চামগুৰি/কলিয়াবৰ, ৬ আগষ্ট : ৰাজ্য়ত হাতী-মানুহৰ সংঘাত অব্য়াহত । ৰাজ্য়ৰ আন ঠাইৰ লগতে চামগুৰি মাজৰআটিত বন্যহস্তীৰ উপদ্ৰৱত কৃষক ৰাইজে বিনীদ্ৰ ৰজনী কটাবলগীয়া হৈছে । দিনে-নিশাই এতিয়া চামগুৰিত চলিছে বন্যহস্তীৰ উপদ্ৰৱ । চামগুৰিৰ মাজৰআটিৰ সমীপৰ এখন বাঁহনিত বিগত কিছুদিন ধৰি অৱস্থান কৰিছে ৫/৬ টাকৈ বন্যহস্তী থকা এটা জাকে ।
খাদ্যৰ সন্ধানত বনৰীয়া হাতীকেইটা বাঁহনিখনৰ পৰা দিনৰ ভাগতো ওলাই আহি অঞ্চলটোত কৰে মুক্ত বিচৰণ । যাৰ বাবে এতিয়া অতিশয় শংকিত গাঁওখনৰ সৰ্বসাধাৰণ ৰাইজ । ইফালে,সন্ধিয়া নামিলেই বন্যহস্তী কেইটাই ঢাপলি মেলে নিকটৱৰ্তী হাঁহচৰা-বৰালিগাঁৱৰ পথাৰলৈ । নতুনকৈ খেতি আৰম্ভ কৰা পথাৰখনত নিশাৰ ভাগত বন্যহস্তীয়ে উপদ্ৰৱ চলোৱাৰ আশংকাত চিন্তান্বিত হৈছে কৃষক ৰাইজ ।
কেৱল আতচবাজী কেইটামানৰ ওপৰতেই নিৰ্ভৰ কৰি হাতী খেদিবলৈ অহা বন বিভাগো এতিয়া নিৰুপায় । বনকৰ্মীসকলে যিমান খেদিলেও নিশাটোৰ ভিতৰতেই হাতীকেইটা পুনৰ উভতি আহে বাঁহনিখনলৈ । বন্যহস্তীৰ দ্বাৰা সৃষ্ট এই সমস্যাটোৰ বাবে কেৱল খালি হাতেৰে অসহায় দৃষ্টিৰে অনাকাংক্ষিত বিপদৰ ক্ষণ গণিবলৈ বাধ্য হৈছে মাজৰআটি,হাঁহচৰা-বৰালিগাঁৱকে ধৰি বৃহত্তৰ অঞ্চলটোৰ ভুক্তভোগী ৰাইজে ।
কলিয়াবৰত পুনৰ বনৰীয়া হাতীৰ উপদ্ৰৱ :