অসম

assam

ETV Bharat / state

আজি বিশ্ব এইডছ দিৱস : অসমত চিন্তনীয় ৰূপত বৃদ্ধি পাইছে সংক্ৰমণৰ হাৰ - WORLD AIDS DAY 2024

"Take the rights path: My health, my right !-এই বিষয়বস্তু লৈ ২০২৪ৰ HIV দিৱস পালন কৰা হৈছে ৷ অসমত বৃদ্ধি পাইছে ইয়াৰ সংক্ৰমণৰ হাৰ ৷

World AIDS Day 2024 : Increase in HIV Cases in Assam
আজি বিশ্ব এইডছ দিৱস (PEXELS)

By ETV Bharat Assamese Team

Published : Dec 1, 2024, 10:44 AM IST

গুৱাহাটী :আজি বিশ্ব এইডছ দিৱস । প্ৰতি বছৰে ডিচেম্বৰ মাহৰ ১ তাৰিখে সমগ্ৰ বিশ্বতে বিশ্ব এইডছ দিৱস পালন কৰা হয় । বিশ্বজুৰি এইডছ দিৱস পালনৰ উদ্দেশ্য হৈছে ৰোগবিধৰ বিষয়ে সজাগতা বৃদ্ধি কৰা আৰু এই ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ মানুহক সাহস দিয়া ।

বিশ্ব স্বাস্থ্য সংস্থাই মানি অহা ৮টা গোলকীয় জনস্বাস্থ্য প্ৰচাৰ অভিযানৰ এটা হৈছে বিশ্ব এইডছ দিৱস । এইডছ দিৱস ১৯৮৮ চনৰ পৰা পালন কৰি অহা হৈছে । ছুইজাৰলেণ্ডৰ জেনেভাৰ বিশ্ব স্বাস্থ্য সংস্থাৰ দুজন ৰাজহুৱা তথ্য বিষয়া জেমছ বান আৰু থমাছ নেটাৰে ১৯৮৭ চনৰ আগষ্টত পোন প্ৰথমবাৰৰ বাবে UNAIDS-ৰ ড৹ জনাথন মেনৰ আগত বিশ্ব এইডছ দিৱস পালনৰ পৰিকল্পনাৰ কথা প্ৰকাশ কৰে আৰু এই পৰিকল্পনাত সঁহাৰি জনাই ড॰ মেনে ১৯৮৮ চনৰ ১ ডিচেম্বৰত প্ৰথম বিশ্ব এইডছ দিৱস পালনৰ পোষকতা কৰে ।

২০২৪ বৰ্ষৰ বিশ্ব এইডছ দিৱসৰ মূল বিষয়বস্তু হৈছে - "Take the rights path: My health, my right !

  • অসমত এইডছৰ প্ৰভাৱ আৰু সংক্ৰমণৰ হাৰ :

অসমত অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে এইচ আই ভি পজিটিভ লোকৰ সংখ্যা । ৰাজ্যখনৰ কামৰূপ মহানগৰ, কাছাৰ, ডিব্ৰুগড়, নগাঁও, যোৰহাট, কৰিমগঞ্জ আদি জিলাত উদ্বেগজনক হাৰত বৃদ্ধি পাইছে এইডছ আক্ৰান্ত লোকৰ সংখ্যা । উদ্বেগজনকভাৱে ২০২৩ চনলৈকে ৰাজ্যখনত চিনাক্ত হৈছে সৰ্বমুঠ ৩১,৭২৯ গৰাকী লোক । এই তথ্য অসম চৰকাৰৰ ।

শেহতীয়াকৈ অসম বিধানসভাত চৰকাৰে দিয়া তথ্য অনুসৰি ৰাজ্যত এইচ আই ভি পজিটিভ লোকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে । ইয়াৰ মুখ্য কাৰণ হৈছে ছিৰিঞ্জেৰে ড্ৰাগছ গ্ৰহণ কৰাটো । তথ্য মতে ২০০২ চনৰ পৰা ২০২৩ চনলৈ ৰাজ্যৰ ৮৯,৮৪,৫১৯ গৰাকী লোকৰ এইচ আই ভি পৰীক্ষা কৰাৰ পিচত ৩১,৭২৯ গৰাকী লোক এইচ আই ভি পজিটিভ বুলি চিনাক্ত হয় ।

