তিনিচুকীয়া, 5 আগষ্ট :"সকলোবিৰোধী ঐক্যশক্তিয়েপঞ্চায়ত নিৰ্বাচন একেলগে খেলিব লাগে ৷ কংগ্ৰেছে অকলে খেলাৰ কথা ভাবিব নালাগে ৷ এই শক্তিত কংগ্ৰেছৰ লগতে ৰাইজৰ দল, অসম জাতীয় পৰিষদ আৰু আন 16 টা বিৰোধী শক্তিও থাকিব ৷ এই ঐক্য 26 পৰ্যন্ত থাকিব আৰু আমি 26 ত ঐক্যবদ্ধভাৱে বিজেপি চৰকাৰ ভাঙিম আৰু বিৰোধী ঐক্যমঞ্চই চৰকাৰ গঠন কৰিব ৷" তিনিচুকীয়া জিলাৰ ডিগবৈত দলৰ এক যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি দেওবাৰে এই মন্তব্য কৰে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে ৷
এই যোগদান কাৰ্যসূচীত ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে আগন্তুক 2026 চনৰ বিধানসভা নিৰ্বাচনত ৰাইজৰ দলৰ 20 জন বিধায়ক আৰু 2031 চনত ৰাজ্যত ৰাইজৰ দলে চৰকাৰ গঠন কৰাৰ লক্ষ্য বান্ধি লৈছে বুলি সদৰী কৰে ৷
বিজেপি দলটোক কটাক্ষ কৰি বিধায়কগৰাকীয়ে কয়, "অসমত বৰ্তমান বিজেপি দলৰ কোনো গুৰুত্ব নাই । বিজেপিৰ দূৰ্গসমূহ খহি শেষ ৷ বহু কষ্ট কৰি বিজেপিৰ একাংশ কাৰ্যকৰ্তাই গঢ়া দলটোক হাইজেক কৰিলে হিমন্ত বিশ্ব শৰ্মাই ৷ এতিয়া বিজেপি দলটো হিমন্ত বিশ্ব শৰ্মা প্ৰাইভেট লিমিটেডলৈ ৰূপান্তৰিত হ’ল ।"
ডিগবৈৰ বিধায়ক সুৰেন ফুকনৰ ভূমিকাত সৰৱ হৈ অখিল গগৈয়ে কয়, "ডিগবৈত বিধায়ক আছে যেন লগা নাই ৷ শাসক দলৰ বিধায়ক থকা সমষ্টিত যি উন্নয়ন হ’ব লাগিছিল কিন্তু ডিগবৈৰ উন্নয়নৰ নমুনা দেখি আচৰিত হৈছো । শাসক দলৰ বিধায়কসমূহে চিণ্ডিকেটক লৈয়ে ব্যস্ত হৈ থাকে ৷ কেৱল কয়লা চিণ্ডিকেটৰ বাবে কাজিয়া কৰি থাকে ।"