অসম

assam

By ETV Bharat Assamese Team

Published : Jul 4, 2024, 9:17 AM IST

ETV Bharat / state

কাজিৰঙাত মাকৰ পৰা বিচ্ছিন্ন হোৱা গঁড়ৰ পোৱালি উদ্ধাৰ - Assam Flood 2024

Kaziranga National Park : ৰাজ্যত বানৰ প্ৰলয় ৷ জীৱ-জন্তুৰ বাবে অভাৱ হৈছে আশ্ৰয়স্থলৰ ৷ ভিন্ন স্থানত উদ্ধাৰ হৈছে বহু বন্য জীৱ-জন্তু ৷ বুধবাৰে বাগৰি বনাঞ্চলৰ পানী-যুৱলিৰ পৰা উদ্ধাৰ কৰা হয় মাকৰ পৰা বিচ্ছিন্ন হোৱা প্ৰায় দুবছৰীয়া এটা গঁড়ৰ পোৱালি ৷

Kaziranga National Park
কাজিৰঙাত মাকৰ পৰা বিচ্ছিন্ন হোৱা গঁড়ৰ পোৱালি উদ্ধাৰ (ETV Bharat Assam)

কাজিৰঙা, 4 জুলাই : বুধবাৰে বিয়লি কাজিৰঙাৰ বাগৰিৰ পৰা উদ্ধাৰ কৰা হয় বানত মাকৰ পৰা বিচ্ছিন্ন হোৱা এটা গঁড়ৰ পোৱালি ৷ বাগৰি বনাঞ্চলৰ পানী-যুৱলিত লাগি থকা অৱস্থাত গঁড়ৰ পোৱালিটোক প্ৰত্যক্ষ কৰে বন বিভাগৰ লোকে ৷ তাৰ পাচতে প্ৰায় দুঘণ্টাৰ অন্তত গঁড়ৰ পোৱালিটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় উদ্ধাৰকাৰী দলটোৱে ৷

ৰাজ্যত বানৰ প্ৰলয় (ETV Bharat Assam)

পূব অসম বন্যপ্ৰাণী প্ৰাধিকাৰী অৰুণ ভিগনেছে জনোৱা অনুসৰি, বুধবাৰে বিয়লি বনকৰ্মীসকলে গঁড় পোৱালিটো পানী-যুৱলিত লাগি থকা দেখা পায় ৷ লগে লগে তেওঁলোকৰ শীৰ্ষ কৰ্তৃপক্ষক খবৰ দিয়ে ৷ খবৰ লাভ কৰাৰ পাচতে বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ চিকিৎসকৰ দল ঘটনাস্থলীত উপস্থিত হৈ প্ৰায় দুঘণ্টাৰ অন্তত গঁড় পোৱালিটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ গঁড়ৰ পোৱালিটোৰ বয়স প্ৰায় দুবছৰ বুলি অনুমান কৰিছে বনকৰ্মী দলটোৱে ৷

বনবিষয়াগৰাকীয়ে লগতে জনোৱা মতে, পানীৰ মাজত আৱদ্ধ হৈ থকা গঁড় পোৱালিটোক খেদি খেদি বামলৈ অনা হয় ৷ তাৰ পাচতে ট্ৰেংকুইলাইজ কৰি উদ্ধাৰ কৰা হয় গঁড়ৰ পোৱালিটো ৷ ইয়াৰ পাচতেই গঁড় পোৱালিটোক কাজিৰঙাৰ পাণবাৰীস্থিত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰলৈ চিকিৎসাৰ বাবে নিয়া হয় ৷

লগতে পঢ়ক :দিক-বিদিক হেৰুৱাইছে অবোধ জীৱ-জন্তুৱে : পানী বাঢ়িয়েই আছে কাজিৰঙাত - ASSAM FLOOD 2024