আনহাতে কেৱল ২০২৩ চনৰ ডিচেম্বৰলৈকে ৯,৯০,৩৭২ গৰাকী ব্যক্তিৰ এইচ আই ভি পৰীক্ষা কৰাৰ পিচত ৫,৭৯১ গৰাকী ব্যক্তি এইডছ আক্ৰান্ত বুলি চিনাক্ত কৰা হয় । ৰাজ্যৰ কেইবাখনো জিলাত যে এইডছ আক্ৰান্তৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ।

ৰাজ্যত চিনাক্ত হোৱা মুঠ ৩১,৭২৯ গৰাকী এইচ আই ভি পজিটিভ লোকৰ ভিতৰত কামৰূপ মেট্ৰ'ত ৮,৯৬০ গৰাকী এইচ আই ভি পজিটিভ লোক থকাৰ লগতে কাছাৰ জিলাত ৫,৮২৩ গৰাকী আৰু নগাঁও জিলাত ৩,০৪৯ গৰাকী এইচ আই ভি পজিটিভ ব্যক্তি চিনাক্ত হৈছে । তদুপৰি ডিব্ৰুগড় জিলাত ১,৭৩৬ গৰাকী, যোৰহাটত ১,১০৮ গৰাকী আৰু কৰিমগঞ্জ জিলাত ১,০৬৩ গৰাকী এইচ আই ভি পজিটিভ ব্যক্তি চিনাক্ত হৈছে ।

এইডছ আক্ৰান্ত লোকৰ সংখ্যা এইদৰে অস্বাভাবিকভাৱে বৃদ্ধি পোৱাৰ আঁৰত জড়িত হৈ থকা অন্যান্য কাৰকৰ ভিতৰত ছিৰিঞ্জেৰে ড্ৰাগছ গ্ৰহণেই অন্যতম কাৰণ । এটা সময়ত যৌন সম্পৰ্কৰ কাৰণে এয়া হৈছিল, এতিয়া ছিৰিঞ্জেৰে ড্ৰাগছ গ্ৰহণেই বেছিকৈ সংক্ৰমণ হোৱাৰ কাৰণ হৈ পৰিছে ।

প্ৰায় ৫০ শতাংশ ড্ৰাগছ ব্যৱহাৰ কৰা লোকৰ ক্ষেত্ৰতে অধিক এইচ আই ভি পজিটিভ বুলি চিনাক্ত হৈছে । লক্ষণীয় বিষয় যে ক'ভিডৰ পিচত এইডছ সন্দর্ভত সজাগতা তথা প্ৰচাৰ কমি যোৱাটো পৰিলক্ষিত হৈছে ।

  • সজাগতাৰ বাবে চৰকাৰী উদ্যোগ :

অসমত মুঠ ১০৭ টা ষ্টেণ্ড এল'ন আই চিটি চি অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ অধীনত কৰ্মৰত হৈ আছে । অসম চৰকাৰৰ অধীনত ব্যাপক এইচ আই ভি সজাগতা সৃষ্টি কৰাৰ বাবে জনসাধাৰণে এইচ আই ভি প্ৰতিৰোধৰ বিষয়ে সজাগ হৈছে আৰু ফলত জনসাধাৰণ এইচ আই ভি কেন্দ্ৰলৈ আগবাঢ়ি আহিছে আৰু চিনাক্তকৰণৰ সংখ্যা বৃদ্ধি পাইছে ।

  • এইডছ সম্পৰ্কত সংসদত দিয়া শেহতীয়া তথ্য :

ভয়ংকৰ ভৱিষ্যতৰ দিশে গতি কৰিছে অসম । শেহতীয়াকৈ ৰাজ্যখনত এইডছৰ সংক্ৰমণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । মাত্ৰ পাঁচটা বছৰৰ ভিতৰতে ৰাজ্যখনত এই মাৰাত্মক ৰোগবিধত আক্ৰান্ত লোকৰ সংখ্যা দুগুণৰো অধিক হৈছে । সংসদৰ চলিত অধিৱেশনত এই উদ্বেগজনক তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰে ।

