অসম

assam

By ETV Bharat Assamese Team

Published : 4 hours ago

ETV Bharat / state

২০২৬ত ৰাইজৰ দলক বাদ দি কোনেও চৰকাৰ গঠন কৰিব নোৱাৰে: অখিল গগৈ - Raijor Dal joining programme

Raijor Dal :বিজেপি-কংগ্ৰেছ-অগপৰ দুই শতাধিক সদস্যৰ ৰাইজৰ দলত যোগদান । ডিব্ৰুগড়ত ৰাইজৰ দলৰ যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি ভবিষ্যদ্বাণী কৰিলে দলটোৰ সভাপতিগৰাকীয়ে ।

joining programme in Dibrugarh
দুই শতাধিক সদস্যৰ ৰাইজৰ দলত যোগদান (ETV Bharat Assam)

মৰাণ, ২৭ ছেপ্টেম্বৰ:সমাগত পঞ্চায়ত আৰু বিধানসভা নিৰ্বাচনক লৈ শাসক দল বিজেপিৰ দৰে বিৰোধী কংগ্ৰেছ আৰু আঞ্চলিক ৰাজনৈতিক দলেসমূহে তৎপৰতাৰে আৰম্ভ কৰিছে দলীয় কাম-কাজ । বিজেপিৰ দখলত থকা উজনিৰ প্ৰতিটো বিধানসভা সমষ্টি লক্ষ্য কৰি লৈছে কংগ্ৰেছ আৰু বিৰোধী ৰাজনৈতিক দলসমূহে ।

পিছপৰি থকা নাই শিৱসাগৰৰ বিধায়ক অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দল । ৰাইজৰ দলে ডিব্ৰুগড়ত শুক্ৰবাৰে অনুষ্ঠিত কৰিলে বৃহৎ যোগদান কাৰ্যসূচী । ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ উপস্থিতিত অনুষ্ঠিত হয় এই যোগদান কাৰ্যসূচী ।

দুই শতাধিক সদস্যৰ ৰাইজৰ দলত যোগদান (ETV Bharat Assam)

বৰবৰুৱাৰ চুকাফা ভৱনত অনুষ্ঠিত ৰাইজৰ দলৰ যোগদান কাৰ্যসূচীত ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰ দুই শতাধিক বিজেপি, কংগ্ৰেছ আৰু অগপৰ সদস্যই ৰাইজৰ দলত যোগদান কৰে ।

এই যোগদান কাৰ্যসূচীয়ে ৰাইজৰ দলৰ কৰ্মীসকলক উৎসাহিত কৰিছে বুলি মন্তব্য কৰে বিধায়ক অখিল গগৈয়ে । কিয়নো ডিব্ৰুগড় জিলাৰ ছটা বিধানসভা সমষ্টিৰ পাঁচটা সমষ্টিত শাসক দলৰ বিধায়ক থকাৰ লগতে এটা সমষ্টিত অসম গণ পৰিষদৰ বিধায়ক আছে । এই যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৰাইজৰ দল সভাপতিগৰাকীয়ে ।

যোগদানক লৈ কি কয় অখিল গগৈয়ে ?

ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে এই যোগদান কাৰ্যসূচী সন্দৰ্ভত কয়," ডিব্ৰুগড় জিলাত ৰাইজৰ দলত যোগদান কৰিবলৈ কেইবাশ ৰাইজ আগবাঢ়ি আহিছে । আজি ৰাইজৰ দলত যোগদান কৰাসকলক দললৈ স্বাগতম জনাইছো । ৰাইজৰ দলক শক্তিশালী কৰি অসমত আঞ্চলিক ৰাজনৈতিক দলসমূহক শক্তিশালী কৰিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছো । ২০২৬ত ৰাইজৰ দলক বাদ দি অসমত কোনেও চৰকাৰ গঠন কৰিব নোৱাৰে । তাৰ বাবে আমি চেষ্টা চলাই আছো ।"

লগতে পঢ়ক:বিজেপি দলক হাইজেক কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই : অখিল গগৈ - Raijor Dal joining programme

ABOUT THE AUTHOR

...view details