গুৱাহাটী, ৬ মার্চ :চৰকাৰী শিক্ষা ব্যৱস্থা উন্নত কৰাৰ বাবে চৰকাৰে কোনো বিশেষ গুৰুত্ব দিয়া নাই । সেই কথা অসমৰ ২০২৩-২৪ বৰ্ষৰ অর্থনৈতিক জৰীপ প্ৰতিবেদনত উন্নোচিত হৈছে । শেহতীয়াকৈ প্ৰকাশ পোৱা ২০২৩-২৪ বৰ্ষৰ অর্থনৈতিক জৰীপ প্ৰতিবেদনত অসমৰ চৰকাৰী শিক্ষানুষ্ঠানৰ আধাতে স্কুল এৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধিৰ এক উদ্বেগজনক তথ্য প্ৰকাশ পাইছে ।
অর্থনৈতিক জৰীপ প্ৰতিবেদনত শিক্ষাৰ একত্ৰিত জিলা তথ্য ব্যৱস্থা (ইউ ডাইছ/ UDISE) 2022-23 অনুসৰি, নিম্ন প্রাথমিক বিদ্যালয়ত আধাতে শিক্ষানুষ্ঠান এৰা শিক্ষাৰ্থীৰ গড় ৮.৩৯ শতাংশ । অৱশ্যে চৰকাৰে বছৰি অনেক ব্যৱস্থা গ্ৰহণ কৰি অহা বুলি দাবী কৰি আহিছে । কিন্তু সেই দাবীক প্ৰহসনত পৰিণত কৰি ২০১৮-১৯ বৰ্ষৰপৰা আধাতে নিম্ন প্রাথমিক বিদ্যালয় এৰা শিক্ষার্থীৰ সংখ্যা বাঢ়িহে আছে ।
উল্লেখ্য যে ২০২৩-২৪ বৰ্ষৰ অর্থনৈতিক জৰীপ প্ৰতিবেদনত প্রকাশ পোৱা তথ্য অনুসৰি, ২০১৮-১৯ বৰ্ষত এই হাৰ আছিল ৩.১ শতাংশ, ২০১৯-২০ বৰ্ষত ৪.৩ শতাংশ আৰু ২০২১ - ২২ বৰ্ষত ই ৬.০২ শতাংশলৈ বৃদ্ধি পায় । আনহাতে, উচ্চ প্রাথমিক বিদ্যালয়ত ২০২১-২২ বৰ্ষত আধাতে বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৮.৮১ শতাংশলৈ বৃদ্ধি পায় । ২০২২-২৩ বৰ্ষত এই হাৰ বৃদ্ধি পায় ১০.৩৩ শতাংশলৈ । নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ ক্ষেত্ৰত প্রথম স্থানত আছে দক্ষিণ শালমাৰা ।