গোৱালপাৰা, ৩ এপ্ৰিল:গোৱালপাৰা জিলাৰ শিমলীতোলাত যোৱানিশা সংঘটিত হয় এক জঘন্য ঘটনা । যৌতুক আদায় নিদিয়া বাবেই স্বামী আৰু পৰিয়ালৰ একাংশ লোকে হাতে-হাতে লাঠি, দা লৈ ঘৰৰ গেট ভাঙি প্ৰহাৰ কৰে মহিলাগৰাকীক । আনকি এই দলটোৱে মহিলাগৰাকীৰ বিধৱা মাতৃকো ৰেহাই নিদিলে । জোঁৱায়েকৰ কোবত গুৰুতৰভাৱে আহত হয় শাহুৱেক । এই ঘটনাটো সংঘটিত হোৱাৰ পিচতেই আৰক্ষীয়ে আটক কৰে অভিযুক্তপক্ষৰ এজনক ।
গোৱালপাৰা জিলাৰ শিমলিতলা বৰপথাৰত মানৱ সমাজক লজ্জানত কৰাৰ ঘটনাটোৰ অভিযুক্তটো হৈছে ৰাহুল আমিন । উল্লেখ্য় যে গোৱালপাৰাৰ কৃষ্ণাই বিদ্যাপাৰা গাঁৱৰ ইমান আলী নামৰ শিক্ষকজনৰ পুত্ৰ ৰাহুল আমিনে প্ৰায় পাঁচ বছৰ পূৰ্বে জিলাখনৰে শিমলীতোলা বৰপথাৰৰ এগৰাকী যুৱতীক পলুৱাই নি বিয়া পাতিছিল । দুয়োৰে এটি চাৰি বছৰীয়া সন্তানো আছে । বিয়াৰ পাছৰে পৰাই স্বামী ৰাহুল আমিন আৰু পৰিয়ালৰ আন সদস্য়সকলে যৌতুকৰ দাবীত মহিলাগৰাকীক চলাই আহিছে অকথ্য নিৰ্যাতন । স্বামীগৃহৰ সদস্য়ৰ নিৰ্যাতন সহিব নোৱাৰি আৰু এম এ পৰীক্ষাৰ প্ৰস্তুতিৰ বাবেই শিশু সন্তানটিক লগত লৈ বৰপথাৰৰ পিতৃগৃহত আছিল মহিলাগৰাকী ।