শিলচৰ :পুনৰ উত্তপ্ত উত্তৰ-পূৱৰ ৰাজ্য মণিপুৰ । ৰাজ্যখনত শান্তি ঘূৰাই অনাৰ বাবে প্ৰচেষ্টা চলাই থকাৰ মাজতে জিৰিবাম জিলাত আন এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে । জিলাখনৰ এখন গাঁৱত দুৰ্বৃত্তই আক্ৰমণ কৰে । বহু বাসগৃহত অগ্নি সংযোগ কৰে দুৰ্বৃত্তৰ দলটোৱে । ঘটনাত এগৰাকী মহিলাৰ মৃত্যু হয় । নিহত মহিলাগৰাকীৰ মৃতদেহ সম্প্ৰতি শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৰখা হৈছে । য'ত মৰণোত্তৰ পৰীক্ষা কৰা হ'ব ।
মণিপুৰত পুনৰ হিংসা
২০২৩ চনৰ মে' মাহতে আৰম্ভ হোৱা মণিপুৰৰ হিংসাৰ যেন সমাধানৰ ইংগিতে নাই । দুদিন শান্ত হৈ থাকিলেও পৰৱৰ্তী দিনা নতুন হিংসা আৰম্ভ হয় ৰাজ্যখনত । যাক লৈ উদ্বিগ্ন হৈ পৰিছে মণিপুৰবাসী । বৃহস্পতিবাৰে নিশা পুনৰ অসম-মণিপুৰ সীমান্তৱৰ্তী জিৰিবাম জিলাৰ জেইৰণ গাঁৱত ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত হয় । সন্দেহজনক মেইটেই উগ্ৰপন্থীয়ে মাৰ সম্প্ৰদায় অধ্যুষিত গাঁওখনত প্ৰৱেশ কৰে আৰু এটা এটাকৈ প্ৰায় ১০ টাকৈ ঘৰ জ্বলাই দিয়ে । এই ঘটনাত জীৱন্ত অগ্নিদগ্ধ হয় এগৰাকী মহিলা । মৃত মহিলাগৰাকী চাংকিম বুলি জানিব পৰা গৈছে ।