৱস্থাৰ (ETV BHARAT ASSAM)

উল্লেখ্য যে, প্ৰতি বছৰে বাৰিষা নামি অহাৰ লগে লগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে বন্ধ কৰি দিয়া হয় । ইতিমধ্যে ৰাষ্ট্ৰীয় উদ্যানখনত হাতী ছাফাৰী উদ্যান কৰ্তৃপক্ষই বন্ধ ঘোষণা কৰিছে আৰু আগন্তুক 16 মে'ৰ পৰা জীপ ছাফাৰীও বন্ধ হৈ পৰিব । এতিয়াৰে পৰা পৰ্যটকৰ সুবিধাৰ্থে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বন্ধ থাকিলেও আন কিছু পৰিকল্পনাৰে কাজিৰঙাৰ গেলেকীত অৱস্থিত ‘আঘোণ’ আলহী ঘৰৰ স্বত্বাধিকাৰ তথা উদ্যোগী যুৱক অভিজিত গগৈৰ উদ্যোগত আৰু স্থানীয় শ্যাম ওৰাং, প্ৰকাশ তেৰাং, চাৰলংকি তেৰাং, বসন্ত নাথ, অৰ্পণ তেৰে আৰু অমিৰ বউৰীকে ধৰি ছয় শিক্ষিত যুৱকৰ সহযোগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ দিশে থকা সেউজ কাৰ্বি পাহাৰত সোমবাৰৰে পৰা ট্ৰেকিং আৰম্ভ কৰা হয় ।

পৰ্যটকৰ সুবিধাৰ্থে কাজিৰঙাত সংযোজন WTRP ব্যৱস্থাৰ (ETV BHARAT ASSAM)

সোমবাৰে কাজিৰঙাৰ পৰ্যটন ব্যৱসায়ী হৰিপ্ৰসন্ন গগৈ, কাজিৰঙাৰ জেষ্ঠ সাংবাদিক তথা কাজিৰঙা চাইক্লিং ক্লাবৰ সম্পাদক স্বপন নাথ, পৰিৱেশ কৰ্মী মনোজ গগৈ, অসম গৌৰৱ তথা অসম উদ্যোগিক উন্নয়ণ নিগমৰ সঞ্চালক আকাশ গগৈ, পবিতৰা ‘মিষ্টিক মায়ং’ ৰ স্বত্বাধিকাৰীদ্বয় ভাস্কৰ কলিতা, জয়দ্বীপ গুপ্তা চিকিৎসক তথা আল্ট্ৰা ৰাণাৰ প্ৰণামী চক্ৰৱৰ্তী, 'মাইণ্ড অভাৰ মাইলছ'ৰ যুটীয়া সঞ্চালক অনুপম ডেকা, বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন আৰণ্যকৰ কৰ্মী ভাস্কৰ বাৰুকিয়াল আদিৰ উপস্থিতিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ দিশে থকা প্ৰায় ছয় কিলোমিটাৰ দৈৰ্ঘৰ কাৰ্বি পাহাৰৰ এই ট্ৰেকিং পথটো আনুষ্ঠানিকভাবে আৰম্ভ কৰা হয় ।

পৰ্যটকৰ সুবিধাৰ্থে কাজিৰঙাত সংযোজন WTRP ব্যৱস্থাৰ (ETV BHARAT ASSAM)

সেউজীয়া পৰিৱেশৰ মাজেৰে লুংলুঙীয়া একা-বেকা পথেৰে চাকেং আৰলং, বহুলা, ৰহেম কেক আৰলঙকে আদি কৰি ছয়খন পাহাৰ বগাই যাওঁতে বিভিন্ন প্ৰজাতিৰ পক্ষী, উদ্ভিদ, পোক-পৰুৱা, ফুল আদিৰ লগতে কাৰ্বি লোকে পৰম্পৰাগতভাবে পাহাৰত কৰি অহা ঝুম খেতি পৰ্যবেক্ষণ কৰি এক পাহৰিব নোৱাৰা অভিজ্ঞতা আহৰণ কৰাৰ সুবিধা আছে বুলি উদ্যোক্তাসকলে জনাইছে ৷ ইয়াৰ উপৰিও এই ট্ৰেকিং পথৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু সুবিশাল ব্ৰহ্মপুত্ৰ দৰ্শন কৰি পৰ্যটকে এক আনন্দ লাভ কৰিব পাৰিব বুলিও উদ্যোক্তা অভিজিত গগৈয়ে জানিবলৈ দিয়ে । পৰ্যটকে বছৰৰ বাৰটা মাহে এই সুবিধা আদায় কৰিব পাৰিব ।

পৰ্যটকৰ সুবিধাৰ্থে কাজিৰঙাত সংযোজন WTRP ব্যৱস্থাৰ (ETV BHARAT ASSAM)

উল্লেখ্য যে, এই কাৰ্যসূচীত প্ৰাৰম্ভিক অৱস্থাত স্থানীয় ছয়জন উদীয়মান যুৱকক জড়িত কৰা হৈছে আৰু ইয়াৰ পৰা আহৰণ কৰা ধনৰ অৰ্ধেক অংশ জনহিতকৰ কামত ব্যয় কৰাৰ মনস্থ কৰা হৈছে বুলিও উদ্যোক্তাসকলে জানিবলৈ দিয়ে । আৰম্ভণিৰ প্ৰথম দিনাই ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ মুঠ 23 গৰাকী পুৰুষ, মহিলা, বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, পৰ্যটন ব্যৱসায়ী, উদ্যোগী আদিয়ে এই হিল ট্ৰেকিং কৰি বিশেষ অভিজ্ঞতা আহৰণ কৰাৰ লগতে সেউজ পৰিবেশত প্ৰকৃতিৰ মনোমোহা দৃশ্য উপভোগ কৰি আত্মহাৰা হৈ পৰিছে বুলি অনুভৱ ব্যক্ত কৰে ।

লগতে পঢ়ক:গোলাঘাটৰ মহুৰামুখত গড়ঁৰ মৃতদেহ উদ্ধাৰ - Body Of Rhino found in Golaghat

ABOUT THE AUTHOR

...view details