ইপিনে, বুধবাৰে দিনৰ ভাগত কাজিৰঙাৰ হালধিবাৰীৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ এটা গঁড়ে কাৰ্বি পাহাৰত আশ্ৰয় লয় বুলি প্ৰত্যক্ষদৰ্শীয়ে উল্লেখ কৰিছে ৷ সমান্তৰালভাৱে বানৰ পৰা বাচিবলৈ এটা বাঘেও কাৰ্বি আংলঙত আশ্ৰয় লৈছে বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, বিগত তিনিটা দিনৰ পাচত বুধবাৰে কিছু স্থিৰ হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানৰ জলস্তৰ ৷ বুধবাৰে বিয়লি পৰ্যন্ত বনবিভাগৰ তথ্য অনুসৰি 170 টাতকৈ অধিক বনশিবিৰ এলেকা বাঢ়নী পানীত বুৰ গৈছে ৷ ইয়াৰ বিপৰীতে স্থানান্তৰ কৰা বনশিবিৰৰ সংখ্যা 9 টালৈ বৃদ্ধি পাইছে ৷

লগতে পঢ়ক :প্ৰলয়ৰে সহাৱস্থান ৰাজ্যৰ লাখ লাখ জনতাৰ : প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ ভিন্ন স্থানত - Assam Flood 2024

আনহাতে, বিগত তিনি দিনত কাজিৰঙাৰ বিভিন্ন এলেকাৰ পৰা অৰ্ধ শতাধিক বন্যপ্ৰাণী উদ্ধাৰ কৰা হৈছে ৷ বানৰ কবলত পৰি বিভিন্ন বন্যপ্ৰাণীয়ে উৱাদিহ হেৰুৱাইছে ৷ আনকি উদ্যানৰ দক্ষিণ দিশে ওখ আশ্ৰয়ৰ সন্ধানত দিহিঙে-দিপাঙে জীৱ-জন্তুবোৰে ভ্ৰমি ফুৰাৰ খবৰো লাভ কৰা হৈছে ৷

ইফালে বুধবাৰে দিনৰ ভাগত কাজিৰঙাৰ কঁহৰা বনাঞ্চলৰ দক্ষিণে থকা হালধিবাৰী বুঢ়ী মাই মন্দিৰৰ সন্মুখৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰিব বিচৰা সময়তে বন বিভাগে প্ৰত্যক্ষ কৰে আন এটা গঁড় ৷ পানীৰ পৰা উঠি আহি ঘাইপথত কিছু সময় ইফাল-সিফাল কৰি অৱশেষত কাৰ্বি আংলঙৰ পাহাৰাঞ্চলৰ এটা হোলাত আশ্ৰয় লয় গঁড়টোৱে ৷

উক্ত এলেকাটোৰ তত্বাৱধানত থকা বনবিষয়া প্ৰহ্লাদ ক্ৰ’ই জনোৱা মতে, গঁড়টোৰ সুৰক্ষাৰ বাবে বনকৰ্মীসকলে পহৰাৰ ব্যৱস্থা কৰিছে ৷ ইফালে, বানৰ মাজতে বুধবাৰে কাজিৰঙাৰ লুখুৰাখন গাঁৱৰ প্ৰমেশ মূড়া (25) নামৰ এজন যুৱকে গৰুৰ কাৰণে খেৰৰ মেজিৰ পৰা খেৰ আনিবলৈ যাওতে নাৱৰ পৰা পৰি নিখোজ হয় ৷ SDRF ৰ তৰফৰ পৰা বিচাৰ-খোচাৰ কৰা হয় যদিও সন্ধিয়া পৰ্যন্ত উদ্ধাৰ হোৱা নাই ৷

লগতে পঢ়ক :বানত দিক বিদিক হেৰুৱাই জনাঞ্চলত বনৰজাস : বিহালীত বাঘে টানি নিলে এজনক, নগাঁৱত 163 ধাৰা জাৰি - Assam Flood 2024

ABOUT THE AUTHOR

...view details