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ ৰাজ্য মন্ত্ৰী অনুপ্ৰিয়া পেটেলে সংসদত দিয়া তথ্য অনুসৰি ২০১৯-২০ বিত্তীয় বৰ্ষত অসমত চিকিৎসা গ্ৰহণ কৰি থকা এইডছ ৰোগীৰ সংখ্যা আছিল ৭৮১৯ গৰাকী । কিন্তু ২০২৩-২৪ বিত্তীয় বৰ্ষত এনে ৰোগীৰ সংখ্যা ১৫,৩৬৭ গৰাকীলৈ বৃদ্ধি পাইছে । ইয়াৰ পৰাই স্পষ্ট হৈ পৰিছে যে ৰাজ্যখনত কিদৰে এইডছ আক্ৰান্ত লোকৰ সংখ্যা চিন্তনীয় ৰূপত বৃদ্ধি পাইছে ।

মন্ত্ৰীগৰাকীয়ে দিয়া তথ্য মতে, ২০১৯-২০ বিত্তীয় বৰ্ষত চিকিৎসা গ্ৰহণ কৰি থকা ৭৮১৯ গৰাকী ৰোগীৰ ভিতৰত ৪৫৭৪ গৰাকী পুৰুষ, ৩২৩৪ গৰাকী মহিলা আৰু ১১ গৰাকী আছিল তৃতীয় লিংগৰ । আনহাতে ২০২০-২১ বিত্তীয় বৰ্ষত ৰাজ্যখনত চিকিৎসা গ্ৰহণ কৰি থকা লোকৰ সংখ্যা ৭৮৮০ গৰাকীলৈ, ২০২১-২২ বিত্তীয় বৰ্ষত ৯০৫৫ গৰাকীলৈ, ২০২২-২৩ বিত্তীয় বৰ্ষত ১১,৯৭০ গৰাকীলৈ আৰু ২০২৩-২৩ বিত্তীয় বৰ্ষত ১৫,৩৬৭ গৰাকীলৈ বৃদ্ধি পায় ।

আনকি উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত অসমতে সৰ্বাধিক চিকিৎসা গ্ৰহণ কৰি থকা এইডছ ৰোগী আছে । তথ্য অনুসৰি ২০২৩-২৪ বিত্তীয় বৰ্ষত অৰুণাচল প্ৰদেশত ১১৭১ গৰাকী, মণিপুৰত ১৪,৩৩৫ গৰাকী, মেঘালয়ত ৫৯৬৩ গৰাকী, মিজোৰামত ১৬২১৭ গৰাকী, নগালেণ্ডত ১৩,৭২২ গৰাকী আৰু ত্ৰিপুৰাত ৫,৫৮৮ গৰাকী এইডছ আক্ৰান্তই চিকিৎসা গ্ৰহণ কৰি আছে ।

লক্ষণীয় বিষয় যে বৰবিহ স্বৰূপ ড্ৰাগছৰ প্ৰচলন বৃদ্ধি পোৱাৰ বাবেই ৰাজ্যখনত এইডছ আক্ৰান্ত লোকৰ সংখ্যাও দ্ৰুতগতিত বৃদ্ধি পাইছে । ৰাজ্যখনত এইডছত আক্ৰান্তসকলৰ ভিতৰত অধিকাংশই হৈছে যুৱ প্ৰজন্ম । যিটো ৰাজ্যখনৰ বাবে অত্যন্ত চিন্তনীয় বিষয় ।

  • বিষয়বস্তু আৰু উদ্দেশ্য :

বিশ্ব এইডছ দিৱস উদযাপনৰ মূল উদ্দেশ্য কেৱল এই সংক্ৰমণ আৰু ইয়াৰ চিকিৎসাৰ বিষয়ে বিশ্বৰ মানুহৰ মাজত সজাগতা বিয়পাই দিয়াই নহয়, সেইসকল লোকৰ সৈতে সংহতি বা সমৰ্থন প্ৰদৰ্শন কৰা আৰু এইডছত আক্ৰান্তসকলক সহায় কৰাৰ প্ৰচেষ্টা চলোৱা ।

ইয়াৰ সমান্তৰালকৈ এই উপলক্ষে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এইডছ আৰু ইয়াৰ লগত জড়িত ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকসকলক শোক প্ৰকাশ কৰাৰ সুযোগো প্ৰদান কৰে ।

লগতে পঢ়ক :বিশ্ব এইডছ দিৱস ২০২৪: কেনেকৈ হয় HIV ? HIV বিয়পে নেকি, HIVৰ সন্দৰ্ভত কিছুমান ভ্ৰান্ত ধাৰণা

ABOUT THE AUTHOR

...view details