মৰাণ, ৩১ জুলাই:বনৰীয়া ঘোঁৰাই সৌন্দৰ্য বৃদ্ধি কৰিছে জৈৱ বৈচিত্ৰ্যৰে সমৃদ্ধ ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত । কিন্তু প্ৰতিবছৰে ভয়ংকৰ বানৰ কবলত পৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ জৈৱ বৈচিত্ৰ্য ধ্বংস হোৱাৰ লগতে প্ৰাণ গৈছে শ শ বিভিন্ন জীৱকুলৰ । এইবাৰো বানৰ কবলত পৰিল তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত অৱস্থিত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন । বানত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা ওলাই অহা ঘোঁৰা সমূহ ডিব্ৰুগড়ৰ বগীবিলত আবদ্ধ হৈ পৰাত দেখা দিছে খাদ্য় সংকটে ।
বানত উটিল শতাধিক বনৰীয়া ঘোঁৰা :
এইবাৰ বানৰ পাছতে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ব্ৰহ্মপুত্ৰৰে উটি আহিছে শতাধিক বনৰীয়া ঘোঁৰা । ডিব্ৰুগড়ৰ বগীবিলত আবদ্ধ হৈছে এই ঘোঁৰা সমূহ । খাদ্যৰ অভাৱত বোকা-পলসত লাগি ধৰি মৃত্যুৰে যুঁজিছে কেইবাটাও ঘোঁৰাই । বগীবিলৰ চাপৰিত বোকা-পলসত আবদ্ধ বহু ঘোঁৰাক অঞ্চলটোৰ ৰাইজে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । বহুকেইটাৰ স্বাস্থ্য দুৰ্বল হোৱাত উদ্ধাৰৰ বাবে সমস্যাত পৰিছে ৰাইজ । এই সম্পৰ্কত বন বিভাগক খবৰ দিয়াৰ পাছতো বিভাগটোৱে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে ।
জীৱকুলৰ আশ্ৰয়ৰ বাবে নাই ওখ স্থান :