অসম

assam

নিশা মহানগৰীৰ ৰাজপথতেই বন্য়হস্তীৰ তয়াময়া যুঁজ - WILD ELEPHANT MENACE

By ETV Bharat Assamese Team

Published : Aug 26, 2024, 2:29 PM IST

Amchang Wildlife Sanctuary :সাতগাঁৱত পুনৰ বনৰীয়া হাতীৰ মুক্ত বিচৰণ ৷ আমচাং অভয়াৰণ্যৰ পৰা ওলাই অহা দুটাকৈ বনৰীয়া হাতীয়ে সাতগাঁৱৰ বজাৰত প্ৰৱেশ কৰি ত্ৰাসৰ সৃষ্টি কৰিছে ৷

Amchang Wildlife Sanctuary
সাতগাঁৱত পুনৰ বনৰীয়া হাতীৰ মুক্ত বিচৰণ (ETV Bharat Assam)

গুৱাহাটী, ২৬ আগষ্ট:ৰাজ্য়ত হাতী-মানুহৰ সংঘাত অব্য়াহত । বনাঞ্চল সংকুচিত হ'বলৈ ধৰাত হস্তীদণ্ডী নোহোৱা হোৱাত জনাঞ্চললৈ ঢাপলি মেলিছে বন্য়হস্তীয়ে । বন্য়হস্তীৰ উপদ্ৰৱৰ পৰা বাদ পৰি যোৱা নাই চহৰৰ লগতে গুৱাহাটী মহানগৰীও । ইয়াৰ মাজতেই মহানগৰীৰ ৰাজপথতে দুটা বনৰীয়া হাতীৰ মাজত চলে তয়াময়া যুঁজ ৷ ইয়াকে লৈ আতংকিত হৈ পৰিছে মহানগৰবাসী ।

সাতগাঁৱত পুনৰ বনৰীয়া হাতীৰ মুক্ত বিচৰণ (ETV Bharat Assam)

ৰাজপথতে চলে তয়াময়া যুঁজ :

যোৱা দেওবাৰে নিশা আমচাং অভয়াৰণ্যৰ পৰা ওলাই অহা দুটা বনৰীয়া হাতীৰ মাজত সাতগাঁৱৰ ৰাজপথতে চলে তয়াময়া যুঁজ । স্বাভাৱিকতে বনৰীয়া হাতী দুটাৰ এনে অতৰ্কিত যুজঁ-বাগৰৰ ফলতেই স্তব্ধ হৈ পৰে নিশাৰ ৰাজপথ । বহু সময় ধৰি নাৰেংগী-সংযোগী পথত আৱদ্ধ হৈ পৰে যানবাহন।

হাতী দুটাৰ এনে যুজঁ বাগৰ চাবলৈ সমাগম ঘটে বহু লোকৰ । তদুপৰি উক্ত পথৰে অহা-যোৱা কৰা সাধৰণ নাগৰিককো সতৰ্ক কৰি দিবলৈ বাধ্য হয় যান-বাহন আৰক্ষীয়ে । পিছত স্থানীয় লোকৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত উপস্থিত হোৱা বন বিভাগৰ দলে বনৰীয়া হাতী দুটাক কোনোমতে সেই স্থানৰ পৰা আমচাং অভয়াৰণ্যৰ পিনে খেদি পঠিয়াবলৈ সক্ষম হয় । অৱশ্যে বনৰীয়া হাতী দুটাই কোনো লোকক আক্ৰমণ নতুবা অঞ্চটোত কোনো অনিষ্ট সাধন কৰা নাই ।

সাতগাঁৱৰ বজাৰত ত্ৰাস:

আমচাং অভয়াৰণ্যৰ পৰা ওলাই অহা এই দুটা বনৰীয়া হাতীয়ে প্ৰথমে সাতগাঁৱৰ বজাৰত প্ৰৱেশ কৰি ত্ৰাসৰ সৃষ্টি কৰে ৷ খাদ্যৰ সন্ধানত আমচাং অভয়াৰণ্যৰ ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰা বন্যহস্তী দুটাই সাতগাঁও বজাৰৰ পথৰ দাঁতিত ৰখাই থোৱা এখন বাইক, চাইকেলৰ ওপৰতো আক্ৰমণ চলায় । আনকি বন্যহস্তী দুটাই সাতগাঁৱৰ পৰা নাৰেংগী অভিমুখে আহি থকা এখন চাৰিচকীয়া বাহন আগচি ধৰে ।

লগতে পঢ়ক:বন্যহস্তীৰ উপদ্ৰৱ: আতচবাজী ফুটাই দায়িত্ব সামৰিছে বন বিভাগে - WILD ELEPHANT MENACE

সেনা ছাউনিৰ কৃত্ৰিম বানত ককবকাইছে আমচাঙৰ বন্যহস্তীয়ে - Guwahati Flash Flood

আজি বিশ্ব হস্তী দিৱস: নুমলীগড়ত অব্যাহত আছে হাতী-মানুহৰ সংঘাত - wild elephants terror in Numaligarh

ABOUT THE AUTHOR

...view details