অসম

assam

ETV Bharat / state

ধেমাজিত উদ্বেগজনকভাৱে বৃদ্ধি এইডছৰ সংক্ৰমণ ! - WORLD AIDS DAY 2024

যৌনকৰ্মীৰ তুলনাত ড্ৰাগছ আসক্তৰ মাজত এইডছ সংক্ৰমণ বৃদ্ধি পাইছে । স্বাস্থ্য বিভাগ আৰু স্বেচ্ছা সংস্থাই ইয়াৰ নিয়ন্ত্ৰণ আৰু সজাগতাৰ বাবে কাম কৰি আছে ।

World AIDS Day 2024
ধেমাজিত উদ্বেগজনকভাৱে বৃদ্ধি এইডছৰ সংক্ৰমণ (ETV Bharat)

By ETV Bharat Assamese Team

Published : Dec 1, 2024, 1:02 PM IST

ধেমাজি : আজি বিশ্ব এইডছ দিৱস । প্ৰতিবছৰৰ দৰে এইবাৰো এইডছৰ সজাগতাৰ বাবে দেশজুৰি বিভিন্ন পদক্ষেপ লোৱা হৈছে । এইবছৰ বিশ্ব এইডছ দিৱসৰ বিষয়বস্তু হৈছে "Take the Rights Path: My Health, My Right !" ৷ এই বিষয়বস্তুৰে পহিলা ডিচেম্বৰৰ দিনটোত সমগ্ৰ দেশৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত এইডছ দিৱস পালন কৰা হৈছে ।

ইয়াৰ মাজতে ধেমাজি জিলাত এইডছক লৈ উদ্বেগ বৃদ্ধি পাইছে । জিলাখনত এইডছৰ সংক্ৰমণ বৃদ্ধি পাইছে । বিশেষকৈ ড্ৰাগছ আসক্তৰ মাজত এইডছৰ সংক্ৰমণ অধিক বৃদ্ধি পাইছে । যাক লৈ স্বাস্থ্য বিভাগ উদ্বিগ্ন হৈ পৰিছে ।

ধেমাজিত উদ্বেগজনকভাৱে বৃদ্ধি এইডছৰ সংক্ৰমণ (ETV Bharat)

ধেমাজিত এইডছ ৰোগীৰ সংখ্যা বৃদ্ধি

এই ক্ষেত্ৰত ধেমাজি জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ জিলা যক্ষ্মা আৰু এইডছ নিয়ন্ত্ৰণ বিভাগৰ বিষযা ডাঃ ডি.কে দেউৰীয়ে কয়, "ধেমাজি জিলাতো বিগত বছৰতকৈ ক্ৰমান্বয়ে বাঢ়ি আছে এইচআইভিত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ অসম এইডছ নিয়ন্ত্ৰণ সমিতিৰ অধীনত জিলাখনৰ বিদ্যালয়-মহাবিদ্যালয়ত সজাগতা সভা অনুষ্ঠিত কৰাৰ উপৰিও জিলা কাৰাগাৰত সজাগতাৰ বাবে এইচইপিপিটি নামৰ স্বেচ্ছাসেৱী সংগঠনে কাম কৰি আছে ।’’

তেওঁ কয়, ‘‘একেদৰে জিলাখনত এফএছডব্লিউ আৰু ড্ৰাগছ আসক্তৰ বাবে টাৰ্গেটেড ইণ্টাৰভেনশ্যন প্ৰজেক্টে (Targeted Intervention Project) কাম কৰি আছে ৷ জিলাখনৰ ধেমাজি অসামৰিক চিকিৎসালয়, গোগামুখ আৰু চিলাপথাৰ আদৰ্শ চিকিৎসালয়ত এটাকৈ আইচিটিচি স্থাপন কৰা হৈছে । য'ত এইছআইভি আক্ৰান্ত ৰোগীক বিনামূলীয়া তেজৰ পৰীক্ষা আৰু পৰামৰ্শ প্ৰদান কৰা হয় ।"

বিষয়াগৰাকীৰ মতে জিলাখনত ড্ৰাগছ আসক্তৰ বাবে এইচআইভি ৰোগীৰ সংখ্যা বাঢ়িছে ।

সজাগতাৰ প্ৰয়োজন

একেদৰে যৌনকৰ্মী আৰু ড্ৰাগছ আসক্তৰ মাজত এইডছৰ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ হকে কাম কৰি থকা স্বেচ্ছাসেৱী সংস্থা টাৰ্গেটেড ইণ্টাৰভেনশ্যনৰ প্ৰকল্পৰ সঞ্চালক ৰাজেন গগৈয়ে কয়, "আমি যৌনকৰ্মী আৰু ইনজেক্টিং ড্ৰাগছ আসক্তৰ (ছিৰিঞ্জেৰে ড্ৰাগছ গ্ৰহণ) ওপৰত কাম কৰি আছো । ইয়াৰে ভিতৰত মহিলা যৌনকৰ্মীৰ তুলনাত ইনজেক্টিং ড্ৰাগছ আসক্তৰ পৰা এইচআইভি ৰোগীৰ সংখ্যা বাঢ়িছে । যিটো অতি ভয়ংকৰ ৷ আমি আমাৰ ফালৰ পৰা হটস্পট চিনাক্ত কৰি এই ৰোগীসকলৰ মাজত সজাগতা কৰি আহিছো ৷"

জনসাধাৰণক আহ্বান জনাই তেওঁ কয়, "সকলোৱে আমাৰ স্বেচ্ছাসেৱী সংস্থাৰ কৰ্মচাৰীৰ সৈতে যোগাযোগ কৰি সহযোগিতা আগবঢ়ালে এইডছ নিয়ন্ত্ৰণ কৰাত সহায়ক হ'ব ।"

লগতে পঢ়ক :আজি বিশ্ব এইডছ দিৱস : অসমত চিন্তনীয় ৰূপত বৃদ্ধি পাইছে সংক্ৰমণৰ হাৰ

ABOUT THE AUTHOR

...view details