গুৱাহাটী :"বিহালীত চাহ জনগোষ্ঠীয় প্ৰাৰ্থীক হৰুৱাবলৈ কংগ্ৰেছ নেতাই বাহৰ পতা বুলি কটাক্ষ কৰা মুখ্যমন্ত্ৰীয়ে চাহ জনগোষ্ঠীয় কিশোৰী ধৰ্ষণৰ ক্ষেত্ৰত মুখেৰে একো মাত নামাতে । আনহাতে চাহ জনগোষ্ঠীয় কিশোৰীক ধৰ্ষণ কৰা বিজেপি নেতাক ৰক্ষণাবেক্ষণ দিয়াতহে অধিক গুৰুত্ব দি আছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । ঝাৰখণ্ডত আদিবাসী আৰু মা-বেটিক সুৰক্ষা দিব বুলি ভাষণৰ ফুলজাৰি মৰা মুখ্যমন্ত্ৰীৰ নিজৰ ৰাজ্যতে চাহ জনগোষ্ঠীয় জীয়ৰী-বোৱাৰী সুৰক্ষিত নহয় ।" এই অভিযোগ প্ৰদেশ কংগ্ৰেছৰ সামাজিক মাধ্যম বিভাগৰ অধ্যক্ষ ৰাতুল কলিতাৰ ।
- ডুমডুমাৰ ধৰ্ষণৰ ঘটনাৰ প্ৰতিক্ৰিয়া
বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি কলিতাই ডুমডুমাত ১৪ বছৰীয়া চাহ জনগোষ্ঠীয় কিশোৰী ধৰ্ষণৰ নৃশংস ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে । তেওঁ কয়, "৭ লম্পটৰ বলাৎকাৰৰ বলি হৈছিল ডুমডুমাৰ কাটনিপাৰাৰ চাহ জনগোষ্ঠীয় এগৰাকী কিশোৰী । ভুক্তভোগীৰ গোচৰৰ ভিত্তিত ডুমডুমা আৰক্ষীয়ে আটক কৰিছে যদিও এতিয়ালৈ ৭ লম্পটক অসম আৰক্ষীয়ে উচিত শাস্তি প্ৰদান কৰা নাই । ডুমডুমাৰ কিশোৰীগৰাকীক ন্যায় প্ৰদান কৰিবলৈ আমি দাবী জনাইছো ।’’
‘‘ধৰ্ষণকাৰী কেইটাৰ পৰিয়াল বিজেপি দলৰ সদস্য হোৱা বাবেই তেওঁলোকক শাস্তি প্ৰদান কৰা নাই নেকি ? যোৱা জুলাই মাহত ডুমডুমাৰ চিৰাজুলি চাহ বাগিচাত এগৰাকী চাহ জনগোষ্ঠীয় কিশোৰীক ধৰ্ষণ কৰিছে তিনিগৰাকী লম্পটে । ২০২৩ চনৰ এপ্ৰিল মাহত তিনিচুকীয়াৰ বৰডুবি থানাৰ অন্তৰ্গত কাটিনিগাঁৱত ১৩ বছৰীয়া কিশোৰীক বিজেপিৰ এগৰাকী স্থানীয় নেতাই ধৰ্ষণ কৰিছিল । কিন্তু পৰিতাপৰ কথা ধৰ্ষণকাৰী বিজেপি নেতা হোৱা বাবেই অসম আৰক্ষীয়ে তেওঁক এতিয়ালৈ গ্ৰেপ্তাৰ কৰা নাই ।’’ তেওঁ কয় ৷
‘‘লোক অপবাদ আৰু ধৰ্ষণকাৰীৰ ভাবুকি সহ্য কৰিব নোৱাৰি ভুক্তভোগী কিশোৰীগৰাকীৰ মাতৃয়ে ২০২৩ চনৰ ১৪ এপ্ৰিলৰ দিনা আত্মহত্যাৰ পথ বাচি লৈছিল । আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা ধৰ্ষণকাৰী সমুদ্ৰ ৰায়ক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছো ।" তেওঁ কয় ৷
- নাৰীজনিত অপৰাধত জড়িত বিজেপি নেতা !
তেওঁ লগতে কয়, "আমি লক্ষ্য কৰি আহিছো যে বিজেপি দলৰ বেছিভাগ নেতাই নাৰী নিৰ্যাতন আৰু ধৰ্ষণৰ গোচৰত অভিযুক্ত । কিন্তু কোনো এগৰাকী ধৰ্ষণকাৰী বিজেপি নেতাক শাস্তি প্ৰদান নকৰা বাবে কিশোৰী ধৰ্ষণৰ দৰে জঘন্য ঘটনা বাঢ়িবলৈ ধৰিছে । বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰ মৃত্যুৰ লগত জড়িত বিজেপি নেতা আজিও মুকলি আকাশৰ তলত ঘূৰি আছে ।’’