স্বচ্ছতা অভিযান আৰু সজাগতা চাইকেল ৰেলীৰে কাজিৰঙাত বিশ্ব পৰ্যটন দিৱস উদযাপন - WORLD TOURISM DAY 2024 - WORLD TOURISM DAY 2024
World Tourism Day observed at Kaziranga: আজি বিশ্ব পৰ্যটন দিৱস । প্ৰতিবছৰে ২৭ ছেপ্টেম্বৰ দিনটো বিশ্বজুৰি এই দিৱস উদযাপন কৰা হয় । ৰাষ্ট্ৰসংঘৰ অধীনস্থ বিশ্ব পৰ্যটন সংস্থাৰ প্ৰত্যক্ষ তত্ত্বাৱধানত ১৯৮০ চনৰ পৰা সকলো সদস্য দেশে এই দিৱস উদযাপন কৰি আহিছে ।
কাজিৰঙাত বিশ্ব পৰ্যটন দিৱস উদযাপন (ETV Bharat Assam)
কাজিৰঙা, ২৭ ছেপ্টেম্বৰ : সমগ্ৰ বিশ্বতে আজিৰ দিনটো পৰ্যটন দিৱস হিতাপে উদযাপন কৰা হৈছে । প্ৰতিবছৰে ২৭ ছেপ্টেম্বৰৰ দিনা বিশ্ব পৰ্যটন দিৱস উদযাপন কৰা হয় । ১৯৮০ চনৰ পৰা ৰাষ্ট্ৰসংঘৰ অধীনস্থ সকলো সদস্য দেশে বিশ্ব পৰ্যটন সংস্থাৰ প্ৰত্যক্ষ তত্ত্বাবধানত এই দিৱস উদযাপন কৰি আহিছে ।
ৰাষ্ট্ৰসংঘৰ বিশ্ব পৰ্যটন সংস্থা অৰ্থাৎ United Nations World Tourism Organisation-এ আৰম্ভ কৰা এই দিৱসৰ প্ৰধান উদ্দেশ্য হৈছে আন্তজাৰ্তিক সম্প্ৰদায় আৰু পৰ্যটন কেন্দ্ৰৰ লগত সেতুবন্ধন গঢ়ি তোলা । লগতে বিশ্বৰ বিভিন্ন পৰ্যটন ক্ষেত্ৰসমূহৰ প্ৰচাৰ কৰা ।
কাজিৰঙাত বিশ্ব পৰ্যটন দিৱস উদযাপন (ETV Bharat Assam)
তদুপৰি, পৰ্যটনৰ ভূমিকা সম্পৰ্কে জনসচেতনতা বৃদ্ধি কৰাৰ লগতে সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক উপযোগিতাক বিশ্বজুৰি প্ৰচাৰ কৰাটো এই দিৱসৰ অন্যতম উদ্দেশ্য । এইবৰ্ষৰ বিশ্ব পৰ্যটন দিৱসৰ মূল বিষয়বস্তু হৈছে 'Tourism And Peace' অৰ্থাৎ পৰ্যটন আৰু শান্তি ।